ETV Bharat / state

Massive soil erosion in Dibrugarh town: পেইনকিলাৰৰ পৰিৱৰ্তে স্থায়ী সমাধানৰ দাবী অজাপ সভাপতিৰ

author img

By

Published : Mar 8, 2023, 12:17 PM IST

ডিব্ৰুগড় চহৰৰ ভয়ংকৰ খহনীয়াস্থলী পৰিদৰ্শন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ৷ এই প্ৰসংগত চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ৷ চৰকাৰক পেইনকিলাৰৰ পৰিৱৰ্তে স্থায়ী সমাধানৰ দাবী অজাপ সভাপতিৰ (Lurinjyoti Gogoi criticized govt over Dibrugarh erosion) ৷

AJP president at landslide site
চৰকাৰক তীক্ষ্ণ সমালোচনা অজাপ সভাপতিৰ

ডিব্ৰুগড়ৰ ভয়ংকৰ খহনীয়া পৰিদৰ্শন অজাপ সভাপতিৰ

ডিব্ৰুগড়, 8 মাৰ্চ : ডিব্ৰুগড় চহৰৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাত চৰম ব্যৰ্থ হৈছে চৰকাৰ ৷ এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । মংগলবাৰে চহৰখনৰ গৰাখহনীয়াস্থলীত উপস্থিত হৈ এই মন্তব্য আগবঢ়াই জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ সভাপতিগৰাকীয়ে কয় যে, কেইটামান মাহৰ পূৰ্বে জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰাজকীয়ভাৱে ডিব্ৰুগড়ত গৰাখহনীয়াৰ স্থান পৰিদৰ্শন কৰিছিল । কিন্তু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যিদৰে কাম আগবাঢ়িব লাগিছিল সেইয়া হৈ নুঠিল । ফলত খৰালি কালতো বৰলুইতৰ ভয়ংকৰ খহনীয়াক লৈ আতংকিত হৈ পৰিছে ডিব্ৰুগড় চহৰৰ ৰাইজ (Erosion of Brahmaputra river in Dibrugarh)।

চহৰখনত সংঘটিত ভয়ংকৰ গৰাখহনীয়া ৰোধ কৰিবলৈ এতিয়া জলসম্পদ বিভাগৰ বিষয়া, শ্ৰমিকসকলে দিনে নিশাই চেষ্টা চলাইছে । কিয়নো বৰলুইতৰ খহনীয়াই বিপদ আসন্ন কৰি তুলিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । দুদিন পূৰ্বে চহৰখনৰ কাছাৰীঘাটত হোৱা ভয়ংকৰ খহনীয়াত জাহ গৈছিল ৫০ মিটাৰৰো অধিক ভূমি । লগতে পানীয়ে উটুৱাই লৈ যায় জিঅ'বেগ । ইফালে চহৰখনৰ একমাত্ৰ সুৰক্ষা বান্ধটো আছে খহনীয়া হোৱা স্থানৰ পৰা মাত্ৰ 20 মিটাৰ দূৰত্বত । সুৰক্ষা বান্ধটো চিঙিলেই যিকোনো মুহূৰ্ততে ডিব্ৰুগড় চহৰলৈ ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰিব বুলি আশংকা প্ৰকাশ কৰিছে সচেতন মহলে (AJP president visit landslide site in Dibrugarh)

ভয়াৱহ খহনীয়া পৰিদৰ্শন কৰি চৰকাৰ-বিভাগীয় মন্ত্ৰীক সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । চৰকাৰে বিজ্ঞানসন্মত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হয় জাতীয় পৰিষদৰ সভাপতিগৰাকী । জিঅ'বেগ দি সাময়িক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি এইয়া মাত্ৰ পেইনকিলাৰহে বুলি কৈ লুৰিণজ্যোতি গগৈয়ে চৰকাৰক কৰিলে সমালোচনা (Lurinjyoti Gogoi criticized govt over Dibrugarh erosion) ।

ইয়াৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰক দাবী জনাই অজাপৰ সভাপতিগৰাকীয়ে ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেটত ডিব্ৰুগড়ৰ গৰাখহনীয়া সমস্যাক লৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰে । লগতে ডিব্ৰুগড়ৰ এই গৰাখহনীয়াৰ সমস্যা দীৰ্ঘদিনীয়া যদিও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এইদৰে ডিব্ৰুগড়ৰ ৰাইজ আজি আতংকৰ মাজেৰে জীৱন কটাব লগীয়াত পৰিছে বুলি কয় লুৰিণজ্যোতি গগৈয়ে (Mega geobag attempt to prevent floods in Dibrugarh) ।

লগতে পঢ়ক : Monkey menace at Kaliabor: কলিয়াবৰত হাতীৰ পিছত এইবাৰ বান্দৰৰ আতংক

উল্লেখযোগ্য যে, এই স্থানতে কেন্দ্ৰীয় চৰকাৰৰ কোটি টকীয়া এখন শিশু উদ্যানৰ নিৰ্মাণ কাৰ্যও চলি আছে‌ । উদ্যানৰ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াই উদ্বিগ্ন কৰি তুলিছে চহৰবাসীক । গংগা বিলাসেও ডিব্ৰুগড় চহৰৰ প্ৰতি অশনি সংকেত কঢ়িয়াই অনা বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে (Threat to Dibrugarh town) ৷

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.