ETV Bharat / state

Assam TMC: I.N.D.I.A.ৰ অংশীদাৰ হিচাপে অসমত 5খন লোকসভা আসন বিচাৰিব TMCয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 4:22 PM IST

Assam TMC
Assam TMC

নবেম্বৰ মাহত অসমলৈ অহাৰ সম্ভাৱনা আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ ইয়াৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ আগবঢ়াইছে ৰিপুণ বৰাই ৷ I.N.D.I.A. ৰ অংশীদাৰ হিচাপে আসন ভাগ-বাটোৱাৰাক লৈয়ো আলোচনা ৷

অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল

গুৱাহাটী ২৭ ছেপ্টেম্বৰ: মহানগৰীৰৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল । সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ।

সংবাদমেলত দিলীপ কুমাৰ শৰ্মাই মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সৈতে বহা বৈঠকৰ সৱিশেষ দাঙি ধৰে ।

শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত 'I.N.D.I.A.' মৰ্চাৰ অংশীদাৰ দল হিচাপে ৫ খন আসন বিচৰাৰ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ মাজৰ বৈঠকত সিদ্ধান্ত হোৱা বুলি সংবাদমেলত সদৰী কৰে ।

লগতে অহা নৱেম্বৰ মাহত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক অসমলৈ আহিবলৈ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰস্তাৱ আগবঢ়োৱাৰ কথা শৰ্মাই সদৰী কৰে । আনহাতে পশ্চিমবংগৰ টালিগঞ্জত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাসগৃহটো ঐতিহ্যমণ্ডিত স্থান হিচাপে ঘোষণা কৰি উন্নত ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ পশ্চিমবংগ চৰকাৰৰ ওচৰত ৰিপুণ বৰাই দাবী জনোৱাৰ কথাও অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ শৰ্মাই প্ৰকাশ কৰে ।

এই ক্ষেত্ৰত ইতিমধ্যে পশ্চিমবংগ চৰকাৰে ড° হাজৰিকাৰ বাসগৃহটো ক্ৰয় কৰি নিজৰ অধীনলৈ অনা বুলি সংবাদমেলত মন্তব্য কৰে শৰ্মাই । বিষয়টো সন্দৰ্ভত সভাপতি ৰিপুণ বৰাই টালিগঞ্জৰ বিধায়ক তথা পশ্চিমবংগ চৰকাৰৰ শক্তি মন্ত্ৰী অৰূপ বিশ্বাসৰ লগতো মিলিত হৈ আলোচনা কৰে ।

সংবাদমেলতে বক্তব্য ৰাখি অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যুয়ে মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে সভাপতি ৰিপুণ বৰাই জনোৱা দাবীসমূহৰ বিষয়ে বিতংকৈ কয় ।

‘‘সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই মধুপুৰ সত্ৰক ইক’ আৰু ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দাবী জনায় । লগতে সত্ৰীয়া কলা-সংস্কৃতিৰ কেন্দ্ৰস্থল হিচাপেও গঢ়িবলৈ দাবী জনায় । সত্ৰলৈ অহা ভক্ত আৰু তীৰ্থযাত্ৰীসকলৰ থকাৰ সুবিধাৰ ব্যৱস্থা কৰিবলৈও বৰাই দাবী জনায় । আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া কলা-সংস্কৃতিৰ, সাহিত্যৰাজিৰ উপযুক্ত সংৰক্ষণৰ বাবে এটি পুঁথিভৰাল সংলগ্ন সংগ্ৰহালয় নিৰ্মাণৰো দাবী জনায়,’’গজেন্দ্ৰ প্ৰসাদ উপমন্যুয়ে কয় ।

লগতে পঢ়ক: AIUDF-Congress alliance: ৰাহুল গান্ধীয়ে AIUDFক প্ৰত্যাখান ঘোষণাৰ পিছতো I.N.D.I.A.ত প্ৰৱেশৰ আশা এৰা নাই আজমলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.