এন এছ চি এন আই এমে চুব নিদিয়ে নগালেণ্ডৰ সীমা

author img

By

Published : Aug 31, 2022, 3:43 PM IST

Border dispute with Assam
এন এছ চি এন আই এমে চুব নিদিয়ে নগালেণ্ড সীমা ()

কেইবাটাও দশক ধৰি অব্যাহত থকা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সীমা সংঘাতৰ সমাধানৰ বাবে অসম চৰকাৰে বিশেষ তৎপৰতা লৈছে(Border dispute with Assam)। কিন্তু এই তৎপৰতাই সমস্যা সমাধানৰ দিশত অঞ্চলটোক কিমান আগবঢ়াই নিব সেয়া এতিয়াও অঞ্চলবাসীৰ বাবে ডাঙৰ প্ৰশ্ন ।

গুৱাহাটী, ৩১ আগষ্ট: অসমৰে‌ থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্ত:ৰাজ্যিক সীমা সংঘাতৰ(Inter State Border Conflict in north east)সমাধানৰ পথৰ হেঙাৰ এতিয়াও আঁতৰা নাই । ২০২১ চনৰ মেত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma)নেতৃত্বত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে কেইবালানিও দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছে ।

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই এই আলোচনা সমুহৰ নিজেই অংশগ্ৰহণ কৰাৰ উপৰি বিভাগীয় মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত সঁজাতী দল(Minister Atul Bora led delegation)সমূহে বিবদমান অঞ্চল সমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । তেওঁলোকে সীমান্তবাসীৰ সৈতেও আলোচনাত মিলিত হৈছে । কিন্তু দিছপুৰৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা মতে,সীমা বিবাদ সমাধানৰ বাবে অসম চৰকাৰৰ উদ্যোগত সঘনে বৈঠক অনুষ্ঠিত হৈ আছে যদিও এনে বৈঠকে বিষয়টোক আশা কৰা ধৰনে আগবঢ়াই নিব পৰা নাই ।

এই মূহুৰ্তত অসমৰ সৈতে সীমা সংঘাত চলি থকা ৰাজ্য কেইখন হৈছে মেঘালয়,মিজোৰাম,অৰুণাচল আৰু নগালেণ্ড(Assam-Nagaland border dispute)। মেঘালয়,নগালেণ্ড আৰু মিজোৰামৰ সৈতে সীমা সংঘাত বহু পুৰণি । তাৰ মাজতে অসম আৰু অৰুণাচলৰ(Assam-Arunachal border dispute)মাজৰ সংঘাতে শেহতীয়াকৈ বিশেষভাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।‌‌ এই সন্দৰ্ভত সীমান্তৰ দায়িত্বত থকা কেবিনেট মন্ত্ৰী অতুল বৰাই শেহতীয়াকৈ বিবদমান অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ।

এই পৰিদৰ্শনৰ পাছত মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে,অসম-অৰুণাচল সীমা সংঘাতৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে বাৰ খন আঞ্চলিক সমিতি গঠন কৰি বিবদমান অঞ্চল পৰিভ্ৰমন কৰা হয় । তেওঁ জনোৱা মতে,অহা ১২ জুলাইত অসম আৰু অৰুণাচলৰ মূখ্যমন্ত্ৰী দুগৰাকীয়ে নামচাই ঘোষণাত স্বাক্ষৰ কৰাৰ পিছত বিবদমান অঞ্চল পৰিভ্ৰমন কৰাৰ বাবে বাৰ‌খন আঞ্চলিক সমিতি গঠন কৰা হৈছিল । এই সমিতিসমুহৰ বিবদমান অঞ্চল পৰিভ্ৰমন ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত অন্ত পৰিব আৰু সমস্যা সমাধানৰ বাবে দুই পক্ষৰ মাজৰ মুল আলোচনা পৰ্ব আৰম্ভ হ'ব ।

