ETV Bharat / state

Assam Flood report: ৰাজ্যৰ ২৪৭ খন গাঁও এতিয়াও বানৰ কৱলত; বৰ্তমানলৈকে 14 জনৰ মৃত্যু

author img

By

Published : Aug 15, 2023, 9:02 PM IST

Assam Flood report
Assam Flood report

মঙলবাৰৰ দিনটোত কিছু উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ ৰাজ্যত বৰ্তমানলৈকে বানত পৰি মৃত্যু হৈছে 14 জনকৈ লোকৰ ৷ মঙলবাৰৰ দিনটোত ব্ৰহ্মপুত্ৰ আৰু বেকী নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

গুৱাহাটী, 15 আগষ্ট: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মঙলবাৰে প্ৰকাশ কৰা তথ্য মতে বানত মঙলবাৰে কোনো‌ লোকৰ মৃত্যু হোৱা নাই । এতিয়ালৈকে চলিত বছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জন ।‌ সোমবাৰে শোণিতপুৰ জিলাত দুজন লোকৰ মৃত্যু হৈছে । বানৰ তাণ্ডৱ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও সম্প্রতি বানৰ কৱলত আছে ৰাজ্যৰ আঠখন জিলা ।

বিগত দেওবাৰে শিৱসাগৰত বানত এজন লোক মৃত্যু হোৱাৰ পিচত শোণিতপুৰত দুজন লোকে বানত প্ৰাণ হেৰুৱায় । ইপিনে নামনি অসমত বেকী নদী সোমবাৰে বিপদসীমাৰ উপৰেৰে বৈ আছিল যদিও মঙলবাৰে বেকী নদী বিপদসীমাৰ তলেৰে বৈ আছে ।‌

উজনি অসমত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ উপৰেৰে বৈ আছে । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, শিৱসাগৰ জিলাৰ ১৫ টা ৰাজহ চক্ৰৰ ২৪৭ খন গাঁও এতিয়া বানৰ কৱলত আছে । বানৰ ফলত প্ৰভাৱিত হৈছে ৪৫ হাজাৰ ৭৭৪ জন । ধেমাজি আৰু শিৱসাগৰ জিলা বানৰ ফলত সৰ্বাধিক প্ৰভাৱিত হৈছে ।

ধেমাজিৰ ২৪,৭৫৪ জনআৰু শিৱসাগৰৰ ১৫,৬৫০ জন সম্প্রতি জলবন্দী হৈ আছে । আনহাতে, ৬,১৩৬ হেক্টৰ কৃষিভূমি বানত বুৰ গৈ আছে । শিৱসাগৰৰ আঠটা বান আশ্রয় শিবিৰত সম্প্ৰতি ১,২১৯জন বন্যার্তই আশ্ৰয় লৈ আছে ।

ইফালে বৰঝাৰত থকা বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে অহা ২৪ ঘন্টাত অসমৰ ‌বিভিন্ন ঠাইত পাতলীয়া‌ বৰষুণ‌ হ'ব । ‌আকৌ ঠায়ে ঠায়ে‌ ব্ৰজপাতৰ হৈ বেছি‌ বৰষুণ‌ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: National Flag Hosting in BJP State HQ: বিজেপি মুখ্য কাৰ্যালয়ত প্ৰথমে ওলোটাকৈয়ে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.