ETV Bharat / state

Assam BJP internal clash: সভাপতিৰ সাৱধানবাণী; কোনো কাৰণতে সংবাদ মাধ্যমৰ আগত একো ক’ব নোৱাৰি বিজেপি কৰ্মীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 7:54 AM IST

State BJP president on BJP internal clash
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

বিজেপি নেতা-কৰ্মীক সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ সকিয়নী প্ৰদান কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ দলীয় ক্ষোভ-অসন্তুষ্টি, দলীয় মঞ্চত ক’ব । সংবাদ মাধ্যমত নহয় । সংবাদ মাধ্যমে সমস্যা সমাধান নকৰে বুলি কয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

গুৱাহাটী, 29 আগষ্ট: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ এই সময়তে পোহৰলৈ আহিছে শাসনাধিষ্ঠিত ৰাজ্যিক বিজেপি দলত দলীয় নেতাৰ ক্ষোভ-অসন্তুষ্টি । লক্ষণীয়ভাৱে বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল দলটোত চলি থকা ক্ষোভ-অসন্তুষ্টি, ন-পুৰণিৰ সংঘাতবোৰ । ইয়াৰ পিচতে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যিক বিজেপি ।

দলীয় ক্ষোভ-অসন্তুষ্টি দূৰ কৰি কেনেকৈ দলটোক আগুৱাই লৈ যাব পাৰি তাৰ বাবে ৰাজ্যিক কাৰ্যালয়ত পাতিছে ইখনৰ পিছত সিখন বৈঠক । সোমবাৰেও বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ প্ৰধান সমিতিৰ বৈঠক । বিয়লি 6 বজাৰ পৰা অনুষ্ঠিত হয় এই বৈঠক । য’ত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সর্বান্দ সোণোৱাল, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । আনহাতে দেশজুৰি বিজেপিয়ে লোৱা শংখনাদ কাৰ্যসূচী অসমত কিদৰে ৰূপায়ণ কৰিব তাৰ বাবেও গ্ৰহণ কৰা হয় আন এক কাৰ্যসূচী ।

প্ৰধান কমিটিৰ বৈঠকৰ পূৰ্বে বিজেপি IT CELL ৰ শংখনাদৰ প্ৰস্তুতি সংক্ৰান্তীয় বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ নকৰে যদিও ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে লোকসভা নিৰ্বাচনৰ বাবে সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ কাৰণে প্ৰধান কমিটিৰ বৈঠক অনুষ্ঠিত কৰা হয় ।

দলীয় ক্ষোভ-অসন্তুষ্টি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, "বৰ্তমান দলত কাৰো ক্ষোভ অসন্তুষ্টি নাই । কাৰোবাৰ যদিহে অসন্তুষ্টি আছে, দলীয় মঞ্চত ক’ব । সংবাদ মাধ্যমত নহয় । সংবাদ মাধ্যমে সমস্যা সমাধান নকৰে ।" এনেদৰে সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ দলীয় নেতা-কৰ্মীক পৰোক্ষভাৱে সকিয়নী প্ৰদান কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । লগতে দেৰগাঁৱকে ধৰি পৌৰসভাসমূহত আৰম্ভ হোৱা অন্তঃকন্দল সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কলিতাই কয়, "পৌৰসভাত অসন্তুষ্টি থাকিব পাৰে, পাৰিষদৰো মন থাকে পৌৰপতি হোৱাৰ । সেইবোৰ ঠিক হ’ব, আমি কমিটীও গঠন কৰি দিছো । "

লগতে পঢ়ক: KMSS against setting up of 18 new toll gates: শদিয়াৰ পৰা ধুবুৰীলৈ টোলগেটতে দিব লাগিব ৮,৫০০ টকা টোল কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.