ETV Bharat / state

ৰামদেৱৰ দখলত অসমৰ চাহ ! অসমৰ ভূমিত বাবাৰ ব্যৱসায়িক সাম্ৰাজ্য

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 8:54 PM IST

এয়া আত্মসমৰ্পন নে তৈলমৰ্দন ? বাবা ৰামদেৱ যোগগুৰু নে বেপাৰী ? বাবাই বিনিয়োগ কৰিব নে লুটিব ? বিজেপি চৰকাৰৰ মতলব কি ?

baba ramdev Assam tea
অসমৰ ভূমিত ৰামদেৱৰ ব্যৱসায়িক সাম্ৰাজ্য

অসমৰ ভূমিত ৰামদেৱৰ ব্যৱসায়িক সাম্ৰাজ্য

গুৱাহাটী, 25 নৱেম্বৰ : মনত পৰেনে আপোনাৰ তৈল খেজুৰৰ খেতিৰ কথা ? সেই যে যোৱা আগষ্ট মাহত বাবা ৰামদেৱ আহি শদিয়াত তৈল খেজুৰ খেতিৰ শুভাৰম্ভ কৰিছিল ৷ কাষতে ছাঁৰ দৰে লাগি আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লগত আছিল কৃষিমন্ত্ৰী অতুল বৰা, স্থানীয় বিধায়ক বলীন চেতিয়াকে ধৰি কত যে ভি ভি আই পি! কৃষি বিজ্ঞানীৰ পৰা আৰম্ভ কৰি প্ৰকৃতিবিদলৈকে সকলোৱে পাম খেতি বা তৈল খেজুৰৰ খেতিৰ দুৰ্ঘোৰ বিৰোধ কৰি অহা স্বত্বেও এই অপকাৰী গছৰ খেতিৰ শুভাৰম্ভ কৰিছিল অসম চৰকাৰে ৷ নকৰিও উপায় নাই ৷ ৰামদেৱক কথা দিয়া যে হৈ গ’ল ! স্বয়ং দিল্লীৰ দৰবাৰৰ পৰাই যোগগুৰু বেপাৰীক প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ অসমকে ধৰি কেবাখনো ৰাজ্যত পাম খেতিৰ বাবে তেওঁক চৰকাৰে মাটিৰ ব্যৱস্থা কৰি দিব ৷

তৈল খেজুৰৰ পাচত এইবাৰ ৰামদেৱৰ হাতলৈ অসমৰ চাহ ৷ কিমান যে গৌৰৱৰ কথা ! 200 বছৰীয়া অসমৰ চাহক আজি বিশ্বলৈ বোলে উলিয়াই নিব ৰামদেৱেহে ৷ মাটিৰ উৰ্বৰতা নাশকাৰী তৈল খেজুৰ খেতিৰ বাবে ৰামদেৱক দায়িত্ব দিয়া হ’ল, তাতেই অসম চৰকাৰৰ হেঁপাহ পলোৱা নাই ৷ এইবাৰ বিশ্বৰ চিনাকি অসমৰ চাহৰ দায়িত্বই গতাই দিলে যোগগুৰুক ৷ 200 বছৰীয়া অসমৰ চাহৰ গৰিমা বোলে ৰামদেৱেহে ৰাখিব পাৰিব ৷

অসমৰ চাহে বোলে হেৰুৱাইছে নিজৰ গৰিমা ৷ এই কথা চৰকাৰেহে ভাবিছে ৷ যাৰ বাবে ভাৰতৰ আধাতকৈও অধিক উৎপাদন কৰি অহা অসমৰ চাহে হেৰুৱাইছে নিজৰ বিশাল বজাৰ ৷ সেয়েহে এইবাৰ অসমৰ চাহৰ বজাৰখনৰ বাবা ৰামদেৱৰ পতঞ্জলিৰ হাতলৈ নগ’লে নিস্তাৰ নাই বুলি ভাবিছে বিজেপি চৰকাৰে ৷ বাবা ৰামদেৱৰ ওপৰত থকা অগাধ বিশ্বাসৰ বাবেই মুখ্যমন্ত্ৰীয়ে অসমৰ চাহৰ বজাৰত প্ৰৱেশৰ বাবে অনুৰোধ জনাইছে বিখ্যাত বেপাৰীগৰাকীক । বাবাই শদিয়াত ২০ হাজাৰ হেক্টৰ ভূমিত তৈল খেজুৰৰ গছ ৰোপণ কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই অসমৰ চাহো তেওঁৰ হাতলৈ যাবলৈ ওলাইছে ৷ অৰ্থাৎ ৰামদেৱৰ বেপাৰে অসমৰ চাহৰ বজাৰ পৰ্যন্ত শিপোৱাৰ উপক্ৰম হৈছে ৷ অসমৰ চাহৰ ব্ৰেণ্ডিং আৰু মাৰ্কেটিং কৰিব বাবা ৰামদেৱে ৷ বিনিময়ত অসমে কি পাব, কি হেৰুৱাব তাৰ হিচাপ কৰাৰ সময় নহয় এয়া৷ সময় এতিয়া বিলাই দিয়াৰহে ৷ সেই যে কোনোবাই কৈ গৈছিল- যিমানেই বিলাই দিবা সিমানেই মহান হ’বা ৷ তাকেই সৰোগত কৰি খেতি, পথাৰ, ভেটি পৰ্যন্ত বিলাই দিয়াৰ পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে ৷

অৱশ্যে সম্ভাব্য নেতিবাচক প্ৰতিক্ৰিয়াৰ পৰা ৰক্ষা পাবলৈ মন্ত্ৰী সঞ্জয় কিষাণে কৰিছে কৌশলী মন্তব্য ৷ মন্ত্ৰীগৰাকীৰ মতে মালিক সলনি হ’লেও চাহ শ্ৰমিকসকল প্ৰাপ্যৰ পৰা যাতে বঞ্চিত নহয়, তাৰ প্ৰতি চকু দিয়া হৈছে ৷ এই মন্তব্য স্বাভাৱিক ৷ ৰামদেৱৰ দৰে এগৰাকী বেপাৰীৰ হাতলৈ অসমৰ চাহ উদ্যোগ যোৱাৰ পাচত কি অৱস্থা হ’ব, সেয়া সহজেই অনুমেয় ৷ স্বাভিমান বিজড়িত অসমৰ চাহ বাগিচাবোৰ বহিৰাগতৰ হাতলৈ যোৱাৰ পাচত এটি কলি দুটি পাতৰ স্পৰ্শ অসমীয়াই পাবনে নাপায় তাক লৈ কৰা চিন্তা অমূলক নহয় ৷

লগতে পঢ়ক : Palm oil plantation in Assam; অসমত পাম খেতি কৰাটো উচিত নহয় : অৰণ্য মানৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.