অসমৰ মন্ত্ৰীৰ অদক্ষতাৰ বাবে অৰুণাচলৰ হাতত অসমৰ বহু মাটি : আপ

author img

By

Published : Sep 21, 2022, 2:16 PM IST

Assam

অসম আৰু অৰুণাচলৰ সীমা বিবাদক (Assam Arunachal Pradesh border dispute) লৈ দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত আলোচনা অব্যাহত আছে । ইয়াৰ মাজতে আম আদমী পাৰ্টিৰ ৰাজ্যিক সমিতিৰ গুৰুতৰ অভিযোগ । আপৰ নেতা হেমন্ত ফুকনে অভিযোগ কৰা মতে অসমৰ মন্ত্ৰীৰ অদক্ষতাৰ বাবে অসমে বহু ভূমি হেৰুৱাইছে ।

গুৱাহাটী,২১ ছেপ্টেম্বৰ : অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা নিষ্পত্তিৰ (Border dispute between Assam and Arunachal) প্ৰক্ৰিয়াত অসমৰ কেবিনেট মন্ত্ৰীৰ অদক্ষতা তথা পূর্ব প্রস্তুতি নথকাৰ বাবে অসমে বহু মাটি হেৰুৱাবলগীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে বুলি অভিযোগ কৰিছে আম আদমী পাৰ্টিৰ নেতা হেমন্ত ফুকনে (Assam lost land due to Inefficiency of minister)।

গুৱাহাটীস্থিত দলৰ মুখ্য কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি দলৰ নেতা হেমন্ত ফুকনে কয় যে, সীমা বিবাদ নিষ্পত্তিৰ বাবে দুয়ো ৰাজ্যৰ চৰকাৰ দুখনে নিজ নিজ জিলাৰ বিষয়াসকলক লৈ একোজনকৈ কেবিনেট মন্ত্ৰীৰ নেতৃত্বত জিলা পৰ্যায়ৰ ১২ খনকৈ সমিতি গঠন কৰি দিছে । এই সমিতিবোৰে যুটীয়াভাৱে বিবাদমান অঞ্চলসমূহ ভ্ৰমণ কৰি যোৱা ১৫ ছেপ্টেম্বৰত ঊৰ্ধ্বতন কর্তৃপক্ষক প্রতিবেদন জমা দিছে ।

আম আদমী পাৰ্টিৰ হাতত পৰা তথ্য মতে, অসমৰ একাংশ কেবিনেট মন্ত্ৰীৰ বিষয়টোৰ ওপৰত বিশদ অধ্যয়ন নথকাৰ বাবে অৰুণাচল প্ৰদেশৰ প্রতিনিধিসকলৰ দাবীৰ বিপৰীতে অসমৰ সপক্ষে নিজৰ স্থিতি সুদৃঢ়ভাৱে দাঙি ধৰাত বিফল হৈছে ৷ অসমৰ মন্ত্ৰীসকলৰ দুৰ্বল স্থিতিৰ পৰিপ্ৰেক্ষিতত অসমে অনাকাংক্ষিতভাৱে অধিক মাটি হেৰুৱাবলগীয়া হোৱা বুলি তেওঁ মন্তব্য কৰে ।

অসমৰ মন্ত্ৰীৰ অদক্ষতাৰ বাবে অৰুণাচলৰ হাতত অসমৰ বহু মাটি

উল্লেখ্য যে, ২০২২ চনৰ জানুৱাৰী মাহৰ পৰাই দুই ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী ক্রমে ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুই কেইবালানি আলোচনাৰ অন্তত যোৱা ১৫ জুলাইত নামচাইত মিলিত হৈ এক চুক্তি সম্পাদিত কৰে ।

'নামচাই ঘোষণা' (Namsai Declaration) হিচাপে নামকৰণ কৰা এই চুক্তি মতে অসম আৰু অৰুণাচল প্ৰদেশৰ বিবাদমান ১২৩ খন গাঁৱৰ বিবাদ নিষ্পত্তি কৰি এই সংখ্যা ৮৬ খনলৈ হ্ৰাস কৰিবলৈ দুয়োপক্ষ সন্মত হয় । বিষয়টোৰ সমাধানৰ বাবে দুয়ো ৰাজ্যই ১২ খনকৈ জিলা পৰ্যায়ৰ সমিতি গঠনৰ সিদ্ধান্ত লৈছিল ।

হেমন্ত ফুকনে কয় যে, এনে এখন সমিতিৰ নেতৃত্বত চাহ শ্রমিক আৰু শ্রমিক উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ আছে । যোৱা ২৭ আগষ্টত তেওঁৰ নেতৃত্বত অসমৰ এখন সমিতি আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিসকলে লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলত থকা ৬ খন অৰুণাচলী গাঁও পৰিদৰ্শন কৰে (Dulung Reserve Forest)। তেওঁ কয় যে দুলুং সংৰক্ষিত বনাঞ্চল হোৱাৰ বাবে ইয়াৰ দক্ষিণ দিশৰ পৰা বন বিভাগে মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছে যদিও উত্তৰ দিশৰ পৰা অৰুণাচলী লোকৰ অবাধ অহা-যোৱা চলি আছে ।

বনাঞ্চলখনৰ ভিতৰতে ৰাজালি, খেৰবাৰী, মিদফু, টানিও, বমটে আৰু লুমচি নামৰ ৬ খন অৰুণাচলী গাঁও স্থাপন হৈছে (Arunachal village in Dulung Reserve Forest)। ২০১১ চনৰ লোকপিয়লৰ মতে এই ৬ খন গাঁৱৰ জনসংখ্যা ৬৬১ গৰাকী আৰু তাত বিদ্যালয়, হাস্পতাল, পকী পথ, বিজুলী সংযোগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি আদি অৰুণাচল প্রদেশ চৰকাৰে স্থাপন কৰিছে । যোৱা ২৭ আগষ্টত এই গাঁওসমূহ পৰিদৰ্শন কৰাৰ সময়ত অসমৰ মন্ত্ৰী সঞ্জয় কিষাণৰ বিষয়টোৰ ওপৰত বিশদ অধ্যয়ন নথকাৰ বাবে অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিসকলৰ সন্মুখত একো মাত মাতিব নোৱাৰিলে ।

দুলুং সংৰক্ষিত বনাঞ্চলত এই ৬ খন গাঁও স্থাপন কৰা হৈছে আৰু অৰুণাচল প্রদেশ চৰকাৰে গাঁও ৬ খন অৰুণাচলত অন্তর্ভুক্ত কৰাৰ দাবীৰ লগতে সমগ্ৰ দুলুং সংৰক্ষিত বনাঞ্চলখনেই দাবী কৰিছে ।

হেমন্ত ফুকনে উল্লেখ কৰা মতে দুলুঙৰ দক্ষিণ-পশ্চিমৰ এটা সামান্য অংশ বাদ দি গোটেই বনাঞ্চলখন অৰুণাচলৰ হাতত গতাই দিবলৈ অসম চৰকাৰ সন্মত হৈছে । সংবাদমেলত আপৰ নেতা মানস শৰ্মা আৰু সৌমিক সেনগুপ্তাও উপস্থিত থাকে ।

লগতে পঢ়ক :গুৱাহাটীত ১ কোটি ৩২ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.