ETV Bharat / state

Assamese in IGNOU: বিশ্বৰ যিকোনো প্রান্তৰ লোকে অসমীয়া বিষয়ত ল’ব পাৰিব স্নাতক ডিগ্রী

author img

By

Published : Oct 20, 2022, 12:57 PM IST

ইগন'ৰ (IGGNOU) ঐতিহাসিক পদক্ষেপ । এতিয়াৰ পৰা বিশ্বৰ যিকোনো প্রান্তৰ লোকে অসমীয়া বিষয়ত ল’ব পাৰিব স্নাতক ডিগ্রী । আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দেশৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় ইগন'ই চলিত বৰ্ষৰ পৰা ভাৰতৰ আন কেইবাটাও ভাষাৰ লগতে স্নাতক পর্যায়ত অসমীয়া ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে । চলিত বৰ্ষৰ বাবে নামভর্তি আৰম্ভ হৈছে আৰু বৰ্ষটোত ইগন’ৰ পৰা ১৬২জন শিক্ষাৰ্থীয়ে অসমীয়া বিষয়ক নিজৰ নিৰ্বাচিত বিষয় হিচাপে লৈ স্নাতক শ্রেণীত নামভর্তি কৰিছে ।

l
k

গুৱাহাটী,২০ অক্টোবৰ: অসমবাসীৰ বাবে ভাল খবৰ । এতিয়াৰ পৰা বিশ্বৰ যিকোনো প্রান্তৰ পৰাই অসমীয়াক এটা বিষয় হিচাপে লৈ স্নাতক শিক্ষা গ্ৰহণ কৰাৰ পথ প্রশস্ত হ'ল । আন্তঃৰাষ্ট্ৰীয় বিদ্যায়তনিক ক্ষেত্ৰখনত অসমীয়া বিষয়ৰ অন্তৰ্ভুক্তিৰে এই সু-খবৰ কঢ়িয়াই আনিছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (Indira Gandhi National Open University) চমুকৈ ইগন’ই । ইগন’ৰ এই পদক্ষেপ সমগ্ৰ অসমীয়া ভাষা-সাহিত্যকে বিদ্যায়তনিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ ৰূপে পৰিগণিত হৈছে (IGNOU starts Assamese course at) ।

Assamese in IGNOU
আন্তঃৰাষ্ট্ৰীয় বিদ্যায়তনিক ক্ষেত্ৰত অন্তৰ্ভুক্ত অসমীয়া

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দেশৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় ইগন'ই চলিত বৰ্ষৰ পৰা ভাৰতৰ আন কেইবাটাও ভাষাৰ লগতে স্নাতক পর্যায়ত অসমীয়া ভাষাৰ পাঠ্যক্ৰম ( Assamese language course at UG level in IGNOU) আৰম্ভ কৰিছে । ইগন 'ই মূলতঃ আধুনিক ভাৰতীয় ভাষাৰ (Modern Indian Languages) এটা বিষয় হিচাপে অসমীয়া ভাষা-সাহিত্যৰ পাঠ্যক্ৰম মুকলি কৰাৰ পিছত বিশ্বৰ যিকোনো প্ৰান্তৰ পৰাই অসমীয়া বিষয়ক এম আই এল (MIL) বিষয় হিচাপে লৈ স্নাতক শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ হ'ল ।

Assamese in IGNOU
আন্তঃৰাষ্ট্ৰীয় বিদ্যায়তনিক ক্ষেত্ৰত অন্তৰ্ভুক্ত অসমীয়া

উল্লেখ্য় যে বর্তমানে দিল্লী বিশ্ববিদ্যালয়ৰ (University of Delhi) আধুনিক ভাৰতীয় ভাষা আৰু ভাষা অধ্যয়ন বিভাগ (Department of MIL and Language Studies at DU) তথা কলকাতাৰ বিশ্ব ভাৰতীৰ আধুনিক ভাৰতীয় ভাষা বিভাগত (Department of MILs of Visva Bharati Kolkata) অসমীয়া বিষয়টো এটা বিষয় হিচাপে অন্তর্ভুক্ত হৈ আছে । কিন্তু এই দুয়োখন উচ্চ শিক্ষানুষ্ঠানত মুখ্যতঃ অসমীয়া গৱেষণাৰহে বিষয় । ইয়াৰ বাহিৰে অসমৰ বাহিৰত দেশৰ কোনো বিশ্ববিদ্যালয়তে অসমীয়া বিষয়টো অধ্যয়নীয় বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

Assamese in IGNOU
আন্তঃৰাষ্ট্ৰীয় বিদ্যায়তনিক ক্ষেত্ৰত অন্তৰ্ভুক্ত অসমীয়া

লক্ষণীয় যে ইগন'ই অসমীয়া ভাষা অন্তৰ্ভুক্ত কৰাৰ পাছত মুক্ত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে ১৮টা বিষয়ত আধুনিক ভাৰতীয় ভাষাৰ (MIL) বিষয় হিচাপে গ্ৰহণ কৰাৰ বাট মুকলি হ'ল । ইতিমধ্যে চলিত বৰ্ষৰ বাবে নামভর্তি আৰম্ভ হৈছে আৰু বৰ্ষটোত ইগন’ৰ পৰা ১৬২জন শিক্ষাৰ্থীয়ে অসমীয়া বিষয়ক নিজৰ নিৰ্বাচিত বিষয় হিচাপে লৈ স্নাতক শ্রেণীত নামভর্তি কৰিছে । ইগন'ৰ এই পদক্ষেপৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ মানৱিক অধ্যয়ন স্কুলৰ তদানীন্তন গুৰু মালতী মাথুৰে (Guru Malati Mathur) অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

আনহাতে,এই পাঠ্যক্ৰমৰ বিষয় বিশেষজ্ঞ তথা শিকন পাঠ প্রস্তুতকৰণৰ সম্পাদক হিচাপে আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক (Prof Department of Assamese Dibrugarh University) ড৹ সত্যকাম বৰঠাকুৰ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু ভাষা অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপক ড° ৰত্নোত্তমা দাস ।

Assamese in IGNOU
আন্তঃৰাষ্ট্ৰীয় বিদ্যায়তনিক ক্ষেত্ৰত অন্তৰ্ভুক্ত অসমীয়া

শিকন পাঠ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° অৰ্পণা কোঁৱৰ, বিশ্বভাৰতীৰ অধ্যাপিকা ড° সংগীতা শ‍ইকীয়া, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধাপিকা ড৹ জ্যোতিৰেখা হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) অধ্যাপক ড° বিমল মজুমদাৰ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বতন্ত্র) North Lakhimpur College (Autonomous) অধ্যাপক ড৹ অৰবিন্দ ৰাজখোৱা, নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ (Anandram Dhekial Phukan College in Nagaon) অধ্যাপক ড৹ মিলন নেওগ, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড৹ জুৰি দত্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড৹ অনুৰাধা শৰ্মাৰ লগতে দুয়োগৰাকী সম্পাদকে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । ইগন'ৰ এই পদক্ষেপ নিশ্চয়কৈ অসমীয়া ভাষাৰ বাবে অতিকৈ ভাল খবৰ ।

লগতে পঢ়ক:TMC leader arrested in Baksa: গ্ৰেপ্তাৰ হ’ল অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকা ৰ্ম ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.