ETV Bharat / state

Bhimashankar Temple Controversy: ভীমাশংকৰ মন্দিৰ মই বনোৱা নাই, ই হাজাৰ বছৰ পুৰণি: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Feb 19, 2023, 5:55 PM IST

অসমৰ ভীমাশংকৰ মন্দিৰক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অব্যাহত থকা বিতৰ্ক সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Bhimashankar temple controversy) ৷ শিৱ পুৰাণ অনুসৰি ভীমাশংকৰ মন্দিৰ অসমত অৱস্থিত আছে বুলি উল্লেখ থকা বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ ৷ ষষ্ঠ জ্যোতিৰ্লিংগক লৈ মহাৰাষ্ট্ৰৰ বিৰোধীয়ে আৰম্ভ কৰা বিতৰ্কৰো প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Bhimashankar Temple Controversy
ভীমাশংকৰ মন্দিৰ মই বনোৱা নাই, ই হাজাৰ বছৰ পুৰণি:হিমন্ত বিশ্ব শৰ্মা

ভীমাশংকৰ মন্দিৰ মই বনোৱা নাই, ই হাজাৰ বছৰ পুৰণি:হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 19 ফেব্ৰুৱাৰী: গুৱাহাটীৰ ভীমাশংকৰ মন্দিৰত উপস্থিত হৈ আশীষ গ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ভীমাশংকৰ মন্দৰিক লৈ মৰাহাষ্ট্ৰত আৰম্ভ হোৱা বিবাদ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ তেওঁ কয়, ‘‘এই সন্দৰ্ভত বিতৰ্ক কৰাৰ প্ৰয়োজন নাই ৷ ভাৰত প্ৰতিটো স্থানতে ভগৱান শিৱ আছে ৷ শিৱক ভাৰতৰ সনাতন পৰম্পৰাৰ শক্তি বুলি বিশ্বাস কৰা হয় ৷ মহাৰাষ্ট্ৰ বিজেপিৰ বা শিৱসেনাৰ চৰকাৰ হোৱা বাবে ভীমাশংকৰ মন্দিৰ স্থাপন হোৱা নাই ৷ ভীমাশংকৰ মন্দিৰ হাজাৰ বৰ্ষ পুৰণি (Assam CM on Bhimashankar temple) ৷’’

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে গড়চুক পামহিৰ ডাকিনী পাহাৰস্থিত ষষ্ঠ জ্যোতিৰ্লিংগক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্কৰ সৃষ্টি হৈছিল (Bhimashankar temple controversy) । যোৱা সোমবাৰ আৰু মঙলবাৰে ৰাষ্ট্ৰীয় পৰ্যায় তথা অসমৰ বাতৰি কাকতত অসম চৰকাৰৰ পৰ্যটন বিভাগে ডাকিনী পাহাৰত থকা বিখ্যাত শিৱ লিংগক লৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল । বিজ্ঞাপনত ভাৰতৰ ষষ্ঠ জ্যোতিৰ্লিংগ অসমৰ ডাকিনী পাহাৰত অৱস্থিত বুলি প্ৰকাশ কৰিছিল । ইয়াকে লৈ সমালোচনাত মুখৰ হৈ পৰিছিল বিজেপি শাসিত মহাৰাষ্ট্ৰৰ বিৰোধী (Assam claims sixth jyotirlinga) ৷

মহাৰাষ্ট্ৰৰ বিৰোধীয়ে সমালোচনা কৰি কৈছিল যে, মহাৰাষ্ট্ৰৰ পুনে জিলাৰ ভীমশংকৰত অৱস্থিত জ্যোতিৰ্লিংগক ষষ্ঠ জ্যোতিৰ্লিংগ হিচাপে স্বীকৃতি দি আহিছে ৷ কিন্তু অসম চৰকাৰে অস্বীকাৰ কৰিছিল এই দাবী (Maharashtra claims sixth jyotirlinga) ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘‘শিৱ পুৰাণত উল্লেখ থকা অনুসৰি ভীমাশংকৰ জ্যোতিৰ্লিংগ কামৰূপতেই আৰ্বিভাৱ হৈছিল ৷’’

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘ভীমাশংকৰ জ্যোতিৰ্লিংগ ডাকিনী পাহাৰট আছে বুলি আমি বিশ্বাস কৰোঁ ৷ মহাৰাষ্ট্ৰৰ ৰাইজেও জ্যোতিৰ্লিংগ মহাৰাষ্ট্ৰত আছে বুলি বিশ্বাস কৰে আৰু ভাৰতৰ সকলো স্থানতে ভগৱান শিৱক লৈ বেলেগ বেলেগ বিচাৰ ধাৰা আছে ৷ কিন্তু ভগৱান শিৱ এজনেই ৷’’

মহাৰাষ্ট্ৰৰ বিৰোধীয়ে জ্যোতিৰ্লিংগ এতিয়া বনোৱা বুলি ভাবিছে কিন্তু হাজাৰ বৰ্ষৰ আগৰ পৰা এই জ্যোতিৰ্লিংগ আছে বুলি কোৱাৰ লগতে ভীমাশংকৰ মন্দিৰ মই বনোৱা নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভীমাশংকৰক লৈ বিতৰ্ক কৰাৰ বাবেই শিৱসেনাৰ প্ৰতীক হেৰাই গ’ল বুলিও মহাৰাষ্ট্ৰৰ বিৰোধীক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM slams Maharashtra opposition) ৷

ভীমাশংকৰ মন্দিৰ ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীক দেওবাৰে সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই ৷

লগতে পঢ়ক: Sivsena Symbol in Shinde Faction : শিৱসেনাৰ নাম-প্ৰতীক শিণ্ডে গোটৰ হাতত, নিৰ্বাচন আয়োগৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.