ETV Bharat / state

Lok Sabha Election 2024 : আমাৰ বোৱাৰী, আমাৰ মাটি কাঢ়ি নিয়াসকলে বিজেপিক ভোট নিদিয়ে : ভৱেশ কলিতা

author img

By

Published : Jan 21, 2023, 5:18 PM IST

সংখ্যাগুৰু ভোটাৰে বিজেপিক ভোট দিবলৈ ৰৈ আছে ৷ খিলঞ্জীয়া মুছলমানসকলৰ ভোট বিজেপিৰ লগত আছে ৷ কিন্তু পূৰ্ববংগীয় মূলৰ মুছলমানে ভোট নিদিয়ে বিজেপিক ৷ এইদৰে মন্তব্য কৰি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে(Bhabesh Kalita) ক’লে- আমাৰ মাটি, আমাৰ বোৱাৰী কাঢ়ি নিয়াসকলে বিজেপিক ভোট নিদিয়ে ৷

BharatBhabesh Kalita on minority voters
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

গুৱাহাটী, 21 জানুৱাৰী : আগন্তক লোকসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে ৷ ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনক(Lok Sabha Election 2024) লৈ ভোটৰ অংক কৰিছে ৰাজ্যিক বিজেপি । বিজেপি দলক নিৰ্বাচনত জয় হোৱাৰ বাবে সংখ্যালঘু বিশেষকৈ মিঞা অৰ্থাৎ পমুৱা মুছলমানৰ ভোট এৰি চলিছে । গুৱাহাটীত শনিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক প্ৰকাৰৰ সংখ্যালঘুৰ ভোট নালাগে বুলি সদৰী কৰে ।

ভৱেশ কলিতাই কয়- ‘‘আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি জয় হোৱাৰ বাবে সংখ্যালঘুৰ ভোট আমাক নালাগে । সংখ্যালঘুৱে আমাক ভোটো নিদিয়ে’’ । লগতে তেওঁ কয়- ‘‘অৱশ্যে খিলঞ্জীয়া মুছলমানসকল আমাৰ লগত আছে । তেওঁলোকে আমাক ভোট দিব’’ । তেওঁ কয়- ‘‘সংখ্যাগুৰু ভোটাৰে আমাক ভোট দিয়াৰ বাবে ৰৈ আছে । যাৰ বাবে আমাক পমুৱা মুছলমানৰ ভোট নালাগে (Bhabesh Kalita on minority voters)। সংবাদমেলত তেওঁ কয় যে যোৱা ১৬ জানুৱাৰীত আৰু ১৭ জানুৱাৰীত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিবাহ কমিটীৰ বৈঠক অনুষ্ঠিত হয় ।

সকলো ৰাজ্যৰ সভাপতিসকল উপস্থিত আছিল ৷ সভাত আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় ৷ তিনিখন ৰাজ্য মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় ৷ অসমত আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ফেব্ৰুৱাৰীআৰু মাৰ্চত বুথ কমিটি গঠন কৰা, এপ্ৰিলত নতুন নতুন কমিটী কিছুমান গঠন কৰা‌ হ’ব ।

নিৰ্বাচনৰ বেছিভাগ প্ৰচাৰৰ কাম ৱাটচএপ আৰু ফেচবুকৰ জৰিয়তে কৰা‌ হ’ব ৷‌ আই টি চেলক শক্তিশালী কৰা হ'ব । অসমত বিজেপিৰ ৪৫ লাখ সদস্য আছে ৷ নিৰ্বাচনৰ বিষয়ে ৰাষ্ট্ৰীয় বৈঠকত আলোচনা কৰা হয় । আই টি চেলক অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ জি ২০ সন্মিলনত(G20 summit 2023 in Assam) বিজেপিৰ সদস্যসকলে সহায় কৰিব । সংখ্যালঘু সকলৰ মাজত নেটৱৰ্ক শক্তিশালী কৰাৰ চেষ্টা কৰা হৈছে ।

২৩ জানুৱাৰীত বিজেপি ৰাজ্যিক কমিটীৰ গুৱাহাটী সভা অনুষ্ঠিত হ'ব । আকৌ ২৪ জানুৱাৰীত বিজেপি ৰাজ্যিক কমিটীৰ দ্বিতীয়খন মৰিগাঁও হ’ব । বিজেপি আৰু মিত্ৰজোঁটকলৈ ১২ + মিছন লৈ লোকসভা নিৰ্বাচনৰ লক্ষ্যত অৱতীৰ্ণ হোৱা যাব ৷ আগন্তুক নিৰ্বাচনবোৰ তথ্য প্ৰযুক্তিৰে যুঁজ কৰা হ'ব ৷ ধুবুৰী লোকসভা বিজেপিয়ে দখল কৰিব । কংগ্ৰেছ শূন্য হ'ব বুলি ভৱেশ কলিতাই(Assam BJP President) কয় । সংবাদমেলত বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাও(MP Kamakhya Prasad Tasa) উপস্থিত থাকে ৷

লগতে পঢ়ক: Lok Sabha Election 2024 : দিছপুৰৰ মোহ এৰি দিল্লীলৈ যোৱাৰ মন কংগ্ৰেছৰ কেইবাজনো নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.