ETV Bharat / state

কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ৰঙাটাপু-১৯৮২

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:23 PM IST

বুৰঞ্জীৰ বুকুত থকা এটা কলা অধ্যায়ক সামৰি আহি আছে অসমীয়া ছবি "ৰঙাটাপু ১৯৮২"। কাইলৈ ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি ৰঙাটাপু ১৯৮২ য়ে ৷

assamese movie rangatapu 1982 will release tomorrow
ৰঙাটাপু ১৯৮২

ৰঙাটাপু ১৯৮২ ৰ প্ৰীমীয়াৰ শ্ব’।

গুৱাহাটী, 22 নৱেম্বৰ : অসমীয়া ছবিপ্ৰেমীসকলৰ বাবে ভাল খবৰ । শুকুৰবাৰে ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতেই মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি "ৰঙাটাপু ১৯৮২" য়ে । মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে অনুৰাধা ছবিগৃহত অনুষ্ঠিত কৰা হয় ছবিখনৰ প্ৰীমিয়াৰ শ্ব’ । প্ৰীমিয়াৰ শ্ব’ত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি অসমীয়া ছবি জগতৰ বহু শিল্পীৰ লগতে ছবিখনৰ কলা-কুশলীকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

বিশাল ব্ৰহ্মপুত্ৰৰ এটা সৰু চাপৰিৰ কাষৰীয়া অঞ্চলত ৮০ ৰ দশকত বহিৰাগত লোকসকলৰ সৈতে হোৱা থলুৱা খিলঞ্জীয়া সংগ্ৰামক সামৰি এটা সঁচা কাহিনীৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে এই ৰঙাটাপু ১৯৮২ শীৰ্ষক ছবিখন । ৰঙাটাপু ১৯৮২ ছবিখনত চাৰিগৰাকী নাৰীৰ ধৈৰ্য, সহ্য আৰু সংগ্ৰামৰ জীৱন উপস্থাপন কৰা হৈছে । উল্লেখযোগ্য যে, ৮০ ৰ দশকত ৰাজ্যৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰা সন্দেহযুক্ত লোক আৰু স্থানীয় খিলঞ্জীয়া লোকৰ মাজত সঘনাই সংঘৰ্ষৰ সৃষ্টি হৈছিল । তাকেই দৰ্শকৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস চলাইছে পৰিচালকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিআৰচি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা অসমীয়া ছবি "ৰঙাটাপু ১৯৮২" ৰ পৰিচালনা আদিত্যম শইকীয়াৰ । আনহাতে ছবিখন প্ৰযোজনা কৰিছে অৰুণ কুমাৰ ৰয় আৰু অজয় কুমাৰ ৰয়ে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস আৰু অভিনেতা গুঞ্জন ভৰদ্বাজে । আনহাতে আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, আলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখন উপভোগ কৰি ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, ‘অসমত হৈ থকা কাহিনী । ছবিখন চাই ভাল লাগিল । আদিত্যম শইকীয়াই বহুত ভাল কাম কৰিছে । অসমৰ সাম্প্ৰতিক পৰিৱেশৰ ওপৰত এনে এখন ছবি নিৰ্মাণ কৰাৰ বাবে অৰুণ ৰয়ক ধন্যবাদ জ্ঞাপন কৰিছো’ । সকলোকে ছবিখন চাবলৈ আহ্বান মন্ত্ৰীজনৰ । ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক : Rongatapu 1982: শীঘ্ৰেই আহি আছে সত্য ঘটনাৰ আলমত নিৰ্মিত অসমীয়া ছবি ৰঙাটাপু 1982

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.