ETV Bharat / state

Assam Govt Recruitment : বুধবাৰে তৃতীয় বৰ্গৰ ১১ হাজাৰ পদৰ পৰীক্ষাৰ ফলাফল; মুখ্যমন্ত্ৰীৰ টুইট

author img

By

Published : May 2, 2023, 2:00 PM IST

Assam govt 3rd grade recruitment exam result
ঘোষণা হ'ব ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

বুধবাৰে ঘোষণা হ'ব ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা ঘোষণা কৰিছে । উল্লেখ্য, ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ ১১,৫১০ টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা (Assam govt 3rd grade recruitment exam result) ।

গুৱাহাটী, ২ মে' : ৰাজ্য চৰকাৰে এক লাখ পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পথত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এক টুইটযোগে ঘোষণা কৰে (CM Himanta Biswa Sarma twitted on recruitment) । টুইটৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ৩ মে' অৰ্থাৎ বুধবাৰে তৃতীয় বৰ্গৰ ১১,৫১০ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব (Assam govt 3rd grade recruitment exam result) । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত থকাৰ মাজতে বুধবাৰে তৃতীয় বৰ্গৰ ১১,৫১০ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি টুইট কৰে ।

Assam govt 3rd grade recruitment exam result
ঘোষণা হ'ব ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

এমাহ পূৰ্বে অনুষ্ঠিত বিধানসভাৰ বাজেট অধিবেশনত মুখ্যমন্ত্ৰীয়ে মে' মাহৰ ভিতৰত চৰকাৰে ১ লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰিছিল । মন কৰিবলীয়া যে পৱিত্ৰ সদনৰ মজিয়াত সগৌৰৱেৰে এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অহা মে' মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব ১ লাখ নিযুক্তি প্ৰক্ৰিয়া (Chief Minioster Himanta Biswa Sarma) । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে ৰাজ্যত ১২,৩৬,২৯৯ গৰাকী নিবনুৱা আছে ।

উল্লেখ্য যে অসম চৰকাৰৰ অধীনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লগতে আৰক্ষী, বনৰক্ষী বাহিনী, স্বাস্থ্য বিভাগ আৰু প্ৰাথমিক, উচ্চ প্ৰাথমিক, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ নিযুক্তিৰ মুঠ ৫১,৩৯৭ টা পদৰ বাবে প্ৰাৰ্থীৰ তালিকা শীঘ্ৰে প্ৰকাশ পাব । এই তালিকাত একেজন প্ৰাৰ্থীয়ে একাধিক পদত নিৰ্বাচিত হোৱাৰ অভিযোগ কৰিছে ডি ৱাই এফ আই আৰু ৰাইজৰ দল আদি দল তথা সংগঠনে । ৫১,৩৯৭ টা পদত নিযুক্তি দিব চৰকাৰে ।

কিন্তু এজন প্ৰাৰ্থীয়েই ৪/৫ টা পদত নিৰ্বাচিত হোৱাৰ সম্ভনাই বেছি দেখা দিছে বুলি সংগঠনকেইটাই অভিযোগ কৰিছে । পদৰ অ'ভাৰলেপিঙক লৈ ইতিমধ্যে সোচ্চাৰ হৈ প্ৰতিবাদো সাব্যস্ত কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে । কিন্তু এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক : DHS Assam Result 2023 : অভাৰলেপিঙৰ নাটক বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান কৃষক মুক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.