ETV Bharat / state

CM Himanta in Delhi: ভগৱানে সকলোকে চাই থাকে; দিল্লীতো বানপানী হ’ব পাৰে বুলি ভবা নাছিল কেজৰিৱালে; হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jul 15, 2023, 7:49 PM IST

CM Himanta in Delhi
CM Himanta in Delhi

দিল্লীক পুনৰ অৰবিন্দ কেজৰিৱালৰ কথা উল্লেখ কৰি কেজৰিৱালক নীতি শিক্ষা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কেজৰিৱালৰ আমন্ত্ৰণৰ বাবে এতিয়াও ৰৈ থকা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ বানপানীকলৈয়ো মন্তব্য ৷

কেজৰিৱালক কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

গুৱাহাটী, ১৫ জুলাই : কিছুদিনলৈ স্তব্ধ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাক্যযুদ্ধ ৷ এইবাৰ পুনৰ আৰম্ভ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নতুন দিল্লীত শনিবাৰে কেজৰিৱালক সংবাদ মাধ্যমৰ জৰিয়তে নীতিপাঠ দিলে হিমন্ত বিশ্ব শৰ্মাই ৷

কেজৰিৱালৰ গাড়ীত উঠি দিল্লী ফুৰিব বুলি ৬ মাহ ধৰি অপেক্ষা কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই । কিন্তু বৰ্তমান পৰ্যন্ত নিমন্ত্ৰণ লাভ নকৰিলে তেঁও ৷ দিল্লীত এই মন্তব্য কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

“কেজৰিৱালে কৈছিল আপোনাক মই মাতিম ৷ খানা খুৱাম ৷ নিজৰ গাড়ী লৈ দিল্লী ফুৰাব ৷ মোলৈ আমন্ত্ৰণ কেতিয়া আহিব বুলি অপেক্ষা কৰি আছিলো ৷ আজিটো ৬ মাহ হৈ গ’ল । ইনভিটেশ্যন নাহিল ৷ নিমন্ত্ৰণ আহিলে আজিয়েই মই চিধা তেঁওৰ ঘৰ পামগৈ ৷” পুৰণি বিতৰ্ক সন্দৰ্ভত পুনৰ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷

লগতে নতুন দিল্লীৰ শেহতীয়া বানপানী প্ৰসংগত কেজৰিৱালৰ প্ৰতি নীতি শিক্ষা আৰু পৰামৰ্শ আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই ৷ ‘‘দিল্লী, চেন্নাই, বাংগালুৰু আদি ডাঙৰ ডাঙৰ মহানগৰীত ‘আৰবান’ বানপানী হয়েই ৷ গুৱাহাটীতো হয় ৷ সেয়ে মই ভাবো দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অসমত গৈ উপলুঙা কৰিব নালাগিছিল ।’’ দিল্লীৰ বানপানী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য ।

লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, “মই ভাবো ইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সিখন ৰাজ্যত গৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক ইতিকিং কৰা উচিত নহয় ৷ এই পৰিৱেশ বিলাক সলনি হ’ব লাগে ৷ কিছুদিন আগতে কেজৰিৱালে অসমত গৈ ইতিকিং কৰি আহিছিল ৷ তেওঁ হয়তো ভবা নাছিল যে ভগৱানে সকলোকে চাই থাকে, দিল্লীতো বানপানী হ’ব পাৰে বুলি ৷”

মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিকিঙৰ পৰিৱৰ্তে পৰস্পৰ সহযোগিতাহে কৰা উচিত বুলি মন্তব্য কৰি লগতে কয়, “সকলোৰে নিজৰ নিজৰ সমস্যা আছে ৷ ভূটানৰ পানী, চীনৰ পানী, অৰুণাচলৰ পানীৰ লগত আমি যুঁজিব লাগে ৷ ইতিকিঙৰ পৰিৱৰ্তে সহযোগিতা কৰা ভাল । কিছুদিনৰ পূৰ্বে অসমত গৈ কেজৰিৱালে ইতিকিং কৰাৰ কোনো প্ৰয়োজন নাছিল ৷”

উল্লেখ্য যে যোৱা এপ্ৰিল মাহত অৰবিন্দ কেজৰিৱাল অসমলৈ আহি এখন জনসভাত অংশগ্ৰহণ কৰিছিল ৷ তেতিয়াই কেজৰিৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছিল ৷ লগতে দুয়োজন মুখ্যমন্ত্ৰীয়ে টুইটাৰতো দীঘলীয়া তৰ্কযুদ্ধত অৱতীৰ্ণ হৈছিল ৷

লগতে পঢ়ক: CM Himata Biswa: লোকসভা নিৰ্বাচনৰ আগতে সলনি নহয় মন্ত্ৰীসভা; সলনি নহয় ৰাজ্যিক বিজেপিৰ সভাপতি-দিল্লীত ঘোষণা মুখ্যমন্ত্ৰীৰ
লগতে পঢ়ক: CM Himanta in Delhi: শীঘ্ৰেই ১ কোটি গছপুলি ৰোপণ কৰি কৃষি অৰ্থনীতিক শক্তি প্ৰদান কৰিম; হিমন্ত বিশ্ব শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.