ETV Bharat / state

Reshuffle of Assam Cabinet: লোকসভা নিৰ্বাচনলৈকে সাল-সলনি তথা সম্প্ৰসাৰণ নহয় অসম মন্ত্ৰীসভাৰ

author img

By

Published : Apr 30, 2023, 10:33 PM IST

আগন্তুক ৯ মে’ৰ পৰা ১১ মে’লৈ ৰাজ্য চৰকাৰে দুবছৰীয়া বৰ্ষপূৰ্তি পালন কৰিব । আনকি ১১ মে’ত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব (Appointment letters will be distributed on 11th May, 2023)। এই নিযুক্তি প্ৰক্ৰিয়া ১ লাখতে স্থবিৰ নহয় । দেওবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘‘মন কী বাত’’ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM attended Maan Ki Baat program) ৷

Assam CM attended Maan Ki Baat program
লোকসভাৰ নিৰ্বাচনলৈকে মন্ত্ৰীসভাৰ সালসলনি তথা সম্প্ৰসাৰণ নহয় : মুখ্যমন্ত্ৰী

লোকসভাৰ নিৰ্বাচনলৈকে মন্ত্ৰীসভাৰ সালসলনি তথা সম্প্ৰসাৰণ নহয় : মুখ্যমন্ত্ৰী

গুৱাহাটী, ৩০ এপ্ৰিল : লোকসভাৰ নিৰ্বাচনলৈকে মন্ত্ৰীসভাৰ সালসলনি তথা সম্প্ৰসাৰণ নহয় । স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘‘মন কী বাত’’ অনুষ্ঠান পাচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এইদৰে কয় (Assam CM attended Maan Ki Baat program)।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, জিলা প্ৰশাসনসমূহক শক্তিশালী কৰা আৰু বিকেন্দ্ৰিকৰণ কৰাৰ কাম চলি আছে । এনে ব্যৱস্থা কৰা হ’ব যাতে কোনো লোক জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহিব নালাগে । জিলা উপায়ুক্তৰ কাৰ্যালয় সকলো সমষ্টিত হ’ব । জিলা উপায়ুক্তৰ কাৰ্যালয় সকলো সমষ্টিত যাতে হ’ব পাৰে তাৰ বাবে প্ৰত্যকটো সমষ্টিতে জিলা উপায়ুক্তৰ কাৰ্যালয় স্থাপনৰ ধাৰণা এটা লোৱা হৈছে (There will be a Commissioner's office in each Assembly constituency) । ১২৬ টা সমষ্টিতে উপায়ুক্তৰ কাৰ্যালয় হ’ব ।

১২, ১৩ আৰু ১৪ মে’ত তিনিচুকীয়াত অনুষ্ঠিত হ’বলগীয়া উপায়ুক্তৰ সন্মিলনত এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে । আনহাতে চৰকাৰখনৰ দুবছৰ পূৰ্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৯ মে’ৰ পৰা ১১ মে’লৈ তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে দুবছৰীয়া বৰ্ষপূৰ্তী পালন কৰিব । ১১ মে’ত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব (Appointment letters will be distributed on 11th May, 2023)। নিযুক্তি প্ৰক্ৰিয়া ১ লাখত স্থবিৰ নহৈ চলি থাকিব ।

লগতে পঢ়ক : Maan Ki Baat; মন কী বাত অনুষ্ঠানে যুৱচামক উৎসাহিত কৰিছে; ৰাজ্যপাল কাটাৰীয়া

ইফালে অসম আৰক্ষীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, অসম আৰক্ষীত ৩০০ মান বিষয়া আৰু জোৱান আছে যিসকলে অভ্যাসগতভাৱে মদ খাই থাকে । মদে তেওঁলোকৰ শৰীৰটোক কাম কৰিব নোৱাৰা অৱস শৰীৰলৈ ৰূপান্তৰিত কৰিছে । গতিকে চৰকাৰত নিয়ম আছে যে তেওঁলোকে ভি আৰ এছত যাব আৰু নিয়মিয়াকৈ দৰমহা পাই থাকিব ।

নতুন যুৱক-যুৱতী তেওঁলোকৰ স্থানত সোমাব পাৰিব । চৰকাৰত তেনে নিয়ম আছে আৰু ইয়াত কৰা হোৱা নাছিল । ৩০০ আৰক্ষী বিষয়া আৰু জোৱানক ভি আৰ এছ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

আনহাতে, প্ৰশ্ন কৰাৰ প্ৰসংগকলৈ আজি পুনৰ সাংবাদিকক শিক্ষা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । ‘‘থানাৰ অ’চিক সোধা প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিব নালাগে । মুখ্যমন্ত্ৰীক পালে দেশৰ-দহৰ প্ৰশ্ন কৰিব লাগে’’ বুলি মুখ্যমন্ত্ৰীয়ে কয় । ৰাইজ উপকৃত হ’ব পৰা প্ৰশ্ন কৰিব লাগে বুলি সাংবাদিকক শিক্ষা দি মুখ্যমন্ত্ৰীয়ে কয় যে, থানাৰ অ’চিক সুধিব লগা প্ৰশ্ন মুখ্যমন্ত্ৰীক কৰি কি লাভ আছে । লগতে এগৰাকী সাংবাদিকৰ শিক্ষাকলৈও মন্তব্য কৰা দেখা গ’ল মুখ্যমন্ত্ৰীক ৷

লগতে পঢ়ক : Mahua Swipe at Modi: 'মন কি বাত'ৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা সাংসদ মহুৱা মৈত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.