ETV Bharat / state

Durga Puja 2023 : দুৰ্গা পূজা পালনৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 9:19 PM IST

দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ধাৰ্য কৰিছে কিছু নিৰ্দেশনা ৷ পূজা সমিতি সমূহলৈ ধাৰ্য কৰিছে এই নিৰ্দেশনা ৷

Assam Pollution Control Board Issued Guidelines
ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড

পূজা সমিতি সমূহলৈ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিৰ্দেশনা

গুৱাহাটী, 5 অক্টোবৰ : সমাগত শাৰদীয় দুৰ্গা পূজা ৷ মা দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ ব্যস্ততাৰ ওৰ নাই পূজা সমিতি সমূহৰো ৷ পূজা সমিতি সমূহৰ সমান্তৰালকৈ সাজু হৈছে জিলা প্ৰশাসনো ৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ধাৰ্য কৰিছে কিছু নিৰ্দেশনা ৷

প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অতিৰিক্ত মুখ্য পৰিৱেশ অভিযন্তা গকুল ভূঞাই জনোৱা অনুসৰি ASSAM WATER PREVENTION AMENDMENT ACT ৰ অধীনত পূজা সমিতি সমূহলৈ কিছু নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ৷ প্ৰতিমা নিৰ্মাণৰ পৰা আৰম্ভ কৰি প্ৰতিমা সমূহ বিসৰ্জনৰ ক্ষেত্ৰতো কিছু নিৰ্দেশনা জাৰি কৰা হৈছে ৷

পূজা সমিতি সমূহক ECO FRIENDLY পূজা উদযাপনৰ আহ্বান ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ ৷ বাযু প্ৰদূষণ ৰোধৰ বাবে যান-বাহনৰ ক্ষেত্ৰত থাকিব বিশেষ চৰ্তাৱলী ৷ প্ৰতিমা নিৰ্মাণত আৰু পূজাৰ সময়ত কেৱল পৰিবেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ কৰিব নোৱাৰিব ৷ মূৰ্তি সমূহ কেৱল মাটিৰে নিৰ্মাণ কৰিব লাগিব ৷ লগতে কোনোধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আৰু প্ৰতিমা বিসৰ্জনৰ পিছত ৰৈ যোৱা অৱশিষ্ট যথাসম্ভৱ সোনকালে নষ্ট কৰি পেলাবলৈ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ ৷

প্ৰতিমা বিসৰ্জনৰ ৪৮ ঘণ্টাৰ ভিতৰত অৱশিষ্ট পানীৰ পৰা উঠাই আনিব লাগিব ৷ প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে জাৰি কৰা নিৰ্দেশনা মানিবলৈ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অতিৰিক্ত মুখ্য পৰিৱেশ অভিযন্তা গকুল ভূঞাৰ ৷ এনে কৰিলে পানীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব ৷ প্ৰদূষণ নিয়ন্ত্ৰণ বোর্ডৰ তৰফৰ পৰা বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা ঘাট সমূহত তিনি তৰপীয়া পানীৰ গুণাগুণ পৰীক্ষা কৰা হ'ব ৷ প্ৰতিমা বিসৰ্জনৰ পূৰ্বে, বিসৰ্জনৰ সময়ত আৰু বিসৰ্জনৰ পিছত পানীৰ গুণাগুণ পৰীক্ষা কৰা হ'ব ৷

লগতে পঢ়ক : Maumari Eco Tourism Centre: আন্তঃগাঁথনিৰ অভাৱত ধেমাজিৰ মৌমাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.