ETV Bharat / state

Assam BJP: বিজেপিৰ সেৱা পষেক; ২৯ ছেপ্টেম্বৰত গাঁৱত থাকিব প্ৰতিগৰাকী মন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:46 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলেক্ষ বিজেপিয়ে আয়োজন কৰিছে ‘সেৱা পষেক’ ৷ ২৯ ছেপ্টেম্বৰত মন্ত্ৰী আৰু বিজেপিৰ কৰ্মকৰ্তা সকলে গাঁৱে গাঁৱে গৈ ৰাইজৰ মনৰ উমান ল’ব ৷ বুথসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান ৷

Assam BJP
Assam BJP

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলেক্ষ বিজেপিৰ সেৱা পষেক

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ: বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি জয়ন্ত দাসৰ সংবাদমেল । সংবাদমেলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন লগত সংগতি ৰাখি পোন্ধৰ দিনীয়াকৈ পালন কৰা ‘সেৱা পষেক’ কাৰ্যসূচী সম্পৰ্কে ব্যাখ্যা ৷

সংবাদমেলত দাসে কয় যে ‘সেৱা পষেক’ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কৰ্মকৰ্তাই ৰাইজৰ মাজলৈ গৈ অভাৱ অভিযোগ লৈছে । দলৰ কিষান মৰ্চাৰ কৰ্মকৰ্তাসকলে সেৱা পষেকৰ অনুষ্ঠান হিচাপে ঘৰে ঘৰে গৈ আয়ুস্মান কাৰ্ড বনাই দিয়া হ'ব ব্যৱস্থা গ্ৰহণ কৰিছে ‌। অহা ২৯ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব গাঁও প্ৰৱাস । গাঁও প্ৰৱাসত মৰ্চাসমূহে ল’ব বিশেষ উদ্যোগ ।

তেওঁ আৰু কয় যে মন্ত্ৰীৰ পৰা কৰ্মকৰ্তালৈ সকলোৱে ২৯ তাৰিখৰ দিনটোত এদিনৰ বাবে গাঁৱত থাকি গাঁৱৰ ৰাইজৰ মনৰ উমান ল’ব । লগতে চৰকাৰৰ সা-সুবিধা, আঁচনিসমূহ লাভ কৰিছে নে নাই খবৰ ল’ব । ২ অক্টোবৰত হ’ব স্বচ্ছ ভাৰত অনুষ্ঠান । সকলো দলৰ কাৰ্যকৰ্তাৰ ফালৰ পৰা ৰাজহুৱা স্থান পৰিষ্কাৰ কৰা হ’ব । দীনদয়াল উপাধ্যায়ৰ জন্ম দিন পালন কৰা হ'ব ।

লগতে সংবাদমেলত বুথ সশক্তিকৰণ সন্দৰ্ভত মন্তব্য আগবঢ়াই দাসে কয় যে বুথ সশক্তিকৰণ ইতিমধ্যে আৰম্ভ হৈছে । ৩৯৯ জন বিষয়ববীয়াই মণ্ডলত প্ৰৱাস অনুষ্ঠিত কৰিব । এই প্ৰৱাসত তিনিটা বিষয়ত গুৰুত্ব প্ৰদান কৰিব । মণ্ডলৰ দায়িত্বত থকাসকল সক্ৰিয় হয় নে নহয় নিৰীক্ষণ কৰা হ’ব । প্ৰতিটো মণ্ডলৰ ১৬ জনীয়া সমিতি গঠন কৰা হ’ব । শক্তিকেন্দ্ৰ শক্তিশালীকৰণতো গুৰুত্ব প্ৰদান কৰা হ’ব । লগতে বুথ সমিতি শক্তিশালী হয় নে সেয়া নীৰিক্ষণ কৰা হ’ব ৷

প্ৰত্যেক বুথত WhatsApp গ্ৰুপ খুলি সকলো তদাৰক কৰা হ'ব । আনহাতে সংবাদমেলত এজেপি সভাপতি লুৰীণজ্যোতি গগৈ সন্দৰ্ভত সোধা এক প্ৰশ্ন উত্তৰত সভাপতি দাসে কয় যে বিজেপিয়ে সদায় বিৰোধী শক্তিশালী হোৱাটো বিচাৰে । গণতন্ত্ৰত সদায় বিৰোধী দলৰ ভূমিকা গুৰুত্বপূৰ্ণ । বিৰোধী শক্তিশালী হ’লে বিজেপিয়ে ভয় নাখায় । বিৰোধী শক্তিশালী হ’লে বিজেপিৰ ইঞ্জিন শক্তিশালী হ’ব ৷

জয়ন্ত দাসে আৰু কয় যে এতিয়া বিৰোধী শক্তিশালী হলেও, নিৰ্বাচনৰ সময়ত দুৰ্বল হয় । I.N.D.I.A. এতিয়া শক্তিশালী হ’লেও নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীয়ে বিচাৰি নাপাব ৷

লগতে পঢ়ক: Karam Puja as govt holiday : মুখ্যমন্ত্ৰী, শ্ৰম মন্ত্ৰীক ধন্যবাদ দিন আন্দোলন প্ৰত্যাহাৰ কৰা সিদ্ধান্ত আটছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.