ETV Bharat / state

অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা 1830 লৈ বৃদ্ধি ৷

author img

By

Published : Jun 4, 2020, 12:53 AM IST

1800 অতিক্ৰম কৰিলে অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই ৷ শেহতীয়াকৈ 74 গৰাকী আক্ৰান্ত চিনাক্ত হৈছে ৰাজ্যৰ 3 খন জিলাত ৷ অৱশ্য়ে আক্ৰান্তসকলৰ অধিকাংশই কোৱাৰেন্টাইন চেন্টাৰত থকা বুলি জানিব পৰা গৈছে ৷

assam covid -19 positive case rose to 1830
assam covid -19 positive case rose to 1830

নিউজ ডেস্ক, 3 জুন : অসমত অভাৱনীয়ভাৱে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ দ্ৰুত গতিত আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে ৰাইজক এক প্ৰকাৰ চিন্তাতো পেলাইছে ৷ ৰাজ্যখনত মুঠ ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ইতিমধ্যে দুহেজাৰৰ কাষ চাপিছে ৷ ইয়াৰে অধিকাংশ আক্ৰান্ত ব্যক্তি বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ আছিল ৰাজ্যৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰত ৷

  • 📌Alert ~ 74 new cases of #COVID19+

    59 Dhubri, 14 Nagaon, 1 Udalguri

    ↗️Total cases 1830
    ↗️Recovered 413
    ↗️Active cases 1410
    ↗️Deaths 04

    Update 10:55 PM/June 3/Day's total as of now 269#AssamCovidCount pic.twitter.com/EjkmivD0pz

    — Himanta Biswa Sarma (@himantabiswa) June 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়াকৈ ৰাজ্যৰ তিনিখন জিলাত ধৰা পৰিছে মুঠ 74 গৰাকী ক'ভি়ড-19 আক্ৰান্ত ব্যক্তি ৷ ধুবুৰী জিলাত 59 গৰাকী, নগাঁও জিলাত 14 গৰাকী আৰু ওদালগুৰি জিলাত এগৰাকী লোকৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বৰ্তমানলৈকে সৰ্বমুঠ 1410 গৰাকী ব্যক্তি চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 413 গৰাকী ইতিমধ্যে আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা অব্যহতি লাভ কৰিছে ৷ আনহাতে ৰাজ্যত ক'ভিড-19 ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 4 গৰাকী ৷

লগতে পঢ়ক : চিৰাঙত খাদ্যৰ অভাৱত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.