ETV Bharat / state

Assam BJP conflict: এয়া দলৰ বিসম্বাদ নহয়: ভৱেশ কলিতা

author img

By

Published : May 28, 2023, 11:20 AM IST

বিজেপিৰ ভিতৰচ'ৰাত জ্বলিছে বিদ্ৰোহৰ জুই । জিলাই জিলাই আৰম্ভ হৈছে বিদ্ৰোহ (Conflict in State BJP)। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া ।

Assam BJP president react on Party conflict
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

গুৱাহাটী, ২৮ মে': ২০২৪ চনত অনুষ্ঠিতব্য় লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্য়েই ব্যাপক তৎপৰতা আৰম্ভ হৈছে ৰাজ্য়িক বিজেপিৰ ৷ পিছে ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে দলটোৰ কৰ্মীসকলৰ মাজৰ বিবাদ আৰু অসন্তুষ্টি ৷ বিগত সময়ত প্ৰকট হৈছে ন-পুৰণি বিজেপিৰ সংঘাত ৷ এই বিবাদ আৰু অসন্তুষ্টি লাহে-লাহে মুকলি হ'বলৈ ধৰিছে তৃণমূল কৰ্মীৰ সংঘাতৰ মাজেদি (Factional feud in Assam BJP) ৷ ইতিমধ্য়ে কেইবাখনো জিলাত এই বিদ্ৰোহে চূড়ান্ত ৰূপ লৈছে । ইয়াকে লৈ চৰ্চা হৈ থকাৰ মাজতেই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই সন্দৰ্ভত আগবঢ়াইছে মন্তব্য় (Assam BJP president react on Party conflict) ।

জিলাই জিলাই আৰম্ভ হৈছে এই বিদ্ৰোহৰ (Conflict in State BJP)। বঙাইগাঁও, নলবাৰী, হোজাই, যোৰহাটৰ পিছত শেহতীয়াকৈ গোৱালপাৰা জিলা বিজেপিতো আৰম্ভ হৈছে দলীয় কন্দল । বিভিন্ন জিলাত জিলা সভাপতি সকলক অপসৰণৰ দাবী উত্থাপন কৰিছে মণ্ডল সভাপতিসকলে । এই সম্পৰ্কত বিভিন্ন জিলাৰ মণ্ডল সভাপতিসকলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে । এই সম্পৰ্কে সভাপতি ভৱেশ কলিতাই কয় ,"এয়া দলৰ বিসম্বাদ নহয় । এয়া আমাৰ দলৰ ভিতৰচ'ৰাৰ কাম । কিছু ঠাইত দলৰ ভিতৰতে ইজন ব্যক্তিয়ে সিজনক বেয়া পায় । সেয়েহে ক'ৰবাত কোনোবাই অসন্তুষ্ট হ'ব পাৰে । আমাৰ দল অনুশাসন থকা দল । যিসকলে অনুশাসন নাজানে শিকি লওক ।"

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পুনৰ কয়," আমাৰ দলত থাকিলে দলৰ আদৰ্শ মানি চলিবই লাগিব । কোন নেতা হ'ব সেয়া ডাঙৰ কথা নহয় ,কিন্তু নেতাক আমি মানিব লাগিব (State BJP president Bhabesh Kalita)। জিলা সভাপতিসকল যিদিনালৈ পদত থাকে সিদিনালৈকে তেওঁক মানি চলিবই লাগিব । দলত বহুত মানুহ হৈছে, সকলো একে বিচাৰ ধাৰাৰ নহয় । দলীয় প্ৰশিক্ষণ হৈ থাকিলে এইবোৰ ঠিকে থাকিব ।" লগতে সভাপতি গৰাকীয়ে কয় যে ২০২৪ ৰ নিৰ্বাচনৰ পাছত সাংগাঠনিক নিৰ্বাচন হ'লে জিলা সভাপতি সলনি হ'ব । তেতিয়ালৈ এই সভাপতিসকল সলনি নহয় । কোনোবাই ক'লেই আমি জিলা সভাপতি সলনি নকৰো । এইবোৰ সৰু সৰু ঘটনা, আগতেও ঘটিছে আৰু ঘটিয়েই থাকিব । তেওঁ পুনৰ কয় যে এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ । সেয়েহে কিবা এটা পালে মিডিয়াই খৱৰ উলিয়ায় । লগতে যোৱা শুকুৰবাৰে যোৰহাটত তিনিজনক ইতিমধ্যে কাৰণ দৰ্শোৱা জাননী দিয়া হৈছে বুলিও সভাপতি গৰাকীয়ে কয় ।

লগতে পঢ়ক:Inaugurate Official Website: দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ৱেব ছাইট মুকলি জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.