ETV Bharat / state

National Games 2022: বিজয়া দশমীৰ দিনা অসমলৈ আহিল কেইবাটাও পদক

author img

By

Published : Oct 5, 2022, 10:54 PM IST

ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলৰ ডাবলছত স্বৰ্ণ জয় অসমৰ নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীৰ । পুৰুষ আৰু মহিলাৰ ২০০ মিটাৰ ৱাটাৰ ফ্লাইত আস্থা চৌধুৰী আৰু বিক্ৰম চাংমাইৰ ৰূপৰ পদক অৰ্জন । লনবলত দ্বিতীয়তো পদক লাভ মৃদুল বৰগোঁহাইৰ । ৰাষ্ট্ৰীয় ক্ৰীড়াত চতুৰ্দশ স্থানত অসম (Assam rank in National games 2022)।

বিজয়া দশমীৰ দিনা অসমলৈ আহিল কেইবাটাও পদক
বিজয়া দশমীৰ দিনা অসমলৈ আহিল কেইবাটাও পদক

গুৱাহাটী, ৫ অক্টোবৰ: বিজয়া দশমীৰ দিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ(National games 2022) পৰা অসমলৈ আহিল কেইবাটাও ভাল খবৰ । গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য । বুধবাৰে অসমলৈ আহিল কেইবাটাও পদক ।

লন বলৰ ডাবলছত স্বৰ্ণ জয় অসমৰ নয়নমণি শইকীয়া(Nayanmoni Saikia) আৰু তানিয়া চৌধুৰীৰ । আনহাতে পুৰুষ আৰু মহিলাৰ ২০০ মিটাৰ ৱাটাৰ ফ্লাইত আস্থা চৌধুৰী আৰু বিক্ৰম চাংমাইৰ ৰূপৰ পদক অৰ্জন । ইয়াৰ পূৰ্বে আজি লনবলত দ্বিতীয়তো পদক লাভ কৰে অসমৰ মৃদুল বৰগোঁহায়ে (Mridul Borgohain wins medal at National Game) ।। ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে মৃদুল বৰগোহাঁইয়ে ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলত অসমে চমক সৃষ্টিৰে দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জ অৰ্জন কৰে । পুতুল সোণোৱাল, আনন্দ নাৰ্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ তিনিজনীয়া পুৰুষ দলে ফাইনেলত পশ্চিম বংগক ২৫-৬ৰ ব্যৱধানত পৰাস্ত কৰি সোণ লাভ কৰিবলৈ সক্ষম হয় ।

ৰাষ্ট্ৰীয় ক্ৰীড়াত অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য
ৰাষ্ট্ৰীয় ক্ৰীড়াত অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য

আনহাতে লন বলত অসমক দ্বিতীয়টো সোণ দিয়ে পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে । ইয়াৰোপৰি অসমৰ তানিয়া চৌধুৰী, বনগীতা হাজৰিকা, অনন্যা শ‍ইকীয়া আৰু অদিনীতা কাকতীৰ দ্বাৰা গঠিত মহিলা দলটোৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ইফালে লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থ গেমছৰ স্বৰ্ণজয় অসম কন্যা নয়নমণি শইকীয়াই ব্ৰঞ্জৰ পদক জয় কৰে । আজি পুনৰ লন বলৰ ডাবলছত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ল নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰী ।

ৰাষ্ট্ৰীয় ক্ৰীড়াত অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য
ৰাষ্ট্ৰীয় ক্ৰীড়াত অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য

উল্লেখ্য যে, মঙলবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন কৰিছিল অম্লান বৰগোহাঁইয়ে । ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰে অসমৰ অম্লান বৰগোহাঁইয়ে । মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম চতুৰ্দশ স্থানত আছে । এতিয়ালৈকে অসমে ছটা সোণৰ পদকৰ লগতে ৫ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে (Medal secured by Assam in National games)।

লগতে পঢ়ক: National Games 2022: লনবলত ব্ৰঞ্জৰ পদক লাভ কৰিলে মৃদুল বৰগোহাঁইয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.