ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে পাণ্ডুত অসম আৰক্ষীৰ নাগৰিক সভা

author img

By

Published : Aug 9, 2020, 6:44 PM IST

দেওবাৰে মহানগৰীৰ পাণ্ডু কলেজ গেটত এখন নাগৰিক সভা অনুষ্ঠিত কৰি,সমাগত স্বাধীনতা দিৱসৰ লগতে কেইবাটাও বিশেষ বিষয় সন্দৰ্ভত আলোচনা কৰে আৰক্ষীয়ে ৷

অসম আৰক্ষীৰ নাগৰিক সভা
অসম আৰক্ষীৰ নাগৰিক সভা

গুৱাহাটী, 9 আগষ্ট: কৰ'ণাৰ মাজতে সমাগত স্বাধীনতা দিৱসৰ প্ৰাক মূহুৰ্তত দেওবাৰে মহানগৰীৰ পাণ্ডু কলেজ গেটত এখন নাগৰিক সভা অনুষ্ঠিত কৰে ৷ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন ৷ সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত স্বাধীনতা দিৱসৰ কাৰ্যসূচী কঠোৰ নীতি-নিয়মৰ মাজত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষী উপায়ুক্ত নিলেশ চাৱাৰকাৰে ৷ উল্লেখ্য যে,স্বাধীনতা দিৱসৰ প্ৰাক মূহুৰ্তত মহানগৰীত চলি থকা তালাচী আদিৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছে আৰক্ষী প্ৰশাসনে ৷ লগতে স্পৰ্শকাতৰ এলেকাত থকা ৰাইজৰ সতৰ্কতা অৱলম্বন কৰি থকাৰ উপৰিও,ৰাইজক স্বাধীনতা দিৱসৰ দিনটোত শান্তি অব্যাহত ৰাখিবলৈয়ো আহ্বান জনায় আৰক্ষী উপায়ুক্ত নিলেশ চাৱাৰকাৰে ৷

আনহাতে দেওবাৰে অনুষ্ঠিত সভাখনত ড্ৰাগছ সন্দৰ্ভতো আলোচনা কৰে আৰক্ষী প্ৰশাসনে ৷ ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ভিন্ন স্থানত অভিযান অব্যাহত ৰখাৰ লগতে এই অভিযানসমূহত ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে বিভাগে ৷ ড্ৰাগছ মাফিয়াৰ এখন তালিকা প্ৰস্তুত কৰাৰ লগতে কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান বহু আৰক্ষী বিষয়াৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা গৈছে যদিও,স্বাধীনতা দিৱসৰ সকলো পৰিস্থিতিৰ বাবে সাজু অসম আৰক্ষী সাজু থকাৰ লগতে,তেওঁলোকৰ সকলো অভিযান মসৃণভাৱে চলি আছে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে আৰক্ষী উপায়ুক্ত গৰাকীয়ে ৷

স্বাধীনতা দিৱস উপলক্ষে পাণ্ডুত অসম আৰক্ষীৰ নাগৰিক সভা

লগতে পঢ়ক: ঢালিগাঁও গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক অনিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.