ETV Bharat / state

Electricity generation in Assam: বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত এতিয়াও বহু পিছপৰি আছে অসম

author img

By

Published : May 28, 2023, 4:09 PM IST

ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমৰ বিদ্যুৎ উৎপাদন মাত্র ০.৪৬ শতাংশ (Assam is far behind in terms of power generation) । নৱীকৰণযোগ্য শক্তি আহৰণৰ ক্ষেত্ৰতো বহু পিছপৰি আছে অসম । সৌৰশক্তিৰ পৰা অসমে ২৫০ মেগাৱাট বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছে । ৰাজ্য চৰকাৰে নৱীকৰণযোগ্য শক্তি আহৰণৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে কেইখনমান চুক্তি স্বাক্ষৰ কৰিছে ।

Assam is far behind in terms of power generation
বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত এতিয়াও বহু পিছপৰি আছে অসম

গুৱাহাটী,২৮ মে': ৰাজ্যবাসীক ২৪ ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে কিন্তু কাৰ্যতঃ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হোৱা নাই । বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমৰ অৱস্থা এতিয়াও অতি শোচনীয় হৈ আছে । চাহিদা অনুপাতে ৰাজ্যখনৰ নিজাববীয়া যোগান তেনেই নগণ্য । ইফালে ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমৰ বিদ্যুৎ উৎপাদনৰ হাৰ এক শতাংশৰো কম (Assam is far behind in terms of power generation) ।

লক্ষণীয় বিষয় যে উন্নয়নমূলক কাম-কাজৰ ক্ষেত্রত অসম চৰকাৰে ৰাজ্যখনক গুজৰাটৰ সৈতে তুলনা কৰে যদিও বিদ্যুৎ উৎপাদনত গুজৰাটৰ স্থিতি দেশৰ ভিতৰত শীৰ্ষত আছে । উল্লেখ্য যে দেশত উৎপাদিত মুঠ বিদ্যুতৰ ১০.৭৯ শতাংশ বিদ্যুৎ উৎপাদন কৰে কেৱল গুজৰাটে । ইয়াৰ বিপৰীতে অসমৰ বিদ্যুৎ উৎপাদনৰ সামর্থ হ’ল মাত্র ০.৪৬ শতাংশ । অর্থাৎ এক শতাংশতকৈও কম (Electricity generation in Assam) ।

Assam is far behind in terms of power generation
সৌৰশক্তিৰ পৰা অসমে ২৫০ মেগাৱাট বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছে

শক্তি বা বিদ্যুৎ উৎপাদনত অসম অতিকৈ পিছপৰি থকাৰ বিপৰীতে গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, কর্ণাটক, মধ্য প্রদেশ আদি ৰাজ্য দিনক দিনে আগুৱাই গৈছে । পূৰ্বতে মহাৰাষ্ট্ৰ শীৰ্ষত আছিল যদিও এতিয়া গুজৰাটে মহাৰাষ্ট্ৰকো পিছ পেলাইছে । ইফালে অসমৰ তুলনাত হিমাচল প্রদেশ, পঞ্জাৱ, হাৰিয়ানা, পশ্চিম বংগ, ওড়িষা, বিহাৰ, ছট্টিশগড়, ৰাজস্থান আদি ৰাজ্য বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত যথেষ্ট আগবঢ়া ।

ইফালে কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ নৱীকৰণযোগ্য শক্তি আহৰণত সৰ্বাধিক গুৰুত্ব দি অহাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰাজ্যই নৱীকৰণযোগ্য শক্তি পর্যাপ্ত পৰিমাণে উৎপাদন কৰিবলৈ সক্ষম হৈছে (Renewable energy extraction in Assam) । এইক্ষেত্রত শীৰ্ষত আছে কর্ণাটক । সেইদৰে নৱীকৰণযোগ্য শক্তি উৎপাদনত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে গুজৰাট । নৱীকৰণযোগ্য শক্তি আহৰণত মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্র প্রদেশ, ৰাজস্থান, হিমাচল প্রদেশ আদি ৰাজ্যয়ো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

Assam is far behind in terms of power generation
ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমৰ বিদ্যুৎ উৎপাদন মাত্র ০.৪৬ শতাংশ

