ETV Bharat / state

নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নামত চৰকাৰে নাটক আৰম্ভ কৰিছেঃ বিৰোধী দল

author img

By

Published : Sep 28, 2020, 9:25 PM IST

Assam Police Press Meet On SI Exm Corruption
অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীক লৈ সংবাদমেল

অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীক লৈ সংবাদমেল আৰক্ষীৰ ৷ ইফালে, তদন্তৰ অন্তত মূল অভিযুক্তৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰি অঙহী-বঙহীক গ্ৰেপ্তাৰ কৰাত বিৰোধী দলে বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে ৷ মূল অভিযুক্তৰ সন্ধান দিব পৰা লোকক আৰক্ষীৰ পুৰস্কাৰ ঘোষণা ৷

গুৱাহাটী, 28 ছেপ্তেম্বৰ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীক লৈ সম্প্ৰতি তোলপাৰ লাগি আছে সমগ্ৰ ৰাজ্য ৷ নিযুক্তি কেলেংকাৰীৰ লগত জড়িত অন্যতম অভিযুক্তক আটক কৰিব নোৱাৰি নিজৰ বিফলতা ঢাকিবলৈ চৰকাৰী পক্ষই নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰিছে দুই এজনক ৷ এক কথাত ৰৌ-বৰালিৰ কাষ চাপিব নোৱাৰি পুঠি খলিহনাতে সন্তুষ্ট হ’ব লগাত পৰিছে সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগে ৷

কেলেংকাৰীৰ তদন্তৰ নামত এই মুহুৰ্তলৈকে আৰক্ষীৰ হাতত আটক হৈছে 11 জনকৈ লোক ৷ তাৰ ভিতৰত আছে পি কে দত্তৰ পত্নীৰ গাড়ী চালক তথা খজুৱা বিল থানাৰ কনিষ্টবল আনোৱাৰ হুছেইন ৷ প্ৰায় 7 বছৰে পি কে দত্তৰ গাড়ী চালক হিচাপে নিযুক্ত হৈ থকা আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে দলগাঁৱৰ পৰা ৷ লগতে, আৰক্ষীয়ে জব্দ কৰে পি কে দত্তৰ এখন বিলাসী বাহনো ৷

অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীক লৈ সংবাদমেল

লগতে পঢ়ক : স্বায়ত্ত্ব শাসিত পৰিষদৰ দাবীৰে মেচ-কছাৰী জাতীয় পৰিষদৰ প্ৰতিবাদ

আনহাতে, যোৱা 19 ছেপ্তেম্বৰত দিছপুৰৰ থেংক ইউ লজ ভাড়ালৈ লৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত দিবন ডেকা এতিয়াও পলাতক ৷ অৱশ্যে, আৰক্ষীয়ে দিবন ডেকাই অনুষ্ঠিত কৰা পৰীক্ষাত বহি গ্ৰেপ্তাৰ হ’ব লগা হৈছে নলবাৰীৰ পাঁচজনকৈ যুৱক ৷ আটাইকেইজনে লক্ষাধিক টকাৰ বিনিময়ত দিবন ডেকাই অনুষ্ঠিত কৰা আৰক্ষী নিযুক্তিৰ পৰীক্ষাত বহিছিল ৷ পুৱা সাত বজাৰ পৰা অনুষ্ঠিত হোৱা পৰীক্ষা বিয়লি ৪:৩০ বজালৈকে অনুষ্ঠিত কৰিছিল দিবন ডেকাই ৷

ইফালে, 26 ছেপ্তেম্বৰত আৰক্ষী নিযুক্তিৰ প্ৰশ্ন কাকত ফাদিলৰ লগতে সমগ্ৰ বেমেজালিৰ দায়িত্ব স্বীকাৰ কৰি আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ পদৰ পৰা তাৎপৰ্যপূৰ্ণ ভাৱে পদত্যাগ কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান প্ৰদীপ কুমাৰে ৷ প্ৰদীপ কুমাৰে হঠাতে পদত্যাগৰ ঘোষণা কৰাৰ পাছতেই পুনৰ বিভিন্ন মহলত চৰ্চা হৈছে ৷

লগতে পঢ়ক : অসম আৰক্ষীত মকৰলৰ বাবে অনুশীলনৰত অৱস্থাতে যুৱকৰ মৃত্যু

আনহাতে, এই সমগ্ৰ ঘটনাক ৰাজ্যৰ অন্যতম বিৰোধী দল প্ৰদেশ কংগ্ৰেছৰ মতে চৰকাৰে চোৰকেই চোৰ ধৰিবলৈ ক’লে চোৰ ক’ত ধৰা পৰিব বুলি মন্তব্য প্ৰদান কৰিছে ৷ তদন্ত প্ৰক্ৰিয়াক সম্পূৰ্ণ নাটক আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ লগতে, নিযুক্তি কেলেংকাৰীৰ এই সমগ্ৰ ঘটনা সন্দৰ্ভত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ পলাতক পি কে দত্ত দিবন ডেকাৰ সন্ধান দিওঁতাক পুৰস্কৃত কৰাৰ কথা সংবাদমেলযোগে ঘোষণা কৰিলে আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীক লৈ সংবাদমেল

আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ মন্তব্য প্ৰদান কৰি কয় যে, দিবন ডেকা আৰু পি কে দত্তৰ ওপৰত নেপাল সীমান্তত চোকা নজৰ ৰখা হৈছে ৷ পি কে দত্তৰ ঘৰৰ পৰা আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা .32 পিষ্টলটো ম্যাদ উকলা বুলি উল্লেখ কৰিলে ৷ বিগত 23 মাৰ্চতেই ম্যাদ উকলিছিল পিষ্টলটোৰ ৷ আনহাতে, দত্তৰ ঘৰৰ পৰা 8.5 কিলোগ্ৰাম নহয় বৰং 1.5 কিলোগ্ৰাম সোণহে উদ্ধাৰ হৈছিল ৷ পি কে দত্তই চাকৰি কালতেই সম্পত্তিৰ পাহাৰ গঢ়িছিল ৷ ইমানবোৰ সম্পত্তি কেনেকৈ গঢ়িব পাৰিলে তাকে লৈ অসম আৰক্ষীয়ে তদন্ত কৰিব বুলিও উল্লেখ কৰিলে ৷

উল্লেখ্য যে, অসম আৰক্ষীৰ এই তদন্ত প্ৰক্ৰিয়াই কিমানদূৰ সফলতা লাভ কৰিব সেয়া সময়তহে স্পষ্ট হ'ব ৷ নিযুক্তি প্ৰক্ৰিয়াৰ তদন্তই সফলতা লাভ কৰিব নে বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী পক্ষই কোৱাৰ দৰে তদন্ত নাটকীয় হ’ব নে সঠিক তদন্ত হ'ব সেয়া সময়ত নিশ্চিত হ'ব ৷

লগতে পঢ়ক : কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.