ETV Bharat / state

30th October Serial Blast : অভিশপ্ত 30 অক্টোবৰ : ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 5:44 PM IST

আজি অভিশপ্ত ৩০ অক্টোবৰ। অসমৰ ইতিহাসৰ ক'লা দিন। ২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণে আজি অতিক্ৰম কৰিলে ১৫ বছৰ।

Assam Pays Tribute to October 2008 Serial Blast
অভিশপ্ত ৩০ অক্টোবৰ

ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি

গুৱাহাটী, 30 অক্টোবৰ : আজি অভিশপ্ত 30 অক্টোবৰ ৷ ধাৰাবাহিক বিস্ফোৰণৰ বিভীষিকাৰ 15 টা বছৰ ৷ 15 বছৰ পূৰ্বে আজিৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম ৷ 2008 চনৰ 30 অক্টোবৰ অসমৰ ইতিহাসৰ বাবে এটা ক’লা দিন ৷

15 বছৰ পূৰ্বে আজিৰ দিনটোতেই গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাঁচী বজাৰ,গনেশগুৰিৰ লগতে বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁও ধৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল ৷ ক'লা ধোঁৱাই আৱৰি ধৰিছিল ৰাজ্যৰ আকাশ, চাৰিওফালে লাগিছিল কেৱল হুৱাদুৱা ৷

ধাৰাবাহিক এই বোমা বিস্ফোৰণত বহুজনে হেৰুৱাইছিল জীৱন ৷ বহুজনে আকোঁৱালি লৈছিল পংগুত্ব ৷ বিস্ফোৰণৰ ফলত 81 জন লোকৰ মৃত্যু হোৱাৰ লগতে 470 জন লোক আঘাতপ্ৰাপ্ত হৈছিল ৷ অসমত মুঠ 9 টা বিস্ফোৰণ সংঘটিত হৈছিল ৷ গুৱাহাটী মহানগৰীত 3 টা, বৰপেটাৰোডত 2 টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত 2 টাকৈ বিস্ফোৰণ সংঘটিত হৈছিল সেইদিনা ৷ এই বিস্ফোৰণৰ ফলত মৃত্যু হোৱা সকলক সুঁৱৰি সোমবাৰে গনেশগুৰিত ৰাজ্য চৰকাৰৰে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অতুল বৰাকে ধৰি বিস্ফোৰণত আহত আৰু নিহত সকলৰ পৰিয়ালবৰ্গ ৷ তদুপৰি ৰাজ্যৰ বিভিন্ন স্থানত এই ক'লা দিনটোত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ ইফালে এই অনুষ্ঠানত নিহত সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি চৰকাৰক সমালোচনা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৷

উল্লেখযোগ্য যে 30 অক্টোবৰৰ বোমা বিস্ফোৰণৰ মূল দোষীক শাস্তি বিহা হৈছে যদিও, সেই শাস্তিত সন্তুষ্ট নহয় অসমবাসীৰ লগতে ভুক্তভোগীৰ পৰিয়াল ৷ অভিযুক্ত ৰঞ্জন দৈমাৰীৰ পৰিকল্পনাত সংঘটিত হৈছিল এই ধাৰাবাহিক বোমা বিস্ফোৰণ ৷ CBI য়ে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল 15 জনক ৷

2010 চনত গ্ৰেপ্তাৰ কৰা হৈছিল এই ঘটনাৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰিক ৷ দীৰ্ঘদিন ধৰি চলা তদন্তৰ পিছত 2018 চনৰ 29 জানুৱাৰীত গুৱাহাটীৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে ইয়াৰে কেইজনমানক দোষমুক্ত ঘোষণা কৰে ৷

লগতে পঢ়ক : NHPC Big Dam Impact : বৃহৎ নদীবান্ধে শুকুৱালে সোৱণশিৰি, আতংকৰ মাজতে শুকাইছে ৰঙানদীও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.