ETV Bharat / state

Assam BJP Controversy: বিজেপিৰ মুখ্য কাৰ্যালয়ত সন্ধিয়া ৭ বজাৰ পিছত মহিলাৰ প্ৰৱেশক লৈ কোনো বাধা নাই; লক্ষ্য কোঁৱৰ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:31 PM IST

Assam BJP Controversy
Assam BJP Controversy

বিজেপিৰ মুখ্য কাৰ্যালয়ত নিশা 7 বজাৰ পাছত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ব্যাপক চৰ্চা চলিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে ৷ ইয়াক ৰাজনৈতিক অভিসন্ধি আখ্যা বিজেপিৰ ৷

বিজেপিৰ মুখ্য কাৰ্যালয়ত সন্ধিয়া ৭ বজাৰ পিছত মহিলাৰ প্ৰৱেশক লৈ কোনো বাধা নাই

গুৱাহাটী, ২৯ আগষ্ট: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতেই কঁপনিৰ সৃষ্টি হৈছে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত ৷ বিজেপিৰ মুখ্য কাৰ্যালয়ত মহিলা সুৰক্ষিত নহয় বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰাৰ মাজতে চৰ্চা চলিছে যে সন্ধিয়া 7 বজাৰ পৰা কোনো জৰুৰী কাম নাথাকিলে মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ ইয়াকে লৈ বিৰোধীয়েও সমালোচনা কৰিছে বিজেপিক ৷

এই সন্দৰ্ভত মুখ খুলিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৷ এই বাতৰিক ভুৱা আখ্যা ৰাজ্যিক বিজেপিৰ ৷ বুধবাৰে বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি মুখপাত্ৰ লক্ষ্য কোঁৱৰ আৰু জানকী খাউণ্ডে সকলো অভিযোগ খণ্ডন কৰি স্পষ্টীকৰণ প্ৰদান কৰে ৷

মুখপাত্ৰদ্বয়ে কয় যে এনে ধৰণৰ বাতৰিয়ে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শগত ভাৱমূৰ্তি বিনষ্ট কৰিছে ৷ এয়া এক ভিত্তিহীন বাতৰি । এই বাতৰি প্ৰচাৰে ৰাইজক বিভ্ৰান্ত কৰাৰ লগতে লাখ লাখ মহিলাৰ সন্মান লাঘৱ কৰিছে । এই বাতৰিক কেন্দ্ৰ কৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কৰা মন্তব্যক গৰিহণা দিয়ে বিজেপিয়ে ৷ লগতে মন্তব্য উঠাই ল’বলৈ দাবী ভাৰতীয় জনতা পাৰ্টীৰ ।

মুখপাত্ৰদ্বয়ে কয়, ‘‘কাঁচৰ ঘৰত বাস কৰি আনলৈ শিল দলিয়াব নাপায় ৷ সন্ধিয়া ৭ বজাৰ পিছত মহিলাৰ প্ৰৱেশক লৈ কোনো বাধা নাই । এই ধৰণৰ অপপ্ৰচাৰ চলাই মহিলাসকলক স্থবিৰ কৰিব বিচৰা হৈছে । এই বাতৰি এক ৰাজনৈতিক অভিসন্ধি । নিৰ্বাচনৰ বতৰত বিৰোধীৰ নেতৃত্বত কিছু বাতৰি সম্প্ৰচাৰিত হয়; কিন্তু সেই বাতৰিয়ে সুস্থ ৰাজনৈতিক পৰম্পৰা ৰাখিব লাগে । বিজেপি দলত সুস্থ পৰিৱেশত মহিলা সুৰক্ষিত ৷’’

লগতে পঢ়ক: Zubeen Garg controversy; ৰাইজৰ হৈ কাম কৰিবলৈ আমাক কোনো ব্যক্তি বিশেষৰ চাৰ্টিফিকেট নালাগে : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.