ETV Bharat / state

Guwahati Double Murder: শংকৰী দে‘ৰ স্বামীৰ পৰিয়ালৰ সৈতে নাছিল কোনো সম্পৰ্ক

author img

By

Published : Feb 26, 2023, 5:30 PM IST

Guwahati Double Murder
বন্দনা কলিতাৰ নৃশংস কাণ্ডৰ ন ন তথ্য

প্ৰায় ১০/১২ বছৰ ধৰি স্বামীৰ পৰিয়ালৰ সৈতে কোনোধৰণৰ সম্পৰ্ক ৰখা নাছিল শংকৰী দে’ আৰু তেওঁৰ পুত্ৰই (Sankari Dey had no relationship with her husband family) ৷ সেই হেতুকে শংকৰী দে’ৰ বোৱাৰী বন্দনা কলিতায়ো শাহুৱেকৰ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ৰখা নাছিল ৷ সেয়ে বন্দনা কলিতাই 6/7 মাহ পূৰ্বে সংঘটিত কৰা সেই নাৰকীয় হত্যাকাণ্ডৰ বিষয়ে শংকৰী দে’ৰ স্বামীৰ পৰিয়ালৰ কোনো লোকে গম পোৱা নাছিল ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে শংকৰী দে’ৰ ভতিজাক সুবিৰ দে’য়ে ৷

শংকৰী দে‘ৰ ভতিজাক সুবিৰ দে’

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ নৃশংস কাণ্ডৰ তদন্তত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে (Brutal murder in Guwahati) । শংকৰী দে’ৰ স্বামীৰ পৰিয়ালৰ লগত নাছিল কোনো সম্পৰ্ক । শংকৰী দে’ৰ নুনমাটিৰ ফ্লেটৰ লগত আছে ভতিজাক সুবিৰ দে’ৰ দোকান । কিন্তু ভতিজাক সুবিৰ দে’ৰ লগত প্ৰায় ১০/১২ বছৰ পৰা কোনোধৰণৰ সম্পৰ্ক নাই শংকৰী দে’ৰ ।

তথ্য অনুসৰি, পূৰ্বতে ভতিজাক সুবিৰ দে’ক উলুবাৰীত এখন কাপোৰ দোকান খুলি চলাবলৈ দিছিল শংকৰী দে’য়ে । কিন্তু সময়মতে সুবিৰ দে’ক ধন নিদিয়াৰ বাবে তেওঁ উলুবাৰীৰ দোকানখন চলাবলৈ এৰি দিছিল । তেতিয়াৰ পৰাই ভতিজাকৰ সৈতে সম্পৰ্ক নাছিল শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ লগত । যদিহে পৰিয়ালৰ লোকৰ লগত সম্পৰ্ক থাকিলে হয়, তেন্তে শংকৰী দে’ আৰু অমৰজ্যোতি দে’ক হত্যা (Bandana Kalita Murder case) কৰিব নোৱাৰিলে হয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ভতিজাক সুবিৰ দে’য়ে ।

তেওঁ কয় যে অমৰজ্যোতি দে’ৰ পিতৃ প্ৰয়াত অমৰেশ চন্দ্ৰ দে’ৰ পাঁচজন ভাই-ককাই আছিল । অমৰেশ চন্দ্ৰ দে’ আছিল তিনি নম্বৰৰ সন্তান । কিন্তু অমৰেশ চন্দ্ৰ দে’ ঢুকুৱাৰ পিচত স্বামী পৰিয়ালৰ মাজত সু-সম্পৰ্ক ৰখা নাছিলে শংকৰী দে’য়ে (Sankari Dey had no relationship with her husband family) । আনকি শংকৰী দে’ৰ বোৱাৰী বন্দনায়ো শহুৱেকৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা নাছিল ৷

লগতে পঢ়ক : Guwahati Double Murder : বন্দনাৰ পৰা বিবাহৰ বাবে ২ লাখ টকা লৈছিল অৰূপ ডেকাই

লগতে সুবিৰে কয় যে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে’ থকা নাৰেংগীৰ অমৰাৱতী এপাৰ্টমেন্টলৈ ভাৰা সংগ্ৰহ কৰিবলৈ আহিছিল । ইপিনে গ্ৰেপ্তাৰ হোৱাৰ কিছুদিন পূৰ্বে অমৰাৱতী এপাৰ্টমেন্টত সত্যনাৰায়ণ পূজা কৰিছিল বন্দনাই । সেই পূজালৈ বন্দনা কলিতাই সুবিৰ দে’ক মাতিছিল যদিও পূজালৈ যোৱা নাছিল সুবিৰ ৷

উল্লেখ্য যে, বিগত ২৬ জুলাইত শাহুৱেক শংকৰী দে’ আৰু ১৭ আগষ্টত স্বামী অমৰজ্যোতি দে’ক নিশংসভাৱে হত্যা কৰিছিল বন্দনা আৰু তেওঁৰ দুই সহযোগীয়ে । যোৱা ২৯ আগষ্টত বন্দনা কলিতাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল । আৰক্ষীয়ে সন্ধানহীন হোৱা লোক দুজনৰ সন্ধান উলিয়াব পৰা নাছিল ।

আনহাতে, ২১ নৱেম্বৰত শংকৰী দে’ৰ ভতিজাক নিৰ্মাল্য দে’ই নুনমাটি থানাত আন এখন এজাহাৰ দি শংকৰী দে’ৰ একাউন্টৰ পৰা কোনো লোকে ধন উলিয়াই নিয়া কথা উল্লেখ কৰিছিল । ইপিনে ১৪ ফেব্ৰুৱাৰীত বন্দনা কলিতাই মহানগৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি স্বামী আৰু শাহুৱেকৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত নুনমাটি থানাই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছিল ।

ইয়াৰ পিচতে আৰক্ষীৰ অনুসন্ধানত সমগ্ৰ ঘটনা পোহৰলৈ আহে । বৰ্তমানো আৰক্ষীয়ে চলাই আছে সমগ্ৰ ঘটনাৰ তদন্ত ৷

লগতে পঢ়ক : Guwahati Double Murder: অমৰজ্যোতিৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা; ৰচিছিল সম্পত্তিৰ গৰাকী হোৱাৰ অভিসন্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.