Lok Sabha Election 2024 : দিছপুৰৰ মোহ এৰি দিল্লীলৈ যোৱাৰ মন কংগ্ৰেছৰ কেইবাজনো নেতাৰ

author img

By

Published : Jan 21, 2023, 3:47 PM IST

Lok Sabha Election 2024

ৰাজ্যৰ ৰাজনীতিক লৈ সন্দিহান কংগ্ৰেছৰ বহু বিধায়ক আৰু জ্যেষ্ঠ নেতা ৷ ২০১৪ৰ লোকসভা নিৰ্বাচনত(Lok Sabha Election 2024) বিৰোধী দলপতিৰ পৰা কাৰ্যকৰী সভাপতিলৈ কেইবাজনো বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন বিধায়কে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলাটোৱে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে । বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, কার্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু কমলাক্ষ দে’ পুৰকায়স্থ, বিধায়ক বসন্ত দাস প্ৰমুখ্যে বহু কেইজন নেতাই লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে ।

গুৱাহাটী, ২১ জানুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ(Lok Sabha Election 2024) বাবে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰাৰ সময়তে কংগ্ৰেছৰ একাংশ নেতা দিছপুৰৰ বিপৰীতে দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰিছে । ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ(Assam Assembly election) এতিয়াও বহু সময় আছে ৷ কিন্তু ইয়াৰ পূৰ্বেই ৰণথলী এৰিবলৈ বিচাৰিছে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা আৰু বিধায়কে ।

দিছপুৰৰ মোহ এৰি দিল্লীলৈ যোৱাৰ ৰণকৌশলত অৱতীৰ্ণ হৈছে কংগ্ৰেছৰ বৰ্তমানৰ কেইবাজনো বিধায়ক আৰু নেতা ৷ বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিত কংগ্ৰেছে দিছপুৰ দখলৰ কোনো সম্ভাৱনা নেদেখি ৰাজ্যৰ ৰাজনীতি এৰিবলৈ বিচাৰিছে একাংশ কংগ্ৰেছ নেতাই ৷ ২০১৪ৰ লোক সভাৰ নিৰ্বাচনত বিৰোধী দলপতিৰ(Opposition leader Debabrat Saikia) পৰা কাৰ্যকৰী সভাপতিলৈ কেইবাজনো বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন বিধায়কে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলাটোৱে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে ৷

উপ-দলপতি ৰকিবুল হুছেইন, কার্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু কমলাক্ষ দে’ পুৰকায়স্থ, বিধায়ক বসন্ত দাস প্ৰমুখ্যে বহুকেইজন নেতাই লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে । লক্ষ্যণীয় বিষয়টো হ’ল যে, 2024ৰ লোকসভা নিৰ্বাচনৰ বাবে অসম কংগ্ৰেছৰ এখন 50 জনীয়া তালিকা চৰ্চালৈ আহিছে ৷

উক্ত তালিকাত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ নামো সন্নিৱিষ্ট কৰা হৈছে ৷ যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰক্ষেপ কৰা হৈছে বিৰোধী দলপতিগৰাকীক ৷ অৱশ্যে চৰ্চাৰ মাজতে 17 জানুৱাৰীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য কৰে যে দিল্লীলৈ যোৱাৰ বাবে তেওঁ সম্প্ৰতি প্ৰস্তুত নহয় ৷ বিধানসভা নিৰ্বাচনতহে অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰি তালিকাৰ পৰা নাম কৰ্তনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আহ্বান জনোৱা বুলিও জানিবলৈ দিয়ে বিৰোধী দলপতিগৰাকীয়ে ৷

কংগ্ৰেছে ২০২৬ত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত উন্নত ফল প্ৰদর্শন কৰিব নোৱাৰিব বুলি ভাবিয়েই হয়তো এইসকল কংগ্ৰেছী নেতা আৰু বিধায়কে বিচাৰিছে লোকসভাৰ টিকট । উল্লেখ্য যে যোৰহাট লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটৰ দাবীদাৰ হিচাবে দুই শক্তিশালী নেতা হ'ল দেৱব্ৰত শ‍ইকীয়া আৰু ৰাণা গোস্বামীৰ(Congress leader Rana Goswami) নাম চৰ্চালৈ আহিছে ৷ কংগ্ৰেছৰ দুৰ্দিনতো বিগত বিধানসভাৰ নিৰ্বাচনত নাজিৰাৰ পৰা পুনৰ বিধায়ক হোৱা দেৱব্ৰত শ‍ইকীয়াই লোকসভাত টিকট বিচৰাটোৱে স্বাভাৱিকতেই তাৎপর্য বহন কৰিছে ৷ অৱশ্যে বিগত নিৰ্বাচনত দেৱব্ৰত শ‍ইকীয়াই কাণে কাণ মাৰি জয়লাভ কৰিছিল । হয়তো ২০২৬ৰ যুঁজখন দেৱব্ৰত শ‍ইকীয়াৰ বাবে হ'ব পাৰে অধিক প্ৰত্যাহ্বানমূলক ৷

ইফালে বিগত সময়ত যোৰহাট সদৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল ৰাণা গোস্বামী ৷ যোৰহাট পুনৰুদ্ধাৰক লৈ হয়তো সন্দিহান প্ৰাক্তন বিধায়কজন ৷ সেয়েহে হয়তো প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিজনেও বিচাৰিছে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৷ ইফালে চামগুৰিৰ পৰা ধুবুৰীলৈ ৰাওনা হ’বলৈ সাজু হৈছে ৰকিবুল হুছেইন ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা অসমৰ ১৪ টা সমষ্টিৰ কংগ্ৰেছৰ ৫০ জনীয়া প্ৰাৰ্থী তালিকাই ইয়াৰ উমান দিছে ।

দেৱব্ৰত শ‍ইকীয়া, ৰকিবুল হুছেইনে কংগ্ৰেছৰ প্ৰার্থী পেনেল কেনেকৈ প্ৰস্তুত হ’ল তাক লৈ অজ্ঞতা প্ৰকাশ কৰিলেও তালিকাৰ সত্যতা নাকচ কৰিবলৈ সাহস কৰা নাই । সমষ্টি পুনৰ নিৰ্ধাৰণে(Constituency delimitation Assam) বিপদ ঘটাব পাৰে বুলি হয়তো ৰকিবুল হুছেইনৰ দৰে প্ৰভাৱশালী নেতাই ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'লে সেয়া আচৰিত হ'বলগীয়া একো নহ'ব ।

আনহাতে উত্তৰ কৰিমগঞ্জৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থৰ নাম শিলচৰ লোকসভা সমষ্টি আৰু মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসৰ নাম মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ পেনেলত অন্তর্ভুক্ত হৈছে । বিধানসভাৰ নিৰ্বাচনলৈ অধিক ৰাজনৈতিক সংকটৰ সম্মুখীন হোৱাৰ পূৰ্বে লোকসভাৰ নিৰ্বাচনত এইসকল কংগ্ৰেছী বিধায়ক তথা নেতাই প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে নে অন্য কোনো অন্তৰ্নিহিত কাৰণ আছে সেয়া একপ্ৰকাৰ ৰহস্য হৈ পৰিছে । অৱশ্যে সকলো কথা কিছুদিনৰ পাছতে স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক: TAYPA Demand Tribalization: প্ৰথমে জনজাতিকৰণ কৰক, তাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ, টাইপা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.