ETV Bharat / state

Biswajit Daimary: পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বিশেষ উদ্যোগ অসম বিধানসভাৰ

author img

By

Published : Jul 6, 2023, 8:43 PM IST

Biswajit Daimary's press conference
সংবাদমেল

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সংবাদমেল । ৮ জুলাইত কলাক্ষেত্রত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত সন্মিলন । অংশ গ্ৰহণ কৰিব ছয়খন জিলাৰ ১২১৩ জন পঞ্চায়ত প্ৰতিনিধিয়ে । উপস্থিত থাকিব সংশ্লিষ্ট জিলাৰ বিধায়কসকল ।

বিশ্বজিত দৈমাৰীৰ সংবাদমেল

গুৱাহাটী,৬ জুলাই : ৰাজ্যত পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ অসম বিধান সভাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে পঞ্চায়ত সন্মিলনৰ আয়োজন কৰা হৈছে । অহা ৮ জুলাইত গুৱাহাটীৰ কলাক্ষেত্ৰত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত সন্মিলন অনুষ্ঠিত কৰা হ’ব । ইয়াৰ পূৰ্বে ডিব্ৰুগড়ত অসম বিধানসভাই প্ৰথম পৰ্যায়ত পঞ্চায়ত সন্মিলন অনুষ্ঠিত কৰিছিল ।

বৃহস্পতিবাৰে এই কথা সদৰী কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে । অসম বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত আয়োজন কৰা সংবাদমেলত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে পঞ্চায়ত সন্মিলনৰ বিষয়ে উল্লেখ কৰি কয় যে ছয়খন জিলাক সামৰি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত সন্মিলন অনুষ্ঠিত কৰা হ’ব । পঞ্চায়তী ৰাজ ব্যৱস্থাক তৃণমূল পৰ্য্যায়লৈ নিয়াৰ প্ৰয়াস হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

দৰং, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও আৰু নগাঁও জিলাৰ পঞ্চায়ত প্ৰতিনিধিসকলে এই সন্মিলনত অংশ গ্ৰহণ কৰিব । তদুপৰি জিলাকেইখনৰ বিধায়কসকলেও এই সন্মিলনত ভাগ ল’ব । ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই এই সন্মিলনৰ শুভ উদ্বোধন কৰিব । তেওঁ কয় যে এই সন্মিলনত পঞ্চায়তীৰাজৰ সাংবিধানিক ব্যৱস্থা, ক্ষমত‍া, কৰ্তৃত্ব আৰু দায়িত্ব সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হ’ব । যাতে পঞ্চায়ত ব্যৱস্থাটোৰ সঠিক প্ৰয়োগেৰে ৰাইজ উপকৃত হয় ।

পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম বিধানসভাই এই উদ্যোগ গ্ৰহণ কৰিছে বুলি তেওঁ কয় । গ্ৰামাঞ্চলত সামাজিক, অৰ্থনৈতিক দিশত কেনেকৈ আগুৱাই নিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব । প্ৰতিনিধিসকলে সন্মুখীন হোৱা সমস্যাৰো বুজ লোৱা হ’ব । পঞ্চায়ত প্ৰতিনিধিৰ উপৰি বিধায়কসকলেও নিজৰ অভিজ্ঞতা এই সন্মিলনত ব্যক্ত কৰিব পাৰিব । বিধায়িনী প্ৰক্ৰিয়াৰে বিধানসভাত কিবা কৰিবলগীয়া আছে নেকি, সেই বিষয়েও আলোচনা কৰা হ’ব ।

ছয়খন জিলাৰ মুঠ ১২১৩ জন পঞ্চায়ত প্ৰতিনিধিয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰিব । ৰাজ্যৰ প্ৰতিখন জিলাক সামৰি পৰ্যায়ক্ৰমে এই সন্মিলন অনুষ্ঠিত কৰা হ’ব । সন্মিলনৰ অন্তত অসম বিধানসভাই ইয়াৰ প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক জমা দিব বুলি তেওঁ সদৰী কৰে । সংবাদমেলত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনো উপস্থিত আছিল ।

লগতে পঢ়ক : Adivasi insurgent outfits: গুৱাহাটীত পাঁচ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ; পৰেশ বৰুৱাকো আলোচনালৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.