ETV Bharat / state

উপ নিৰ্বাচনত বিজেপিয়ে কাৰ ধনেৰে উৰুৱাইছে হেলিকপ্টাৰ: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Oct 15, 2019, 11:53 PM IST

উপ নিৰ্বাচনত কাৰ ধনেৰে হেলিকপ্টাৰ উৰুৱাইছে বিজেপিয়ে ? ছিণ্ডিকেটৰ ধন,নে নুমলীগড় শোধনাগাৰ বিক্ৰী কৰিবলৈ ওলোৱা মালিকৰ ধন,নে চিমেণ্ট কোম্পানী সমূহৰ ধনেৰে হেলিকপ্টাৰ উৰুৱাইছে বিজেপিয়ে? এই প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ৷

উপ নিৰ্বাচনত বিজেপিয়ে কাৰ ধনেৰে উৰুৱাইছে হেলিকপ্টাৰ : অপূৰ্ণ কুমাৰ ভট্টাচাৰ্য্য

গুৱাহাটী,15 অক্টোবৰ : ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ বতাহ । জনীয়া,ৰঙাপাৰা,ৰাতাবাৰী আৰু সোনাৰি বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনক লৈ ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল। উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগা এই চাৰিটা সমষ্টি নিজৰ দখললৈ আনিবলৈ ৰাজ্যৰ প্ৰধান দল দুটা কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰদৰ্শন কৰিছে নিজৰ নিজৰ বল। বিশেষকৈ শাসকীয় দল বিজেপিয়ে উপ নিৰ্বাচনত উৰুৱাইছে দুখনকৈ হেলিকপ্টাৰ। উপ নিৰ্বাচন শাসকীয় দল বিজেপিক হেলিকপ্টাৰ উৰুৱাকলৈ তীব্ৰ আক্ৰমণ কৰিছে কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিজেপিক আক্ৰমণ কৰি প্ৰশ্ন উত্থাপন কৰে যে বিজেপিয়ে উপ নিৰ্বাচনত কাৰ ধনেৰে হেলিকপ্টাৰ উৰুৱাইছে? ছিণ্ডিকেটৰ ধন,নে নুমলীগড় শোধনাগাৰ বিক্ৰী কৰিবলৈ ওলোৱা মালিকৰ ধন,নে চিমেণ্ট কোম্পানী সমূহৰ ধনেৰে উপ নিৰ্বাচনত হেলিকপ্টাৰ উৰুৱাইছে নি বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ দলৰ মুখপত্ৰ গৰাকীয়ে। ইফালে সোমবাৰে জনীয়াত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ শাসনকালত মুছলমানসকল অধিক নিৰ্যাতিত হোৱা বুলি কৰা মন্তব্যক সমালোচনা কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কয় "গুৱাহাটীৰ পৰা ধুবুৰীলৈ লুঙী-টুপী দেখা,গুৱাহাটীৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিলে বাংলাদেশৰ মাজেৰে যাত্ৰা কৰা যেন লগা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাৎ মুছলমানৰ দুখ অনুভৱ কৰিছে,তেওঁ বহুৰূপী,এতিয়া তেওঁ আল্লাৰ দোৱা বিচাৰি ফুৰিছে ৷" লগতে বিদেশীৰ গোচৰত অভিযুক্ত হৈ তেজপুৰৰ দুলাল চন্দ্ৰ পাল নামৰ লোকজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱাটোৱে পুনৰ প্ৰমাণ কৰিলে যে বিজেপিয়ে হিন্দু বাঙালী সকলকলৈও অমানৱীয়,দায়িত্বহীন ভূমিকা পালন কৰি আহিছে বুলিও মন্তব্য প্ৰকাশ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

উপ নিৰ্বাচনত বিজেপিয়ে কাৰ ধনেৰে উৰুৱাইছে হেলিকপ্টাৰ ?
Intro:উপ নিৰ্বাচনত কাৰ ধনেৰে হেলিকেপ্টেৰ উৰুৱাইছে বিজেপিয়ে ? ছিণ্ডিকেটৰ ধন, নে নুমলীগড় শোধনগৰ বিক্ৰী কৰিবলৈ ওলোৱা মালিকৰ ধন, নে চিমেণ্ট কোম্পানী সমূহৰ ধনেৰে হেলিকেপ্টেৰ উৰুৱাইছে বিজেপিয়ে? এই প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ অপূৰ্ণ কুমাৰ ভট্টাচাৰ্য্যৰ।


Body:ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। জনীয়া, ৰঙাপাৰা, ৰাতাবাৰী আৰু সোনাৰী বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনক লৈ ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল। উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগা এই চাৰিটা সমষ্টি নিজৰ দখললৈ আনিবলৈ ৰাজ্যৰ প্ৰধান দল দুটা কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰদৰ্শন কৰিছে নিজৰ নিজৰ বল। বিশেষকৈ শাসকীয় দল বিজেপিয়ে উপ নিৰ্বাচনত উৰুৱাইছে দুটাকৈ হেলিকেপ্টেৰ। উপ নিৰ্বাচন বিজেপি দলে হেলিকেপ্টেৰ উৰুৱাকলৈ কংগ্ৰেছে তীব্ৰ আক্ৰমণ কৰিছে শাসকীয় দলটোক। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই বিজেপিক আক্ৰমণ কৰি প্ৰশ্ন উত্থাপন কৰে যে বিজেপিয়ে উপ নিৰ্বাচনত কাৰ ধনেৰে হেলিকেপ্টেৰ উৰুৱাইছে? ছিণ্ডিকেটৰ ধন, নে নুমলীগড় শোধনগৰ বিক্ৰী কৰিবলৈ ওলোৱা মালিকৰ ধন, নে চিমেণ্ট কোম্পানী সমূহৰ ধনেৰে উপ নিৰ্বাচনত হেলিকেপ্টেৰ উৰুৱাইছে বিজেপিয়ে বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ দলৰ মুখপত্ৰ গৰাকীয়ে। ধৰ্মীয় সংখ্যালঘু প্ৰধান জনীয়া সমষ্টিত উপ নিৰ্বাচনত নিজৰ স্থিতি সবল কৰিবলৈ এইবাৰ বিজেপি দলে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। কি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কি বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কি প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সকলো জনীয়ামুখী হোৱা পৰিলক্ষিত হৈছে। সোমবাৰে জনীয়াত এক নিৰ্বাচনী সভাত অংশগ্ৰন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ শাসনকালত মুছলমান অধিক নিৰ্যাতিত হোৱা বুলি কৰা মন্তব্যক সমালোচনা কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কয় গুৱাহাটীৰ পৰা ধুবুৰীলৈ লুঙী-টুপী দেখা, গুৱাহাটীৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিলে বাংলাদেশৰ মাজেৰে যাত্ৰা কৰা যেন লগা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হঠাৎ মুছলমানৰ দুখ অনুভৱ কৰিছে, তেওঁ বহুৰূপী, এতিয়া তেওঁ আল্লাৰ দুৱা বিচাৰি ফুৰিছে।

বাইট : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, মুখপত্ৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি


Conclusion:বিদেশীৰ গোচৰত অভিযুক্ত হৈ তেজপুৰৰ দুলাল চন্দ্ৰ পাল নামৰ লোকজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু হোৱাটো পুনৰ প্ৰমাণ কৰিলে যে বিজেপিয়ে হিন্দু বাঙালী সকলকলৈ অমানৱীয়, দায়িত্বহীন ভূমিকা পালন কৰি আহিছে বুলিও মন্তব্য প্ৰকাশ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.