ETV Bharat / state

Ripun Bora criticizes Assam govt: অসমৰ বিজেপি চৰকাৰক নম্বৰৰ ক্ষেত্ৰত শূন্য দিলে ৰিপুন বৰাই

author img

By

Published : May 8, 2023, 10:35 PM IST

মহানগৰীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল (Assam TMC president Ripun Bora press conference) । সংবাদমেলত ৰাজ্যিক সভাপতি ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে । দুবছৰীয়া কাৰ্যকালৰ বিভিন্ন তথ্য দাঙি ধৰি বৰাই কয় যে এইখন ৰাইজৰ চৰকাৰ নহয় ।

Assam TMC president Ripun Bora press conference
অসম TMC ৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল

অসম TMC ৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল

গুৱাহাটী,৮ মে': মহানগৰীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল । সংবাদমেলত ৰাজ্যিক সভাপতি ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ কৰ্মৰাজীৰ কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, এইখন দৰিদ্ৰ ৰাইজৰ চৰকাৰ নহয় (Assam TMC president Ripun Bora press conference) । এইখন কেৱল বিজ্ঞাপনৰহে চৰকাৰ । সোণোৱাল চৰকাৰে পাঁচ বছৰত বিজ্ঞাপনৰ নামত খৰচ কৰিছিল ১২৫.৬ কোটি টকা ।

কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দুবছৰতে খৰচ কৰিছে ১৩০.৫৯ কোটি টকা । এই চৰকাৰখন বাহিৰে বৰচুৰিয়াৰ ফেৰ ভিতৰি ঢকুৱাৰ বেৰ ৷ ২ বছৰত চৰকাৰৰ খতিয়ানৰ অভিলেখৰ ভিতৰত মহিলাৰ ওপৰত অপৰাধত অসম দেশতকৈ প্ৰথম (2nd anniversary of Assam government) ৷ ভাৰতৰ ভিতৰত সৰ্বাধিক এনউণ্টাৰ কৰিও অসমে অভিলেখ স্থাপন কৰিছে । আইন হাতত তুলি লৈও অভিলেখ স্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে (Ripun Bora slams Assam Govt)) ।

তেওঁ কয় যে, অসম চৰকাৰে মাদ্ৰাছা ভাঙিছে বুল্ড’জাৰ লগাই । অসমক ভাৰতৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে নে শেষত এক নম্বৰ কৰিছে বুলিও সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে । তেওঁ জনমূৰি আয়ৰ ক্ষেত্ৰত ২৮ নং স্থানত অসম । ত্ৰিপুৰা, অৰুণাচল, মিজোৰামতকৈও জনমূৰি আয় কম অসমৰ । ধাৰ কৰি ৰাজ্যক বন্ধকত দি ঋণ লৈ অৰুণোদয় দিয়াটো সফলতা নহয় বুলি কটাক্ষ কৰে বৰাই (Ripun Bora slams Himanta Biswa Saarmah) ।

বৰাই আৰু কয় যে, ফ্ৰী চাউল দি যি সকাহ দিছে তাতকৈ ১০০ গুণ ডকাইত কৰিছে ৰাইজৰ পৰা । এফালে অৰুনোদই দিছে ইফালে গেছৰ চিলিন্দাৰৰ দাম বৃদ্ধি কৰি ৰাইজক ৰামটাঙোন শোধাইছে বুলি উল্লেখ কৰে তেওঁ । গতিকে এই সময়ত কিহৰ সফলতা কথা ক'বলৈ আহিছে বুলিও প্ৰশ্ন কৰে সভাপতি গৰাকীয়ে ।

তেওঁ কয় যে, অসম চুক্তি দাৰি ক'মা নথকাকৈ পালন কৰিম বুলি কৈ এতিয়া ধোৱা চাঙত তুলিলে । অমিত শ্বাহক মাতি আনি কিহৰ মহাযজ্ঞ পাতিবলৈ লৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে গুৱাহাটীত দুখন মান উৰণীয়া সেঁতু বনাই দিলেই উন্নয়ন নুবুজাই । নম্বৰ হিচাপে দিবলৈ গ’লে শূন্য দিম । এক নম্বৰো নিদিও কাৰণ BJP চৰকাৰখনে একোৱেই কৰা নাই বুলি কটাক্ষ কৰে বৰাই ।

লগতে পঢ়ক: Akhil to CM Sarma: মুখ্যমন্ত্ৰী হোৱাৰে পৰা নাচিয়েই আছে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈৰ কটুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.