National Voters Day: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

author img

By

Published : Jan 25, 2022, 8:17 PM IST

National Voters Day: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীত উৎকৃষ্ট নিৰ্বাচনী সেৱাৰ বাৰ্ষিক ৰাজ্যিক বঁটা ২০২১ বিভিন্ন পর্যায়ত ২৭ জন ব্যক্তিক প্ৰদান কৰা হয় (National Voters Day celebrated at ITA Machkhowa on Tuesday) । তদানীন্তন অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া বিনোদ ছেচানক বিশেষ ৰাজ্যিক বঁটা প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । ভোটাৰসকলক উদ্দেশ্যি শপত বাক্য পাঠ কৰোৱা হয় ।

গুৱাহাটী, ২৫ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় (National Voters Day celebrated at ITA Machkhowa on Tuesday) । এই উদ্দেশ্যে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ আই টি এ কেন্দ্ৰত আয়োজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী (Governor Prof Jagdish Mukhi attends as chief guest)। ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত ৰাজ্যপালগৰাকীয়ে ভোটাৰ সকলক উদ্দেশ্যি দেশৰ প্ৰতিটো নিৰ্বাচনতে নির্ভয়ে ধর্ম, বর্ণ, জাতি-সম্প্ৰদায় বা যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত বাক্য পাঠ কৰোৱায় ।

National Voters Day: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী
National Voters Day: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

আজিৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীতে উৎকৃষ্ট নিৰ্বাচনী সেৱাৰ বাৰ্ষিক ৰাজ্যিক বঁটা ২০২১ বিভিন্ন পর্যায়ত ২৭ জন ব্যক্তিক প্ৰদান কৰা হয় । উল্লেখ যে তদানীন্তন অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া বিনোদ ছেচানক বিশেষ ৰাজ্যিক বঁটা প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । ছেচানৰ লগতে নৱজিত পাঠক, ড৹ হেমন্ত কুমাৰ নাথ আৰু ৰাবেয়া বেগমক এই বঁটা প্ৰদান কৰা হয় । আনহাতে ড৹ এম এছ লক্ষ্মী প্ৰিয়া, ৰশ্নি অপাৰঞ্জি, স্বপনীল পাল আৰু লখিমী দত্তক উৎকৃষ্ট জিলা নিৰ্বাচনী বিষয়াৰ বঁটা প্ৰদান কৰা হয় ।

National Voters Day: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী
National Voters Day: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

ইয়াৰোপৰি উৎকৃষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়া তথা সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ শাখাত চাৰিজন ব্যাক্তিক আৰু ১৫ জন বুথ পর্যায়ৰ বিষয়াক উৎকৃষ্ট বুথ পর্যায়ৰ পঞ্জীয়ন বিষয়াৰ বঁটা প্ৰদান কৰা হয় । ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ দলে, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্থিক এন উপস্থিত থাকে । অনুষ্ঠানত পঞ্জীকৃত নতুন ভোটাৰ সকলক নিৰ্বাচনী পৰিচয় পত্ৰ আৰু ভোটাৰ কিট বিতৰণ কৰা হয় । ইফালে জনতা ভৱনতো অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে শপত বাক্য পাঠ কৰোৱায় ।

লগতে পঢ়ক: ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ নতুন মুৰব্বী অসম সন্তান লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.