ইয়াৰ বিপৰীতে সৌৰশক্তিৰ পৰা অসমে ২৫০ মেগাৱাট বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ ৰাজ্য চৰকাৰে নৱীকৰণযোগ্য শক্তি আহৰণৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে কেইখনমান চুক্তি স্বাক্ষৰ কৰিছে । কিন্তু দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ তুলনাত নৱীকৰণযোগ্য শক্তি আহৰণৰ ক্ষেত্ৰ অসমত সম্প্ৰসাৰিত হোৱা নাই । নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি কৰিব নোৱাৰিলে অসমে সদায় আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব ।

বৰ্তমান সময়ত ৰাজ্যখনৰ বিদ্যুতৰ চাহিদা বাহিৰা উৎসৰ পৰা ক্ৰয় কৰি পূৰণ কৰিবলগীয়া হয় । যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে নিজা বিদ্যুৎ উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰিছে । বিশেষকৈ কাৰ্বনৰ নির্গমন হ্ৰাস কৰাৰ বাবে নবীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া অসম চৰকাৰে ২০৩০ চনৰ ভিতৰত মুঠ চাহিদাৰ ৪৫ শতাংশ শক্তি নবীকৰণযোগ্য শক্তি উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

Assam is far behind in terms of power generation
ৰাজ্যবাসীক ২৪ ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি !

তাপবিদ্যুৎ প্রকল্প বা জলবিদ্যুৎ প্রকল্পৰ পৰিৱৰ্তে সৌৰশক্তি প্রকল্পৰ জৰিয়তে নবীকৰণযোগ্য শক্তিৰ আহৰণত সর্বাধিক গুৰুত্ব দিছে অসম চৰকাৰে । অসমত বৃহৎ সামর্থৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা নথকা আৰু বতাহ শক্তিৰ সামর্থ্যও কম হোৱাৰ পৰিপ্ৰেক্ষিতত সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ এতিয়া সৌৰশক্তিৰ বিভিন্ন আহিলা ব্যৱহাৰ কৰা আৰম্ভ কৰিছে । উল্লেখ্য যে নবীকৰণযোগ্য শক্তি কেন্দ্ৰ আৰু আনৰ পৰা ক্ৰয় কৰা নবীকৰণযোগ্য শক্তি যোগ কৰি অসমে সর্বোচ্চ শক্তি চাহিদাৰ ২৫.০৩ শতাংশ পূৰণ কৰিবলৈ সক্ষম হৈছে ।

এ পি ডি চি এলৰ তথ্য অনুসৰি ২০২৬ চনত অসমে মুঠ চাহিদাৰ ৩৪ শতাংশ আৰু ২০৩০ চনত মুঠ চাহিদাৰ প্ৰায় ৪৫ শতাংশ শক্তি নবীকৰণযোগ্য শক্তি উৎসৰ পৰা পূৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই লক্ষ্যত উপনীত হোৱাৰ বাবে ২০২৬ চনত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে । ইতিমধ্যে ‘মুখ্যমন্ত্রী সৌৰশক্তি প্রকল্প' আঁচনিৰ অধীনত অসমত ১০০০ মেগাৱাট সৌশক্তি উৎপাদন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

এই আঁচনিখনৰ অধীনত চৰকাৰৰ অব্যৱহৃত ভূমিত সৌৰ পেনেল স্থাপন কৰি সেই মাটিৰ উপযুক্ত ব্যৱহাৰ কৰা হ’ব । ইফালে বৃহৎ সামর্থ্যৰ সৌৰশক্তি কেন্দ্ৰ স্থাপনৰ বাবেও চৰকাৰে আন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ লগত যুটীয়া উদ্যোগ কোম্পানী গঠন কৰিছে । ইতিমধ্যে এ পি ডি চি এলে এন এল চি ইণ্ডিয়া লিমিটেডৰ সৈতে ১০০০ মেগাৱাট সৌৰশক্তি কেন্দ্র স্থাপনৰ বাবে যৌথ কোম্পানী গঠন কৰিছে (Assam Power Distribution Company Limited) ।

