ETV Bharat / state

BJP executive meeting: নেতা হোৱাৰ বাসনা জাগিলেই মনত কষ্ট হয়; মুখ্যমন্ত্রী

author img

By

Published : May 20, 2023, 6:59 PM IST

Updated : May 20, 2023, 7:25 PM IST

BJP executive meeting
কলাক্ষেত্রত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

কলাক্ষেত্রত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা (BJP executive meeting)। সম্পৰ্ক স্থাপনেৰে জনতাৰ সমৰ্থন আদায়ৰ প্ৰয়াস বিজেপিৰ । কাৰ্যকৰ্তা সকলৰ আগত বিজেপিৰ জনসম্পৰ্ক অভিযানৰ সৱিশেষ ৰূপৰেখা বিৱৰি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যজুৰি হ'ব ৫১খন জনসভা । আহিব প্ৰধানমন্ত্রীকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্ব ।

কলাক্ষেত্রত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

গুৱাহাটী,২০ মে' : লক্ষ্য আগন্তুক লোকসভা নিৰ্বাচন (Lok Sabha Election 2024)। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কলাক্ষেত্রত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । বিশেষকৈ বিজেপিৰ জনসম্পৰ্ক অভিযানৰ সফল ৰূপায়ণৰ ওপৰত সভাত বিশদভাৱে আলোচনা কৰা হয় । উল্লেখ্য যে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ পাচতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশমৰ্মে ৰাজ্যিক বিজেপিয়ে জৰুৰীভাৱে আয়োজন কৰে এই কাৰ্যনিৰ্বাহক সভা ।

কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় (Assam CM at BJP executive)। তেওঁ কয় যে ৩০ আৰু ৩১ মে' এই দুটা দিনৰ ভিতৰত এটা দিনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে এখন বিশাল জনসভা সম্বোধন কৰিব । মোডীৰ ভাষণে মাহজোৰা মহা জনসম্পৰ্ক অভিযানৰ মাৰ্গদৰ্শন কৰিব । আনহাতে স্থান নিৰ্ধাৰণ হোৱা নাই যদিও নগাঁও নাইবা লখিমপুৰত প্ৰধানমন্ত্রীয়ে এখন সভাত অংশ গ্ৰহণ কৰিব পাৰে ।

ভাষণত তেওঁ ৩০ মে'ৰ পৰা ৩০ জুনলৈ আয়োজন কৰা মহা জনসম্পর্ক অভিযান আৰু ইয়াৰ বিভিন্ন কার্যসূচী সম্পৰ্কে উল্লেখ কৰে । এই মহা জনসম্পর্ক অভিযান দলৰ সকলো জিলা, মণ্ডল, শক্তিকেন্দ্ৰ আৰু বুথ পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব (BJP Public Relations abhiyan)। তেওঁ কয় যে বিজেপি চৰকাৰ সমাজৰ আৰ্থিকভাৱে দুৰ্বল আৰু উপেক্ষিত বৰ্গৰ প্ৰতি সদায়েই সমর্পিত ।

তেওঁ লগতে কয় যে প্ৰত্যেক লোকসভা সমষ্টিত এই অভিযানত এহেজাৰ ব্যক্তিক সম্পৰ্ক স্থাপন কৰিব লাগিব । এই সম্পৰ্ক বিজেপিক সমালোচনা কৰা নাইবা সম্পৰ্ক কিছু কমাসকলৰ কাষলৈ গৈ কৰিব লাগিব । যাতে সম্পৰ্কক সমৰ্থনলৈ ৰূপান্তৰিত কৰিব পৰা যায় । সম্পৰ্ক স্থাপনৰ বাবে ৰাইজৰ ওচৰলৈ গৈ কি ক'ব তাৰো বিস্তৃত বিৱৰণি তেওঁ দলীয় কৰ্মকৰ্তাসকলৰ আগত দাঙি ধৰে ।

ভাষণ প্ৰসংগত তেওঁ হিৰোচিমা ভ্ৰমণত থকা প্ৰধানমন্ত্রীয়ে ডিঙিত অসমীয়া গামোচাখন দিনটো লৈ থকাৰ বিষয়েও উল্লেখ কৰি প্ৰধানমন্ত্রীৰ অসমপ্ৰেমৰ নিদৰ্শন দাঙি ধৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে অসমৰ গৌৰৱময় ঐতিহ্য তথা আহোম যুগৰ ইতিহাস সমৃদ্ধ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভৰ বাটত দেশৰ একমাত্ৰ মনোনয়ন হিচাপে বিবেচিত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গামোচা পৰিধান কৰি আমাক সকলোকে গৌৰৱান্বিত কৰিছে । এই কথাবোৰ ৰাইজক কোৱাটো কাৰ্যকৰ্তা সকলৰ দায়িত্ব ।

