ETV Bharat / state

AGP in Lok Sabha Election: অগপৰ মন ভাল লগালে ভৱেশ কলিতাই; এখন আসনত হ’লেও জিকাব অগপক

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 10:26 PM IST

Updated : Nov 3, 2023, 10:57 PM IST

AGP in Lok Sabha Election
লোকসভা নিৰ্বাচনত আসনৰ ভাগ-বাটোৱাৰাৰ সন্দৰ্ভত ভৱেশ কলিতা

2009 চনৰ পাচৰ পৰা অসম গণ পৰিষদ লোকসভা নিৰ্বাচনত জিকিব পৰা নাই ৷ সেয়েহে এইবাৰ বিজেপিয়ে পণ লৈছে যে 2024ৰ নিৰ্বাচনত অগপক এখন হ’লেও আসনত জিকাব লাগিব ৷ তাৰ বাবে ভাই-ককাইৰ দৰেই অগপক সহায় কৰিব বিজেপিয়ে ৷ ক’লে ভৱেশ কলিতাই ৷

লোকসভা নিৰ্বাচনত আসনৰ ভাগ-বাটোৱাৰাৰ সন্দৰ্ভত ভৱেশ কলিতা

গুৱাহাটী, ৩ অক্টোবৰ : ‘‘AGPৰ খাতা খুলিব লাগিব ৷ UPPL, AGP, BJP ভাই ৷’’- এইদৰে লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মাজত আসন ভাগ-বটোৱাৰাক লৈ মন্তব্য কৰি স্পষ্টীকৰণ দিবলগীয়া হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

উল্লেখ্য যে, লোকসভাত মিত্ৰদল অগপক এখন আসন দিব বুলি শেহতীয়াকৈ ভৱেশ কলিতাই দিল্লীৰ পৰা কৰা এক মন্তব্য বহুল প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত ৷ বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয় অগপৰ ভিতৰচ’ৰাত । তাৰ পাচতেই আজি অৰ্থাৎ শুকুৰবাৰে এই বিষয়টো লৈ নিজৰ স্থিতি স্পষ্ট কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ক’লে, ‘‘অগপক এখন আসন দিম বুলি কোৱা কথাষাৰৰ অপব্যাখ্যা হৈছে । আচলতে আমি অগপক এখনত জিকাই আনিম বুলিহে কৈছোঁ ৷ লোকসভাত এইবাৰ অগপৰ প্ৰতিনিধি থাকিব । নিৰ্বাচনত জয়ী হ'বলৈ হ’লে এটা মিত্ৰদলক আনটো মিত্ৰদলৰ সহযোগিতা লাগিবই ।”

অৱশ্যে আসন ভাগ-বটোৱাৰাক লৈ স্পষ্টীকৰণ দিলেও অগপক তাচ্ছিল্য কৰিবলৈ নেৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ ক’লে অগপৰ খাতা খোলাৰ কথা । ভৱেশ কলিতাই ক’লে, “AGPৰ খাতা খুলিব লাগিব ৷ UPPL, AGP, BJP ভাই ৷” কংগ্ৰেছ-AIUDF ৰ ILU ILU থাকেই বুলিও মন্তব্য কৰে ভৱেশ কলিতাই ৷

আনহাতে ঈদৰ তিনিদিন মিঞা নাথাকিলে গুৱাহাটী কৱৰস্থান হৈ পৰে বুলি আজমলে কৰা বিতৰ্কিত মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । ভৱেশ কলিতাই আজমলৰ মন্তব্যৰ উত্তৰ দিলে এইদৰে- “আমাৰ লাখ লাখ অসমীয়া ল'ৰা ওলাই আহিলেই হ'ল । মিঞাক প্ৰতিহত কৰিব লাগে, অ’লা, উবাৰ আমাৰ অসমীয়াই চলাব লাগে ।”

লগতে পঢ়ক : Lok sabha polls 2024: বিজেপিয়ে দিয়ে এখন; অগপক লাগে কমেও চাৰিখন আসন

Last Updated :Nov 3, 2023, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.