ETV Bharat / state

APDCL কেলেংকাৰীৰ অভিযুক্ত আতাউৰ ৰহমানক গ্ৰেপ্তাৰ

author img

By

Published : Sep 27, 2021, 9:19 PM IST

কেলেংকাৰীৰ অন্যতম অভিযুক্ত আতাউৰ ৰহমানক গ্ৰেপ্তাৰ ৷ বিশেষ ন্যায়াধীশে আতাউৰ ৰহমানক ৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷ সোমবাৰে পলাতক আতাউৰে CM ভিজিলেঞ্চত আত্মসমৰ্পণ কৰে ।

apdcl scam
APDCLৰ কেলেংকাৰিত অভিযুক্ত আতাউৰ ৰহমানক গ্ৰেপ্তাৰ

গুৱাহাটী , 27 ছেপ্টেম্বৰ : এপিডিচিএল(Assam Power Distribution Company Limited)ৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত আতাউৰ ৰহমানক গ্ৰেপ্তাৰ । CM ভিজিলেন্সে ইতিমধ্যে আতাউৰক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰিছে ৷ পূৰ্বে গ্ৰেপ্তাৰ হোৱা দীপাংকৰ দিহিঙীয়াসহ অন্য় দহ অভিযুক্তকো আদালতত হাজিৰ কৰা হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, আদালতে ৬ অভিযুক্তক ৫ দিনৰ আৰক্ষী জিম্মাত দিছে ৷ মুখ্যমন্ত্ৰী তদাৰকী কোষে আটাইকেইজন অভিযুক্তাক ৫ দিনৰ জিম্মাত বিচাৰিছিল । সেই অনুসৰি, বিশেষ ন্যায়াধীশে আতাউৰ ৰহমানকো ৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷ সোমবাৰে পলাতক আতাউৰে CM ভিজিলেঞ্চত আত্মসমৰ্পণ কৰে ।

লগতে পঢ়ক : বিজুলী ভৱনত ঢেৰেকনি : থৰকাচুটি হেৰাইছে বহুজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.