ETV Bharat / state

Opposition leaders Apple Phone hack: বিৰোধী নেতাৰ এপল ফোন হেকৰ বাবে জগৰীয়া বিজেপি: ৰিপুন বৰা

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 9:01 PM IST

একাংশ বিৰোধী নেতাৰ এপল ফোন হেক হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ এয়া নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলি দাবী নেতাগৰাকীৰ ৷

Opposition leaders Apple Phone hack
Assam TMC president Ripun Bora

বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনা সন্দৰ্ভত এক সংবাদমেল

গুৱাহাটী, ১ নবেম্বৰ: বুধবাৰে গুৱাহাটীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । সংবাদমেলখন সম্বোধন কৰি ৰাজ্যিক সভাপতি ৰিপুণ বৰাই উক্ত ঘটনাটোৰ বাবে বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া বুলি দাবী কৰে ।

লগতে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘‘বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনাটোৱে আমাক শংকিত কৰি তুলিছে । ইয়াৰ আগতেও বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ভাৰতত বিৰোধীসকলৰ গতি-বিধি নিয়ন্ত্ৰণ কৰিবৰ বাবে পেগাছাছ আনিছিল । যি পেগাছাছে আনকি ভাৰতৰ নিৰাপত্তাৰ লগতো হেতালি খেলিছিল । সেই ঘটনাৰ তদন্ত শেষ নৌহওঁতেই পুনৰ বিৰোধী দলৰ নেতাৰ ফোন হেকিঙৰ ঘটনাক আমি অসম তৃণমূল কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিছো ।’’

আনহাতে মঙলবাৰে ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাটোক মিছা বুলি অভিহিত কৰিছে ৷ লগতে দেশৰ ঈৰ্ষণীয় উন্নতি দেখি জ্বলন হোৱা বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে উল্লেখ কৰিছে । তেনেস্থলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰিপুন বৰাই মুকলিকৈ প্ৰশ্ন কৰে যে কিয় দেশৰ আগশাৰীৰ সাংবাদিকসকল এই ভয়ানক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ? কিয় দেশৰ চতুৰ্থ স্তম্ভ নিৰাপত্তাহীনতাত ভুগিছে ?

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেহে ভুল কথা কৈ ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে বুলি উল্লেখ কৰি ৰিপুন বৰাই কয়, ‘‘আমি অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী কৰিছোঁ । ইয়াৰ উপৰিও 'I.N.D.I.A' মিত্ৰশক্তিৰ মল্লিকাৰ্জুন খাৰ্গে, শশী থাৰুৰ, পৱন খেৰা, কে.চি. বেনুগোপাল, সুপ্ৰিয়া শ্ৰীনাতে, মহুৱা মিত্ৰ, অখিলেশ যাদৱ, ৰাঘৱ চাদ্দাকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ৰাজনৈতিক নেতা হেকিঙৰ সন্মুখীন হ’বলগীয়া হৈছে । যদিও অশ্বিনী বৈষ্ণৱে উক্ত ঘটনাটোৰ তদন্ত ঘোষণা কৰিছে, আমাৰ সেই তদন্তৰ ওপৰত কোনো ধৰণৰ আস্থা নাই । সেয়া মাত্ৰ চৰকাৰক ৰক্ষণাবেক্ষণ দিয়াৰহে এক ব্যৱস্থা ।’’

‘‘আমি এই বিষয়টোত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ অধীনত তদন্ত হোৱাটো দাবী কৰিছো । বিজেপি চৰকাৰৰ আমোলত এনেবোৰ ঘটনাই অঘোষিত জৰুৰী অৱস্থাৰ সৃষ্টি কৰিছে । সকলো ৰাইজক দেশৰ সংবিধান আৰু গণতন্ত্ৰক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিবৰ বাবে আমি আহ্বান জনাইছো ।’’ মূলতঃ দেশৰ সাধাৰণ নিৰ্বাচন অহা বাবেই বিজেপি চৰকাৰে বিৰোধী নেতাসকলৰ ফোন হেকিং কৰিবলৈ উঠি পৰি লাগিছে বুলিও অসম তৃণমূল কংগ্ৰেছৰ সভাপতিজনে অভিযোগ কৰে ।

লগতে পঢ়ক: Apple on Opposition MPs' claims : বিৰোধী নেতাৰ আইফোন হেকিঙৰ চেষ্টা, এপলৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.