উল্লেখ্য যে অসম আৰু অৰুণাচলৰ মাজত থকা সীমান্তৰ দৈৰ্ঘ্য ৮০০ কিলোমিটাৰ আৰু দুই ৰাজ্যৰ সীমাত থকা মুঠ ৮৬ খন ৰাজহ গাঁৱতে বিবদমান ঠাই আছে বুলি বিভাগীয় মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে । উল্লেখ্য যে অৰুণাচল প্ৰদেশ সীমা সংঘাতৰ ক্ষেত্ৰত উল্লিখিত পৰিস্থিতি অব্যাহত থকাৰ সময়তে মেঘালয় চৰকাৰৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনাত এক চুক্তি স্বাক্ষৰিত হৈছে আৰু সেই অনুসৰি বিবদমান অঞ্চলৰ জৰীপ আৰম্ভ হৈছে ।

একেদৰে,অসম-মিজোৰামৰ মাজৰ সীমাৰ বিবাদৰ(Assam-Mizoram border dispute)সমাধানৰ বাবে হোৱা আলোচনাত দুয়োখন ৰাজ্যই বৰ্তমানৰ অৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত লৈ ছেপ্টেম্বৰত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনা কৰা হৈছে ।‌ মনকৰিবলগীয়া যে উল্লিখিত তিনিখন ৰাজ্যৰ লগত চলি থকা আন্ত:ৰাজ্যিক সীমা বিবাদ সমাধানৰ দিশত চৰকাৰে দেখাত পদক্ষেপ লৈছে যদিও আটাইতকৈ স্পৰ্শকাতৰ সীমা হিচাবে যোৱা পাচঁটা দশকৰো অধিক কাল‌ ধৰি চিহ্নিত হৈ অহা অসম-নগালেন্ড সীমা সংঘাতৰ সমাধানৰ বাবে আজিও ড৹হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোনো আনুষ্ঠানিক পদক্ষেপ লোৱা নাই ।

বিভাগীয় মন্ত্ৰী অতুল বৰাৰ মতে নগালেণ্ডৰ ক্ষেত্ৰত 'অনানুষ্ঠানিক'আলোচনাহে আৰম্ভ হৈছে । দিছপুৰৰ সূত্ৰটোৱে জনোৱা মতে,অসম-নগালেণ্ড সিমানতে সমস্যা সমাধানৰ লগত জড়িত হৈ আছে এন এছ চি এনৰ (আই এম)(NSCN IM)ভুমিকা । দীৰ্ঘদিন ধৰি শান্তি আলোচনাত থকা বিদ্ৰোহী সংগঠনটোৱে আলোচনাক লৈ কেন্দ্ৰীয় চৰকাৰে হেতালি খেলাৰ অভিযোগ উত্থাপিত কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকো বিষয়টো লৈ টানি আনিছে ।

এন এছ চি এনৰ(আই এম) নেতৃত্ব ই যিহেতু প্ৰস্তাৱিত 'নাগালিম'ৰ(Nagalim)নতুন ভৌগলিক গাঠনি তথা পতাকাক লৈ আজিও নাচোৰবান্দা হৈ আছে,সেয়ে অসম কিম্বা নাগালেণ্ড দুয়োখন চৰকাৰে সীমা সংঘাতৰ সমাধানৰ দিশত কাম কৰাৰ সিদ্ধান্ত ল'ব পৰা নাই । উক্ত সূত্ৰটোৰ মতে,অসম আৰু নগালেণ্ডৰ নিৰ্বাচিত চৰকাৰ দুখনে আলোচনা ৰ মাধ্যমেৰে সীমা সংঘাতৰ ওৰ পেলাব বিচাৰিলেও এন এছ চি এনে(আই এম)এতিয়াই সেই কাম হ'বলৈ দিয়াৰ কোনো সম্ভাৱনা নাই । ফলত,বিদ্ৰোহী সংগঠন টোৰে আলোচনা প্ৰক্ৰিয়াৰ ইতিবাচক সামৰণি পৰাৰ সময়লৈকে সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যই অপেক্ষা কৰাৰ গত্যন্তৰ নাই বুলি সূত্ৰটোৱে আঙুলিয়াই দিছে ।

লগতে পঢ়ক:দিল্লীত লাচিত দিৱস আয়োজনৰ লগতে কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.