ETV Bharat / state

Assam cabinet meeting: জানি লওক শুকুৰবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By

Published : Jun 9, 2023, 10:30 PM IST

Assam cabinet meeting
Assam cabinet meeting

শুকুৰবাৰ অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীসকলৰ মাননি প্ৰদান কৰাৰ ক্ষেত্ৰত লোৱা হ’ল সিদ্ধান্ত (Assam cabinet decision) ৷

জানি লওক শুকুৰবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী,৯ জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শুকুৰবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Assam govt cabinet meeting) ৷

কেবিনেটত ক্ৰীড়াৰ ক্ষেত্ৰখনৰ বাবে উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ক্ৰীড়া ক্ষেত্ৰৰ বাবে অভিনৱ বিন্দ্ৰা ফাউণ্ডেচন ট্ৰাষ্টৰ সৈতে বুজাবুজিৰ চুক্তি কৰি অসম চৰকাৰে যৌথভাৱে কাম কৰিব ৷ ইয়াৰ যোগেদি গুৱাহাটীৰ আশে-পাশে থকা ২৫০ খন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আৰম্ভ হ’ব Olympic Value of education কাৰ্যসূচী ৷ শুকুৰবাৰৰ কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় (Assam cabinet decision) ৷

আনহাতে কেবিনেটত ‘ৰাইট টু পাব্লিক চাৰ্ভিচ এক্ট’ৰ সংশোধনী অনাৰ ক্ষেত্ৰত অনুমোদন দিয়া হৈছে ৷ ইয়াৰ দ্বাৰা ৰাজ্যত নতুনকৈ Right to Public Service Commission গঠন কৰা হ’ব ৷ এই আয়োগৰ যোগেদি অসমৰ যিকোনো নাগৰিকে কিবা চৰকাৰী সুবিধা, অধিকাৰ আদি লাভ কৰাৰ ক্ষেত্ৰত অসুবিধা পালে অভিযোগ দাখিল কৰিব পাৰিব ৷

কোনো বিষয়াই এইক্ষেত্ৰত ইচ্ছাকৃতভাৱে গাফিলতি কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আয়োগে ৷ এই আয়োগে প্ৰয়োজনত অভিযুক্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে জৰিমণাও বিহিব পাৰিব ৷ এই আয়োগত এজন অধ্যক্ষ আৰু দুজন আয়ুক্ত থাকিব ৷ নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আয়োগে কাম কৰিব ৷

সেইদৰে ‘আসাম ই এছ আই ডাক্তৰ চাৰ্ভিৰ ৰোল-২০২০’ৰ সংশোধনীৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনায় ৷ ইয়াৰ যোগেদি ই এছ আইৰ চিকিৎসকসকলে পূৰ্বৰ ৫ বছৰৰ ঠাইত অভিজ্ঞতাৰ ভিত্তিত দুইবছৰত পদোন্নতি লাভ কৰিব ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ডিবিটি ব্যৱস্থাৰ যোগেদি সকলো চৰকাৰী আঁচনিৰ বাবে এক ডিজিটেল প্লেটফৰ্ম তৈয়াৰ কৰা হ’ব ৷ ইয়াৰ যোগেদি সকলো হিতাধিকাৰীৰ সমূহ তথ্য উল্লেখ থাকিব এই ব্যৱস্থাত ৷ এই Digital Infrastructure for DBT Schemesৰ যোগেদি প্ৰকৃত হিতাধিকাৰীসকলক চিনাক্তকৰণত সহায়ক হ’ব । আজিৰ কেবিনেটত জি এছ টি এমেনমেণ্ট অৰ্ডিনেন্স এখন অনা হৈছে ৷

আনহাতে অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (200 years of Assam tea) ৷ অহা তিনি বছৰলৈ অসমৰ চাহৰ কৃষি কৰ ৰেহাই দিয়া হৈছে ৷ সেইদৰে ৰাজ্যত নতুনকৈ আৰম্ভ হ’বলগীয়া ১৮ খন আদৰ্শ বিদ্যালয় আৰু চাহ বাগিচাৰ ১৯ খন আদৰ্শ বিদ্যালয় ১৯ জুন আৰু ২০ জুনত মুকলি কৰা হ’ব । এই সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সকলো মন্ত্ৰীয়ে জিলাই জিলাই মুকলি কৰিব আদৰ্শ বিদ্যালয়সমূহ । দুদিনত একেলগে এই ৩৭ খন বিদ্যালয় মুকলি হ’ব ।

শুকুৰবাৰৰ কেবিনেটে বিহুৰ বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা-বিহুৱতীসকলৰ বাবে সুখবৰ আনিছে (Bihu world record) ৷ অহা ২৮ আৰু ২৯ জুনত জিলাই জিলাই এক অনুষ্ঠানৰ যোগেদি বিহুৱা-বিহুৱতীসকলক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব । আনহাতে সংৰক্ষিত হিচাপে থাকি যোৱা বিহুৱা-বিহুৱতীসকলক ১০ হাজাৰ টকাকৈ দিয়া হ’ব । মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে প্ৰদান কৰিব মাননি আৰু প্ৰমাণ-পত্ৰ ৷

লগতে পঢ়ক: Construction in Guwahati: মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ জিলা আযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.