ETV Bharat / state

New Assamese film : শুকুৰবাৰে মুক্তি পাব নতুন অসমীয়া ছবি 'মোৰ শেষ গান'

author img

By

Published : Oct 13, 2022, 4:57 PM IST

Updated : Oct 13, 2022, 5:11 PM IST

New Assamese film
শুকুৰবাৰে মুক্তি পাব নতুন অসমীয়া ছবি মোৰ শেষ গান

গুৱাহাটী প্ৰেছ ক্লাৱত 'মোৰ শেষ গান' ছবিখনৰ প্ৰযোজক-পৰিচালকৰ সংবাদমেল (Assamese film Mor Sesh Gaan)। ছবিখনৰ মূল কাহিনীটো এনে এজন মানুহৰ, যি ২৫ বছৰ ধৰি অসমৰ বাহিৰত থাকে কিন্তু অসমলৈ এবাৰলৈ অহা নাই । বাস্তৱধৰ্মী ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্তই ।

গুৱাহাটী,১৩ অক্টোবৰ : নতুন অসমীয়া ছবি 'মোৰ শেষ গান' শুকুৰবাৰে ৰাজ্যৰ সকলো ছবিঘৰতে মুক্তি দিয়া হ'ব (Mor sesh gaan to be released on friday)। তাৰ প্ৰাকক্ষণত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে ছবিখনৰ প্ৰয়োজক বিজয় দুৱৰা আৰু পৰিচালক প্ৰবাল বৰুৱাই । ছবিখনক লৈ বিশেষভাৱে আশাবাদী পৰিচালক আৰু প্ৰযোজক ।

শুকুৰবাৰে মুক্তি পাব নতুন অসমীয়া ছবি 'মোৰ শেষ গান'

'মোৰ শেষ গান' ছবিখনৰ (Assamese film Mor Sesh Gaan) মূল কাহিনীটো এনে এজন মানুহৰ, যি ২৫ বছৰ ধৰি অসমৰ বাহিৰত থাকে কিন্তু অসমলৈ এবাৰলৈ অহা নাই । অসমলৈ অহাৰ বাবে মানুহজনৰ কিন্তু দুৰ্বাৰ হেঁপাহ । মুম্বাইত থাকিবলৈ লোৱা মানুহজনৰ পুতেক মুম্বাইতে ডাঙৰ হৈছে । হেঁপাহৰ অসমখনলৈ মানুহজন যাব পাৰিবনে ? পুতেকে বাৰু অসমত কি বিচাৰি পাব ?

এনে বহুকেইটা সাঁথৰৰ উত্তৰ আছে এই ছবিখনৰ কাহিনীত । লগতে আছে মৰম, ভালপোৱা, প্ৰতাৰণা, পাৰিবাৰিক আৰু সামাজিক দ্বেষ আৰু সংঘৰ্ষৰ কথা । বাস্তৱধৰ্মী ছবিখনৰ কাহিনী সকলো মানুহৰে বাবে । ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু পৰিচালনা প্ৰবাল বৰুৱাৰ । সংলাপ আৰু গীত লিখাৰ উপৰিও প্রযোজনা কৰিছে বিজয় দুৱৰাই ।

সংগীত অজয় সিংহৰ । শব্দ ব্যৱস্থাপনা দেবজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ । মুম্বাইৰ প্ৰতিষ্ঠিত লোকৰ দ্বাৰা ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখনৰ সহ প্রযোজক প্রিয়ঙ্কা বৰুৱা । অভিনয়ত আছে অসমৰ ন-পুৰণি বহুতো শিল্পী । সুপ্রতিষ্ঠিত শিল্পী অৰুণ নাথ আৰু মৃদুলা বৰুৱা আছে দুটা অতি গুৰুত্বপূৰ্ণ ভূমিকাত ।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্তই । ছবিখনৰ শীর্ষ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে । সংবাদমেলত অভিনেত্রী সৃজনী ভাস্ব মহন্তৰ উপৰিও ভালেসংখ্যক কলা-কুশলী আৰু শিল্পী উপস্থিত আছিল ।

সংবাদমেলত প্ৰযোজক আৰু পৰিচালক লগতে সকলো কলা-কুশলীয়ে অসমৰ ৰাইজক ছবি চাবলৈ আহ্বান জনাইছে । অৱশ্যে ৰাইজে ছবিখনৰ প্ৰতি কেনেধৰণৰ সঁহাৰি দিয়ে সেয়া মুক্তিৰ পাছত হে গম পোৱা যাব ।

লগতে পঢ়ক:Tejaswita Baruah dead : অৱশেষত সাক্ষ্য দিবলৈ আগবাঢ়ি আহিল মাজুলী আছু

Last Updated :Oct 13, 2022, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.