ETV Bharat / state

খিলঞ্জীয়াৰ বিশ্বাস-সংস্কৃতিৰ সুৰক্ষাৰ বাবে নতুন বিভাগৰ সৃষ্টি

author img

By

Published : Jul 12, 2021, 11:52 AM IST

Assam Cabinet announced the creation of an independent department
খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতিৰ বাবে নতুন বিভাগ সৃষ্টি কৰা হ'ব

অসমৰ থলুৱা ৰীতি-নীতি, পৰম্পৰা জীয়াই ৰাখিবলৈ এটা নতুন বিভাগ সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই নতুন বিভাগটোৰ জৰিয়তে অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰা, বিশ্বাস, সংস্কৃতি আদি সুৰক্ষা তথা সংৰক্ষণ কৰা হ'ব ।

নিউজ ডেস্ক, ১২ জুলাই : একতাৰ এনাজৰীৰে বান্ধ খাই আছে নানাৰঙী ফুল স্বৰূপ অসমৰ বিভিন্ন জনগোষ্ঠী । এই জনগোষ্ঠীবোৰৰ স্বাভিমানৰ প্ৰতি সন্মান জনাই সংস্কৃতি, বিভিন্ন ৰীতি-নীতি, লোক বিশ্বাস আদি অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি শনিবাৰে ঘোষণা কৰে যে, খিলঞ্জীয়াৰ বিশ্বাস আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে এটা নতুন বিভাগ সৃষ্টি কৰা হ'ব । এই স্বতন্ত্ৰ বিভাগটো সৃষ্টি কৰাৰ উদ্দেশ্য হৈছে অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰা, বিশ্বাস, সংস্কৃতি আদি সুৰক্ষা তথা সংৰক্ষণ কৰাতো নিশ্চিত কৰা ।

তেওঁ লগতে কয় যে, এই বিভাগটোৰ জৰিয়তে হ'বলগীয়া কামৰ বাবে বিত্ত মন্ত্ৰালয়ে এক পৃথক বাজেট আৱণ্টন কৰা হ’ব । মুঠতে অসমৰ জাতি-জনগোষ্ঠীৰ আপুৰুগীয়া সংস্কৃতি ৰক্ষা কৰাৰ বাবে কাম কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে । চৰকাৰৰ এনে পদক্ষেপে জনগোষ্ঠীসমূহলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । অসমত প্ৰায় ১৫টা পাহাৰীয়া জনজাতি সম্প্ৰদায়, সমতল অঞ্চলত বাস কৰা ১৪ টা স্বীকৃতিপ্ৰাপ্ত জনগোষ্ঠী আৰু ১৬ টা স্বীকৃতিপ্ৰাপ্ত অনুসূচীত জাতি আছে ।

ইয়াৰ উপৰিও বহু সৰু-বৰ সম্প্ৰদায়ৰ বাৰে-ৰহণীয়া কলা-সংস্কৃতিয়ে অসমখনৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে ৷ উক্ত সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কেইবাটাও বিত্তীয় সংস্কাৰৰ কথা ঘোষণা কৰে । তেওঁ কয় যে, বিভাগৰ মুৰব্বীসকলে ২ কোটি টকা অথবা তাতকৈ কম পুঁজিৰ আঁচনিৰ বাবে পুঁজি আৱণ্টন দিব পাৰিব ৷

মুখ্য সচিবৰ নেতৃত্বত গঠিত এখন স্থায়ী বিত্তীয় সমিতিয়ে ২ কোটিৰ পৰা ৫ কোটি টকাৰ প্ৰকল্পৰ ক্ষেত্ৰত অনুমোদন জনাব পাৰিব । ইয়াৰোপৰি ৫ কোটিৰ পৰা ১০০ কোটি টকাৰ প্ৰকল্পৰ বাবে বিত্ত মন্ত্ৰীৰ নেতৃত্বত গঠিত এখন বিশেষ স্থায়ী বিত্তীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব ৷ তদুপৰি ১০০ কোটি টকাৰো অধিক ব্যয়ৰ প্ৰকল্পত কেবল কেবিনেটেহে সিদ্ধান্ত আগবঢ়াব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, পৰৱৰ্তী সময়ত চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণ, গো-সুৰক্ষা আৰু বিবাহ সম্পৰ্কীয় আইন প্ৰণয়ন কৰিব । লগতে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্বেচ্ছামূলক বন্ধ্যাকৰণৰ দৰে বিষয় সন্দৰ্ভত বিজেপি চৰকাৰৰ বাজেটত আন কিছুমান আঁচনিৰ বিষয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিয়ে । পৰৱৰ্তী এটা মাহৰ ভিতৰতে জাননী জাৰি কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

এখন বিবাহ আইন প্ৰৱৰ্তন কৰা হ'ব আৰু এই আইনখন লাভ জেহাদ আইনৰ দৰে নহয় । তেওঁ লাভ জেহাদ শব্দটোত বিশ্বাস নকৰে বুলি মন্তব্য কৰে । অসমত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে যদি অসমত পুনৰ বিজেপি শাসনলৈ আহে, তেন্তে "লাভ জেহাদ" আৰু "লেণ্ড জেহাদ"ৰ বিৰুদ্ধে আইন ৰূপায়ণ কৰা হ'ব । এইবোৰ প্ৰতিশ্ৰুতি বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰতো উল্লেখ কৰা হৈছিল ।

লগতে পঢ়ক: কেতিয়া হ’ব অস্থায়ী স্বাস্থ্যকৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.