ETV Bharat / state

Tejaswita Baruah dead : অৱশেষত সাক্ষ্য দিবলৈ আগবাঢ়ি আহিল মাজুলী আছু

author img

By

Published : Oct 13, 2022, 4:03 PM IST

Majuli
অৱশেষত সাক্ষ্য দিবলৈ আগবাঢ়ি আহিল মাজুলী আছু

তেজস্বিতাৰ মৃত্যুৰ ঘটনাৰ সাক্ষ্য দিবলৈ কোনো লোক বা দল-সংগঠন ওলাই অহা নাছিল । যাৰ বাবে সাক্ষ্য গ্রহণৰ সময়সীমা ১৯ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছিল । অৱশেষত আছুৱে তেজস্বিতাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ওলাই আহিল (AASU demands justice for Tejaswitas family)। বৃহস্পতিবাৰে মাজুলী আছু উপায়ুক্তৰ কাৰ্যালয়ত সাক্ষ্য প্ৰদান কৰে ।

মাজুলী,১৩ অক্টোবৰ : মাজুলীৰ প্ৰতিভাৱান ছাত্ৰী তথা কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ খবৰ আপুনি নিশ্চয় জানে (Majuli Tejaswita death)। যোৱা ৫ অক্টোবৰত অকাল মৃত্যুক সাৱটি লৈছিল মাজুলীৰ উদীয়মান কণ্ঠশিল্পীগৰাকীয়ে । গাৱঁৰ নামঘৰত বৰগীত পৰিৱেশনৰ বাবে যোৱা তেজস্বিতা নামঘৰতেই অসুস্থ হৈ পৰিছিল ।

অৱশেষত সাক্ষ্য দিবলৈ আগবাঢ়ি আহিল মাজুলী আছু

পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে মাজুলী জিলা চিকিৎসালয়লৈ লৈ গৈছিল কণমানি কণ্ঠশিল্পীগৰাকীক । গড়মূৰৰ জিলা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়তে সন্ধিয়া মৃত্যু হয় তেজস্বিতাৰ । তেজস্বিতাৰ মৃত্যুৰ পাছতে চিকিৎসালয়খনত অক্সিজেনৰ অভাৱ হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছিল । পৰিয়ালৰ লগতে একাংশ স্থানীয় লোকেও একেই অভিযোগ আনিছিল ।

লগে লগে বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰে । সমগ্ৰ মাজুলীতে বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (Tejaswita death controversy)। হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিভিন্নজনে দাবী উত্থাপন কৰে । বিভিন্ন সংগঠনে আনকি চৰকাৰ তথা স্বাস্থ্য বিভাগক তীব্ৰ সমালোচনাও কৰে । ইফালে সামাজিক মাধ্যমতো বিষয়টো ব্যাপক চৰ্চা হয় ।

পৰৱৰ্তী সময়ত তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনাটোক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হয় (Probe on Tejaswita Baruah death)। সঞ্জীৱ কুমাৰ ফুকনক এই তদন্তৰ দায়িত্ব দিয়া হৈছিল । ইয়াৰ পাছতে তদন্তকাৰী বিষয়াই এই ঘটনাৰ সাক্ষ্য দিবৰ বাবে সাধাৰণ জনতা, দল-সংগঠনক আহ্বান জনাইছিল (Public testimony on Tejaswita Baruah death)।

প্ৰথমে তদন্তকাৰী বিষয়াজনে ১২ আক্টোবৰলৈকে সাক্ষ্য দিয়াৰ সময়সীমা বান্ধি দিছিল । কিন্তু সাক্ষ্য দিয়াৰ বাবে কোনো ওলাই নাহিল । যাৰ বাবে পৰৱৰ্তী সময়ত সাক্ষ্য গ্রহণৰ সময়সীমা ১৯ অক্টোবৰলৈ বৃদ্ধি কৰা হয় ।

অৱশ্যে বৃহস্পতিবাৰৰ দিনটোত তেজস্বিতা বৰুৱাৰ মৃত্যুৰ সাক্ষ্য দিবলৈ আগবাঢ়ি আহিল মাজুলী জিলা ছাত্র সন্থা । সাক্ষ্য দিবলৈ আহি মাজুলী জিলা ছাত্র সন্থাৰ আহ্বান ঘটনাৰ সাক্ষ্য দিয়াৰ বাবে সকলো প্ৰত্যক্ষদৰ্শী আগবাঢ়ি আহিব লাগে । যাতে এই তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি যাব পাৰে । লগতে আছুৱে কয় যে দোষী কোনো কাৰণতে সাৰি যাব নালাগে, দোষীয়ে উচিত শাস্তি পাব লাগে ।

লগতে পঢ়ক:Tejaswita Baruah death: তেজস্বিতাৰ মৃত্যুৰ ৰাজহুৱা সাক্ষ্য দিবলৈ নোলাল এজনো ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.