ETV Bharat / state

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত নতুনকৈ সংযোজন হ'ল দুখনকৈ ভিষ্টাডম ৰে’ল

author img

By

Published : Dec 19, 2021, 4:30 PM IST

শনিবাৰে পল্টনবজাৰ ৰে’লৱে ষ্টেচনত কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী দৰ্শনা জাৰ্দোচ(Minister of State for Railway Darshana Jardosh )ৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে দুখন নতুন ভিষ্টাডম ৰে’ল (Assam CM flag off two new Vistadome trains) । দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে শীঘ্ৰেই কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰ'পৱে সেৱা মুকলি হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ (Rope way to Kamakhya temple) ।

NEF railway to begin two new Vistadome trains
উত্তৰ পূৱ সীমান্ত ৰে’লৱেত নতুনকৈ সংযোজন হ'ল দুখনকৈ ভিষ্টাডম ৰে’ল

গুৱাহাটী, ১৯ ডিচেম্বৰ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত পুনৰ নতুনকৈ সংযোজন হ'ল দুখনকৈ ভিষ্টাডম ৰে’লসেৱা(NF railway begins new Vistadome trains ) । ইতিমধ্যে হাফলঙলৈ চলি থকা ভিষ্টাডম ৰে’ল সেৱাই আকৰ্ষণ কৰিছে পৰ্যটকক । সেয়েহে পুনৰ আন ২ খন ভিষ্টাডম ৰে’ল মুকলি কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে পুৱা পল্টনবজাৰ ৰে’লেৱ ষ্টেচনত কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী দৰ্শনা জাৰ্দোচা(Minister of State for Railway Darshana Jardosh )ৰ উপস্থিতিত মুখ্যমন্ত্ৰী শৰ্মাই মুকলি কৰিলে এই দুখন নতুন ভিষ্টাডম ৰে’ল (Assam cm opens new Vistadome trains) ।

হাফলঙৰ পৰা বদৰপুৰলৈ ভিষ্টাডম ৰে'ল সেৱা সম্প্ৰসাৰণৰ লগতে গুৱাহাটী- নাহৰলগুন জনশতাব্দী এক্সপ্ৰেছ আৰু নাহৰলগুন-নিউ তিনিচুকীয়া ভিষ্টাডম এক্সপ্ৰেছৰ শুভাৰম্ভ কৰা হয় । ভিষ্টাডম সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘এই সেৱাই অসমৰ লগতে উত্তৰ-পূৱৰ পৰ্যটন ক্ষেত্ৰত(Tourism of North East) যথেষ্ট প্ৰভাৱ পেলাব । পৰ্যটন ক্ষেত্ৰ উপকৃত হ’ব । ইতিপূৰ্বে হাফলঙলৈ যোৱা ভিষ্টাডম সেৱাই পৰ্যটকক আকৰ্ষিত কৰিছে । হাফলংত এতিয়া হোটেলৰ ৰুম পাবলৈ নাই । সকলো বুক । অসমত দ্বৈত ৰেল সেৱাৰ কাম বহুদূৰ আগুৱাই গৈছে’’ ।

আনহাতে, অসমত কিষাণ ৰে’ল সেৱা আৰম্ভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ''আমি অসমত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কিষাণ ৰেল সেৱা আৰম্ভ কৰিম । যাতে অসমৰ কৃষক সকলৰ উৎপাদিত কৃষিজাত সামগ্ৰী দেশৰ আন প্ৰান্তৰ মুখ্য বজাৰ সমূহলৈ লৈ যাব পাৰে'' ।

NEF railway to begin two new Vistadome trains
উত্তৰ পূৱ সীমান্ত ৰে’লৱেত নতুনকৈ সংযোজন হ'ল দুখনকৈ ভিষ্টাডম ৰে’ল

আনহাতে, দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে শীঘ্ৰেই কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰ'পৱে সেৱা( Ropeway service to Kamakhya temple ) মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘোষণা কৰে । তেওঁ কয় যে কামাখ্যা ষ্টেচনৰ পৰা নীলাচল পাহাৰৰ কামাখ্যা ধামলৈ ৰ’পৱেৰ কাম চলি আছে । কিন্তু কামাখ্যা ষ্টেচনত থকা লেণ্ডিং পইণ্টত কিছু সময় লাগিব । কাৰণ তাত ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে । লগতে তেওঁ কয় যে, ভৰলুৰ পৰাও হ’ব ৰ’পৱে । দলং নিৰ্মাণৰ কাম শেষ হ’লেই আৰম্ভ হ’ব এই ৰ’পৱেৰ কাম ।

উত্তৰ পূৱ সীমান্ত ৰে’লৱেত নতুনকৈ সংযোজন হ'ল দুখনকৈ ভিষ্টাডম ৰে’ল

অনুষ্ঠানত ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি অংশ গ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । উদ্বোধনী অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিমল বৰাৰ লগতে সাংসদ কুইন ওজা উপস্থিত আছিল । ৰে'লৱে ষ্টেচনত মুখ্যমন্ত্রীয়ে অসম চৰকাৰৰ হস্ত-তাঁত আৰু বস্ত্ৰ বিভাগৰ এখন বিপণী উদ্বোধন কৰাৰ লগতে শিপিনীসকলৰ সৈতে বাৰ্তালাপ কৰে । পৰ্যটকসকলে এই বিপণীত অসমৰ হস্ততাঁত আৰু বস্ত্ৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব ।

লগতে পঢ়ক : Himanta Biswa Sarma at GMCH : জিএমচিএইচত মুখ্যমন্ত্রীৰ ছাডেন ভিজিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.