ETV Bharat / state

মাছ মৰাৰ পাচতহে দীঘলীপুখুৰী পৰিস্কাৰ কৰিবলৈ মনত পৰিল বিভাগীয় কৰ্তৃপক্ষৰ

author img

By

Published : Jul 13, 2021, 6:58 PM IST

Updated : Jul 13, 2021, 7:32 PM IST

শেহতীয়াকৈ দীঘলীপুখুৰীত জাকে জাকে মাছৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল ৷ তাৰপাচতে এতিয়া চকু মেল খাইছে বিভাগীয় কর্তৃপক্ষৰ । এতিয়া জাকে জাকে মাছ মৰাৰ পাছতহে পৰিস্কাৰ কৰিবলৈ সাৰ পাইছে বিভাগীয় কৰ্তৃপক্ষই । যাক অসমীয়াত কয় "চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি"।

Dighalipukhuri
দীঘলীপুখুৰীত মাছ মৰাৰ পাচতে সাৰ পাইছে পৰ্যটন বিভাগে

গুৱাহাটী, 13 জুলাই : যোৱা জুন মাহত ঐতিহাসিক দীঘলীপুখুৰীত (DIGHOLI PUKHURI) সংঘটিত হৈছিল এক অস্বাভাৱিক ঘটনা ৷ দীঘলী পুখুৰীত ওপঙি থকা অৱস্থাত দেখা পোৱা গৈছিল বিভিন্ন প্ৰজাতিৰ মৰা মাছ ৷ মাছৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিল মীন বিষয়াৰ দল ৷ পানীত অক্সিজেনৰ পৰিমাণ কমাৰ বাবেই দীঘলী পুখুৰীত অস্বাভাৱিক হাৰত শ-শ মাছৰ মৃত্যু ঘটা বুলি স্থানীয় লোক তথা বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছিল ৷

Dighalipukhuri
দীঘলীপুখুৰী

উল্লেখযোগ্য যে, উক্ত ঘটনা সংঘটিত হোৱাৰ পাচতে এতিয়া গুৱাহাটীৰ মাজমজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰীৰ চৌপাশ পৰিস্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণকৰিছে অসম পর্যটন উন্নয়ন নিগম চমুকৈ (Assam Tourism Development Corporation) (ATDC) য়ে এটিডিচিয়ে। মনকৰিবলগীয়া যে, দীঘলীপুখুৰী পৰিচালনাৰ দায়িত্বত থকা বিয়াগোম বিভাগটোৱে বিগত সময়ছোৱাত পুখুৰীটোৰ চৌপাশ পৰিস্কাৰ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

যাৰফলত শেহতীয়াকৈ দীঘলীপুখুৰীত জাকে জাকে মাছৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল ৷ তাৰপাচতে এতিয়া চকু মেল খাইছে বিভাগীয় কর্তৃপক্ষৰ । এতিয়া জাকে জাকে মাছ মৰাৰ পাছত পুখুৰীটোৰ চৌপাশ পৰিস্কাৰ কৰিবলৈ উঠি পৰি লাগিছে বিভাগীয় কৰ্তৃপক্ষ । যাক অসমীয়াত কয় "চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি"। উল্লেখ্য যে,পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ ৫-১০ TPM থাকিব লাগে যদিও দীঘলীপুখুৰীৰ পানীত বৰ্তমান অক্সিজেনৰ পৰিমাণ আছে মাত্ৰ ২ TPM ৷

দীঘলীপুখুৰীত মাছ মৰাৰ পাচতে সাৰ পাইছে পৰ্যটন বিভাগে

লক ডাউনৰ ফলত দীৰ্ঘদিন ধৰি পানীত নাও নচলোৱা বাবে পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱা বুলি দাবী কৰিছিল মীন বিভাগৰ লোকে ৷ উক্ত ঘটনাৰ ফলত প্ৰায় ১০ কুইণ্টলতকৈ অধিক মাছৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছিল ৷ সেই সময়তে দীঘলীপুখুৰীত বিষক্ৰিয়াৰ ফলত মাছৰ মৃত্যু হোৱা নাই বুলি বিশেষজ্ঞই মন্তব্য কৰিছিল ৷

লগতে পঢ়কঃ Viral video: ন বোৱাৰীৰ ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

Last Updated : Jul 13, 2021, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.