গুৱাহাটীত ১ কোটি ৩২ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ

author img

By

Published : Sep 21, 2022, 11:36 AM IST

custom

শুল্ক বিভাগৰ এটা দলে অভিযান চলাই গুৱাহাটীৰ কেৰাকুচিৰ এটা গুদামৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে (Foreign cigarettes seized from Guwahati)। গুদামটোত ৬ লাখৰো অধিক বিদেশী চিগাৰেট আছিল । শুল্ক বিভাগে ঘটনাৰ অধিক অনুসন্ধান আৰম্ভ কৰিছে ।

গুৱাহাটী,২১ ছেপ্টেম্বৰ : অসমৰ ৰাজধানী চহৰ গুৱাহাটীত শুল্ক বিভাগৰ বৃহৎ অভিযান (Customs raid in Guwahati)। শুল্ক বিভাগৰ এটা দলে অভিযান চলাই ১ কোটি ৩১ লাখ টকাৰ অবৈধ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় (Huge amount of Foreign cigarettes seized)। গুৱাহাটীৰ কেৰাকুচিৰ এটা গুদামত চলিছিল এই অভিযান । গুদামটোত মজুত কৰি থোৱা অৱস্থাত প্ৰায় ৬ লাখ ১ হাজাৰ ৪০০ টা বিদেশী চিগাৰেট জব্দ কৰে অভিযানকাৰী দলটোৱে ।

শুল্ক বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, গুৱাহাটী শুল্ক বিভাগৰ উপ-আয়ুক্তৰ নেতৃত্বত দলটোৱে অভিযান চলাই এই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ পৰা লাভ কৰা এক তথ্যৰ ভিত্তিত উক্ত গুদামটোত দলটোৱে অভিযান চলাইছিল ।

জানিব পৰা মতে সূত্ৰৰ খবৰৰ ভিত্তিত শুল্ক বিভাগে গুদামটো নিৰীক্ষণত ৰাখিছিল । পৰৱৰ্তী সময়তে মজুত কৰি ৰখা চক্ৰটোৱে চিগাৰেটখিনি আন ঠাইলৈ স্থানান্তৰৰ পৰিকল্পনা কৰিছিল । তাৰ পূৰ্বেই শুল্ক বিভাগৰ দলটোৱে গুদামটোত অভিযান চলাই আৰু বিদেশী চিগাৰেটখিনি জব্দ কৰিবলৈ সক্ষম হয় (Foreign cigarettes seized from Guwahati)।

অভিযানৰ সময়ত, ESSE আৰু Benson & Hedgesৰ দৰে বিদেশী চিগাৰেটৰ পেকেটৰ সৈতে টাটা এচ পিকআপ ভান এখনো অভিযানকাৰী দলটোৱে জব্দ কৰে । ইতিমধ্যে শুল্ক বিভাগে চিগাৰেটখিনি জব্দ কৰাৰ লগতে পৰৱৰ্তী অনুসন্ধান আৰম্ভ কৰিছে । অৱশ্যে এই অভিযানত কোনো লোক আটক হোৱাৰ তথ্য এতিয়ালৈ পোৱা হোৱা নাই ।

লগতে পঢ়ক : গোৱালপাৰাত চোৰাংভাৱে সৰবৰাহ কৰা কাঠসহ বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.