ETV Bharat / state

ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সাফল্যৰ ধাৰা অব্যাহত

author img

By

Published : Oct 9, 2022, 9:47 PM IST

ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা বৰগোহাঁই, ফুইলাও বসুমতাৰী আৰু শিৱ থাপাৰ পদক নিশ্চিত । এই পৰ্যন্ত অসমৰ দখলত ২১ টা পদক । অসমৰ উশ্বু খেলুৱৈসকলে লাভ কৰে কেইবাটাও সফলতা(Success of wushu players in national sports) । লাভ কৰিছে ৩ টা পদক । উশ্বুত পদক লাভ কৰা খেলুৱৈসকল হৈছে চানমা ব্ৰহ্মই, ৰংগিলা দৈমাৰী আৰু সঞ্জীৱ কুমাৰ সিং ।

assam success streak in national sports continues
ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সাফল্যৰ ধাৰা অব্যাহত

গুৱাহাটী,৯ অক্টোবৰ: গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত দেওবাৰৰ দিনটোত অসমৰ বক্সাৰ সকলে কঢ়িয়াই আনিলে কেইবাটাও ভাল খবৰ । তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই,ফুইলাও বসুমতাৰী আৰু শিৱ থাপাই অসমবাসীক দিলে ভাল খবৰ । প্ৰতিযোগিতাখনত তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে কোৱাৰ্টাৰ ফাইনেল মেচত কেৰালাৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে(Lovlina Borgohain enters semi-finals) ।

একেদৰে অসমৰ আন এগৰাকী মহিলা বক্সাৰ ফুইলাও বসুমতাৰীয়েও হিমাচল প্ৰদেশৰ ডিম্পল উপাধ্যায়ক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে । একেদৰে অৰ্জুন শিৱ থাপাও ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ইফালে দেওবাৰৰ দিনটোতে অসমৰ উশ্বু খেলুৱৈসকলে কেইবাটাও সফলতা লাভ কৰিছে(Success of wushu players in national sports) ।

দিনটোত অসমৰ উশ্বু খেলুৱৈসকলে ৩ টা পদক লাভ কৰিছে । উশ্বুত পদক লাভ কৰা এই খেলুৱৈসকল হৈছে ক্ৰমে চানমা ব্ৰহ্মই ৰূপ,ৰংগিলা দৈমাৰীয়ে ব্ৰঞ্জ আৰু সঞ্জীৱ কুমাৰ সিঙে ব্ৰঞ্জ পদক লাভ কৰে । উল্লেখ্য যে অসমে এই পৰ্যন্ত ৰাষ্ট্ৰীয় ক্ৰীড়াত ৭ টা সোণ, ৯ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ সৈতে মুঠ ২১ পদকৰ সৈতে পদকেৰে তালিকাৰ চতুৰ্দশ স্থানত আছে ।

লগতে পঢ়ক: অৱশেষত বিচাৰি পোৱা গ’ল ট্ৰাকৰ খুন্দাত আহত এশিঙীয়া গঁড়টো

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.