ETV Bharat / state

মুখ্যমন্ত্ৰী বুধিয়ক যদিও পৰেশ বৰুৱাই তেওঁক ঠগিব: এ পি ডব্লিউ

author img

By

Published : May 24, 2022, 6:38 PM IST

মুখ্যমন্ত্ৰী বুধিয়ক যদিও পৰেশ বৰুৱাই তেওঁক ঠগিব ৷ পৰেশ বৰুৱাৰ প্ৰতি মুখ্যমন্ত্ৰী নমনীয় হোৱাৰ বাবেই জাক জাক যুৱক-যুৱতী আলফালৈ গৈছে । আলফাৰ প্ৰতি আকৃষ্ট হৈ আলফাৰ শিবিৰলৈ গৈ নীতি আদৰ্শৰ প্ৰকৃত স্বৰূপটো দেখি আলফা ত্যাগ কৰিব বিচাৰিলে চৰম শাস্তি প্ৰদান কৰা হয় । এই বিস্ফোৰক মন্তব্য আছাম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিৎ শৰ্মাৰ (Assam Public Works President Abhijit Sharma criticised Paresh Baruah) ৷

Press conference of APW
মুখ্যমন্ত্ৰী বুধিয়ক যদিও পৰেশ বৰুৱাই তেওঁক ঠগিব: এ পি ডব্লিউ

গুৱাহাটী, ২৪ মে: পৰেশ বৰুৱাই হত্যা, শিশু হত্যা, ধন দাবী, অপহৰণৰ বাহিৰে অসমৰ বাবে কি কৰিলে ? এই প্ৰশ্ন আছাম পাব্লিক ৱৰ্কছ(Press conference of APW)ৰ ৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদমেল সন্বোধন কৰি আছাম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিৎ শৰ্মাই আলফাক তীব্ৰ সমালোচনা কৰি কয় যে সন্ত্ৰাসবাদীয়ে নিজৰ সন্তানক সন্ত্ৰাসবাদী হবলৈ নিদিয়ে । মিছা সপোন দেখুৱাই দুখীয়া ঘৰৰ লৰা ছোৱালী লৈ যায় ।

সংবাদমেলত আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সন্তানে কি কৰি আছে সেই বিষয়ে অসমৰ ৰাইজে জানিব বিচাৰে বুলি মন্তব্য কৰে । পৰেশ বৰুৱাই অসমৰ বাবে কি কৰিলে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এতিয়া নতুনকৈ পৰেশ বৰুৱাই টিভি চেনেলত সাক্ষাৎকাৰ দিবলৈ আৰম্ভ কৰিছে । সাক্ষাৎকাৰ দিয়াত নতুন চাম উৎসাহিত হৈছে । নতুন চামেও গ্লেমাৰৰ বাবে আলফা (স্বা)লৈ গৈছে ।

আলফাৰ পৰা মূলসুঁতিলৈ আহিব বিচাৰিলেই আলফাই হত্যা কৰে বুলি মন্তব্য কৰে তেওঁ । আভিজিৎ শৰ্মাৰ মন্তব্য- "পৰেশ বৰুৱা ওৰফে কামাৰুজ জামানৰ TV ত ওলোৱাৰ চখ হৈছে । কেম্পত অসমীয়া ল'ৰাক মাৰি পৰেশ বৰুৱাই TV ত হাঁহি ফুৰ্তি কৰি ইন্টাৰভিউ দিছে ৷ ইমান যদি তেওঁৰ কথা কবলৈ মন তেন্তে দিম্পু বৰুৱাৰ দৰে পৰেশ বৰুৱা ব্লগাৰ হওঁক । মুখ্যমন্ত্ৰী বুধিয়ক যদিও পৰেশ বৰুৱাই তেওঁক ঠগিব ৷ পৰেশ বৰুৱাৰ প্ৰতি মুখ্যমন্ত্ৰী নমনীয় হোৱাৰ বাবেই জাক জাক যুৱক-যুৱতী আলফালৈ গৈছে ।"

তেওঁ সংবাদমেলত অসমীয়া যুৱক যুৱতীলৈ আহ্বান জনায় কয় যে আলফালৈ যোৱা বন্ধ কৰক, আলফাত একো নাই (Appeal to Assamese youth to not join ULFA) । যি সকল আলফালৈ গৈছে তেওঁলোক ভাল ঘৰৰ নহয় । সমাজৰ আৱৰ্জনা আলফালৈ গৈছে বুলি তেওঁ মন্তব্য কৰে । অসমীয়া ল'ৰাক মৰাৰ কাৰখানা পৰেশ বৰুৱাই বন্ধ কৰিব লাগে বুলি তেওঁ কয় । আভিজিৎ শৰ্মাৰ মন্তব্য- "আলফাৰ প্ৰতি আকৃষ্ট হৈ আলফাৰ শিবিৰলৈ গৈ নীতি আদৰ্শৰ প্ৰকৃত স্বৰূপটো দেখি আলফা ত্যাগ কৰিব বিচাৰিলে চৰম শাস্তি প্ৰদান কৰে । নব্বৈ দশকত বোকাখাতৰ ৰাতুল কটকীৰ দৰে চফল অসমীয়া যুৱকক হত্যা তাৰেই উদাহৰণ আছিল ।

২০১২ চনৰ পৰা আজিলৈকে প্ৰায় ২১ গৰাকী অসমীয়া যুৱকক আলফাই পৰেশ বৰুৱাৰ নিৰ্দেশত হত্যা কৰিছে । আনহাতে AFSPA কেন্দ্ৰীয় চৰকাৰে আঁতৰাই নিবলৈ ওলোৱা সময়তে যদি আলফাত নতুন নিযুক্তি চলি থাকে, আকৌ যদি হিংসা-হত্যা-সন্ত্ৰাসৰ আৰম্ভণি হয় তেন্তে AFSPA ৰ দৰে আইন পুনৰ চৰকাৰে অসমৰ ওপৰত জাপি দিবলৈ বাধ্য হব" ।

পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ TV চেনেলে যাতে লব নোৱাৰে তাৰ বাবে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (PIL) দাখিল কৰা হ'ব বুলিও আভিজিৎ শৰ্মাই মন্তব্য কৰে । ইপিনে সামাজিক মাধ্যমত আলফাৰ এজেন্ট হিচাপে কাম কৰা, আলফাৰ সমৰ্থনত বা আলফাৰ নীতিক আগস্থান দি লিখা গ্ৰন্থসমূহ, সাক্ষাৎকাৰ চৰকাৰে বন্ধ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: বটদ্ৰৱা কাণ্ডই দিছে ভয়াৱহ ভৱিষ্যতৰ ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.