Assam is far behind in terms of power generation
চাহিদা অনুপাতে ৰাজ্যখনৰ নিজাববীয়া যোগান তেনেই নগণ্য

এ পি ডি চি এলে এছ জে ভি এন গ্রীন এনাৰ্জী লিমিটেডৰ লগতো যুটীয়া কোম্পানী গঠন কৰি ১০০০ মেগাৱাট ভাসমান সৌৰশক্তি প্রকল্প স্থাপনৰ পদক্ষেপ হাতত লৈছে । ইয়াৰ উপৰি ৰাজ্যখনে আন ১২০০ মেগাৱাট গড় সামর্থ্যৰ শক্তি কেন্দ্ৰ স্থাপন কৰি অসম নবীকৰণযোগ্য শক্তি নীতি-২০২২ৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই ১২০০ মেগাৱাট শক্তিৰ উৎসসমূহ ক্ৰমে গ্রীড সংযুক্ত সৌৰশক্তি, গ্রীড সংযুক্ত ছাদ সৌৰ কেন্দ্ৰ, অফ-গ্রীড সৌৰ প্রায়োগিক কেন্দ্ৰ আৰু আন নবীকৰণযোগ্য শক্তিৰ উৎস ।

এই উৎসসমূহৰ ভিতৰত গ্ৰীড-সংযুক্ত সৌৰ শক্তিৰ পৰা ৬২০ মেগাৱাট, গ্রীড সংযুক্ত ছাদ সৌৰ কেন্দ্ৰৰ পৰা৩০০ মেগাৱাট, অফ-গ্রীড সৌৰ প্রায়োগিক কেন্দ্ৰৰ পৰা ৮০ মেগাৱাট আৰু আন নবীকৰণযোগ্য শক্তি উৎসৰ পৰা ২০০ মেগাৱাট সৌৰশক্তি আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইফালে বৰ্তমানলৈ আহৰণ কৰা ২৫০ মেগাৱাট সৌৰশক্তিৰ ক্ৰমে গ্ৰীড-সংযুক্ত সৌৰশক্তি কেন্দ্ৰৰ পৰা ১৭৯ মেগাৱাট, গ্রীড সংযুক্ত ছাদ সৌৰশক্তি কেন্দ্ৰৰ পৰা ৩১ মেগাৱাট আৰু অফ-গ্ৰীড সৌৰ পদ্ধতিৰ পৰা ৪০.০৯ মেগাৱাট উৎপাদন কৰা হৈছে ।

ভাৰত চৰকাৰৰ শক্তি পৰিসংখ্যা প্রতিবেদন অনুসৰি অসমত সৌৰশক্তি উৎপাদনৰ যথেষ্ট সম্ভাৱনীয়তা আছে (Possibility of solar power generation in Assam) । সেই সম্ভাৱনীয়তাক অসম চৰকাৰে বাস্তৱ ৰূপ দিয়াৰ বাবে কেইবাটাও প্ৰকল্প হাতত লৈছে । লক্ষণীয় বিষয় যে ৰাজ্যখনত সর্বোচ্চ চাহিদাৰ সময়ত ২৪৬০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয় । প্রয়োজনীয় এই বিদ্যুতৰ বিপৰীতে মাত্র ১০ শতাংশ বিদ্যুৎ এ পি ডি চি এলে নিজৰ উৎসৰ পৰা লাভ কৰে । অৰ্থাৎ ৯০ শতাংশ বিদ্যুতৰ বাবে এ পি ডি চি এলে অন্য উৎসৰ ওপৰত নিৰ্ভৰ কৰি আহিছে । যাৰ ফলত কোটি কোটি টকা আদায় দিব লাগে । কিন্তু সৌৰ শক্তি প্রকল্পসমূহৰ ৰূপায়ণ সম্ভৱ হৈ উঠিলে বিদ্যুৎ উৎপাদনত এ পি ডি চি এল স্বাৱলম্বী হৈ উঠাই নহয়, উৎপাদিত বিদ্যুৎ বিক্ৰী কৰিবলৈও সক্ষম হ’ব ।

লগতে পঢ়ক: Goalpara Civil Hospital incident: চিকিৎসকক প্ৰহাৰ ৰোগীৰ পৰিয়ালৰ, আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.