ETV Bharat / state

CM Himata Biswa: লোকসভা নিৰ্বাচনৰ আগতে সলনি নহয় মন্ত্ৰীসভা; সলনি নহয় ৰাজ্যিক বিজেপিৰ সভাপতি-দিল্লীত ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 15, 2023, 6:39 PM IST

Updated : Jul 15, 2023, 6:56 PM IST

দিল্লীত আছেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ দিল্লীতেই সংবাদ মাধ্যমৰ আগত ৰাজ্যত চলি থকা কেতবোৰ ৰাজনৈতিক চৰ্চাৰো স্পষ্ট উত্তৰ দিলে মুখ্যমন্ত্ৰী শৰ্মাই ৷ গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM Himata
CM Himata

লোকসভা নিৰ্বাচনৰ আগতে সলনি নহয় মন্ত্ৰীসভা

নতুন দিল্লী, ১৫ জুলাই: লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত নহয় মন্ত্ৰীসভাৰ সালসলনি ৷ এতিয়াই সলনি নহয় ৰাজ্যিক বিজেপিৰ সভাপতি ৷ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দিল্লীত আজি এই কথা স্পষ্টকৈ প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

শেহতীয়াকৈ অসমৰ ৰাজনীতিত ব্যাপক চৰ্চা আছিল যে শীঘ্ৰেই অসমত মন্ত্ৰীসভাৰ সালসলনি হ’ব ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বাহৰ পাতিছিলগৈ ৷ মুখ্যমন্ত্ৰীৰ দিল্লী ভ্ৰমণক লৈ সৃষ্টি হৈছিল ব্যাপক চৰ্চা আৰু ৰহস্য ৷

শনিবাৰে দিল্লীত এই সকলো ৰহস্যৰ ভেদ ভাঙিলে মুখ্যমন্ত্ৰীয়ে ৷ মন্ত্ৰীসভাৰ সালসলনি প্ৰসংগত ড৹ শৰ্মাই ক’লে, “লোকসভা নিৰ্বাচনৰ আগত কোনো পৰিৱৰ্তন নহয় মন্ত্ৰী সভাৰ । লোকসভা নিৰ্বাচনৰ পাচত, আমাৰ বিধানসভা নিৰ্বাচনৰ আগত মন্ত্ৰীসভাৰ বৃহং সালসলনি কৰা হ’ব ৷” এই মন্তব্যৰে মন্ত্ৰী সভাৰ সালসলনি প্ৰসংগত চলি থকা চৰ্চাৰ কিছুদিনলৈ মুখনি মাৰিলে বুলি ক’ব পাৰি ৷

আনহাতে লগতে ৰাজ্যৰ ৰাজনৈতিক চৰ্চাত আছিল যে হয়তো শীঘ্ৰেই সলনি হ’ব ৰাজ্যিক সভাপতি । ৰাজ্যিক সভাপতি ভৱেশ কলিতাক আঁতৰোৱা হ’ব ৷ তাৰ ঠাইত আহোম সম্প্ৰদায়ৰ মাজৰ পৰা এজনক ৰাজ্যিক সভাপতি পতা হ’ব বুলি বহুল চৰ্চা চলিছিল ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নতুন দিল্লীত সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰিলে যে কাৰ্যকাল শেষ হোৱাৰ আগতে সলনি নহয় ৰাজ্যিক বিজেপিৰ সভাপতি ৷

বৃহস্পতিবাৰৰ আবেলিৰ পৰা দিল্লীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেওবাৰেহে অসমলৈ উভতিব ৷ এইকেইদিনত দিল্লীৰ কাৰ্যসূচী প্ৰসংগতো সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যোৱা নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতি প্ৰসংগত অৱগত কৰাৰৰ লগতে অসমলৈ SDRFৰ শিতানৰ ৩৬০ কোটি টকা মোকলাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে মুখ্যমন্ত্ৰীয়ে জনালে যে কেন্দ্ৰীয় শ্ৰম আৰু বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱক সাক্ষাৎ কৰি অহা ২ অক্টোবৰত এদিনতে ১ কোটি গছপুলি ৰোপণৰ বিশাল কাৰ্যসূচী সন্দৰ্ভত তেঁও কেন্দ্ৰৰ সহায় বিচাৰে । আনহাতে শুকুৰবাৰে দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাকো সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীয়ে । নতুন দিল্লীত অসম সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে উপযুক্ত ভূমিৰ আবণ্টন বিচাৰি দিল্লীৰ উপ-ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

  • Absolute delight meeting Hon’ble Lt Governor of Delhi Shri VK Saxena ji.

    Got a lot to learn from his vast experience and his efforts to transform Delhi despite challenging circumstances.@LtGovDelhi pic.twitter.com/RoBfIiBJrk

    — Himanta Biswa Sarma (@himantabiswa) July 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Mission Basundhara: মিছন বসুন্ধৰা-২ত আৱেদন কৰাৰ পৰা এতিয়াও বঞ্চিত বহু খিলঞ্জীয়া লোকে

Last Updated : Jul 15, 2023, 6:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.