ভাষণত তেওঁ জনসম্পৰ্ক অভিযানৰ সবিশেষ ৰূপৰেখা কাৰ্যকৰ্তাসকলৰ আগত দাঙি ধৰে । বিজেপিৰ কাৰ্যকৰ্তাসকল সকলোৰে কাষলৈ যাব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে বিধানসভা সমষ্টিত ১০০ জন আৰু লোকসভা সমষ্টিত ১০০০ জন লোকৰে সম্পৰ্ক কৰিব বিজেপিয়ে ৷ ১৪ টা সমষ্টিত সাংসদ, বিধায়ক,মন্ত্ৰী, জিলা সভাপতি আদিয়ে সম্পৰ্ক গঢ়িব । প্ৰত্যেকেই ফটো উঠি সামাজিক মাধ্যমত দিব লাগিব । তেওঁ কয় যে ৰাজ্যজুৰি ৫১ খন জনসভা হ'ব । আনহাতে ১ জুলাইৰ পৰা প্ৰতিটো সপ্তাহত উজনিৰ এটা, মধ্য অসমৰ এটা আৰু নামনিৰ এটা সমষ্টিৰ বুথৰ সভাপতিক মাতি দল সন্দৰ্ভত কথা পতা হ'ব ।

গুজৰাটৰ সংগঠন সন্দৰ্ভত বুজ ল'বলৈ জুলাইত জিলা সভাপতিসকলক গুজৰাটলৈ পঠিওৱা হ'ব । সেইদৰে গুজৰাটৰ পৰাও কৰ্মকৰ্তা আহিব অসমলৈ । তেওঁ লগতে কয় যে অসম বিজেপি দেশৰ ভিতৰত বিভিন্ন দিশত আগবাঢ়িছে । ৰাজ্যিক বিজেপিৰ ২০ খন জিলাৰ কাৰ্যালয় সম্পূৰ্ণ হ'ল । লোকসভা নিৰ্বাচনৰ পূৰ্বে ১০০ টা মণ্ডল কাৰ্যালয় সম্পূৰ্ণ হ'ব ।

কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ প্ৰসংগত তেওঁ কয় যে কৰ্ণাটকত চৰকাৰ নকৰিলেও বিজেপিৰ ৩৬ শতাংশ ভোট একেই থাকিল । তেওঁ লগতে কয় যে বিশাল পৰিসৰত নিযুক্তিপত্ৰ দিবলৈ ওলোৱাত একাংশৰ জ্বলন হৈছে । জ্বলন হ'লেও ৪৫ হাজাৰ ল'ৰা-ছোৱালীক অমিত শ্বাহৰ হাতেৰে দিয়া হ'ব নিযুক্তিপত্ৰ । এইসকল যুৱক-যুৱতীক সম্বৰ্ধনা জনাব বিজেপিয়ে ।

ভাষণ প্ৰসংগত তেওঁ সকলোৱে নিজকে চোৱা দৰকাৰ আৰু মানুহৰ মাজত তেওঁলোক আছে নে নাই চাব লাগে‌‌ বুলি উল্লেখ কৰি কয় যে নেতাৰ হোৱাৰ বাসনা জাগিলেই মনত কষ্ট হয় । কাৰণ সকলো নেতা হোৱা সম্ভৱ নহয় । বিজেপিত সকলো স্থায়ী নহয় । তেওঁ কয় যে তেওঁৰ মুখ্যমন্ত্ৰীৰ আসনো স্থায়ী নহয় । বিকাশ তীৰ্থৰ লগতে বিকাশ মন্দিৰৰ কাম হ'ব লাগে ।

তেওঁ কয় যে চৰকাৰখনৰ দুবছৰীয়া বৰ্ষপূৰ্তি ৰমকজমক কৰিব বিচৰা নাই । মোডীৰ ৯ বছৰীয়া যাত্ৰাৰ কথা বেছি প্ৰচাৰ হ'ব লাগে । ২৫ মে'তো ডাঙৰ দিন বুলি সদৰি কৰি তেওঁ কয় যে ২৫ মে'ত ১ লাখ নিযুক্তি সম্পূৰ্ণ হ'ব । দীঘলীয়া ভাষণত মুখ্যমন্ত্রীয়ে বহুকেইটা দিশত আলোকপাত কৰে । প্ৰায় দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা কাৰ্যনিৰ্বাহক সভাৰ পুৱাৰ ভাগত দলীয় পতাকা উত্তোলন ৰাজ্যিক সভাপতি ভবেশ কলিতাই ।

দুটা সত্রত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ প্রথম সত্ৰত আৰম্ভণিতে ৰাজ্যিক সভাপতি ভবেশ কলিতাই ভাষণ আগবঢ়ায় । সভাত দলৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি ভাষণ আগবঢ়াই কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰ পূৰ্তি উপলক্ষে আয়োজন কৰা "মহা জনসম্পর্ক অভিযান" সন্দৰ্ভত বক্তব্য আগবঢ়াই উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ড০ সম্বিত পাত্রই ।

দ্বিতীয় সত্ৰত ধন্যবাদসূচক প্ৰস্তাৱ পাঠ আৰু গ্ৰহণ উত্থাপন কৰে দলৰ ৰাজ্যিক উপ সভাপতি তথা সাংসদ ডাঃ ৰাজদীপ ৰায়ে । আনহাতে বুথ সৱলীকৰণ অভিযানৰ প্ৰতিবেদন পাঠ কৰে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্পু ৰঞ্জন শৰ্মাই। সাংগঠনিক দিশত বক্তব্য আগবঢ়াই দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই । সভাত দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশ্যি ভাষণ আগবঢ়াই ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই ।

লগতে পঢ়ক:Sherman Ali controversy : বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ

Last Updated :May 20, 2023, 7:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.