ETV Bharat / state

APDCL Proposed Power Tariff Hike : প্ৰতি ইউনিটত ১.৮০ টকাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ এপিডিচিএলৰ

author img

By

Published : Dec 30, 2022, 9:25 PM IST

APDCL Proposed Power Tariff Hike
APDCL Proposed Power Tariff Hike

বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱেৰে এপিডিচিএলৰ অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগলৈ আবেদন (APDCL proposed to electricity charges hike) । কিছুদিন পূৰ্বে প্ৰতি ইউনিটত ৩০ পইচাকৈ মাচুল বৃদ্ধি কৰা এপিডিচিএলে এইবাৰ একেকোবে প্ৰতি ইউনিটত ১.৮০ টকালৈ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । জানুৱাৰীৰ প্ৰথম সপ্তাহত শুনানি গ্ৰহণ কৰিব অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে ।

গুৱাহাটী, ৩০ ডিচেম্বৰ : ইংৰাজী নৱবৰ্ষত উপভোক্তাক বিদ্যুৎ মাচুল বৃদ্ধিৰ উপহাৰ দিবলৈ সাজু হৈছে এপিডিচিএল (APDCL proposed to electricity charges hike) । বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱেৰে এপিডিচিএলে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগত আবেদন কৰিছে (Assam State Electricity Regulatory Commission) ।

জানিব পৰা মতে, নিয়ম অনুসৰি এইক্ষেত্রত জানুৱাৰীৰ প্ৰথম সপ্তাহত বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ শুনানি ল'ব অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে । উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰতি ইউনিটত ৩০ পইচাকৈ মাচুল বৃদ্ধি কৰিছিল এপিডিচিএলে । এইবাৰ এপিডিচিএলে একেকোবে প্ৰতি ইউনিটত ১.৮০ টকালৈ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে (APDCL going to hike electricity charges) । এই প্ৰস্তাৱ গ্ৰহণৰ বাবে এপিডিচিএলে নিয়ামক আয়োগলৈ আবেদন জনাইছে ।

বিদ্যুৎ খণ্ডৰ লোকচানৰ বোজা বহন কৰিব নোৱাৰা বাবেই এপিডিচিএলে উপভোক্তাৰ ওপৰত বৰ্ধিত মাচুলৰ বোজা জাপি দিব বিচাৰিছে । উল্লেখ্য যে, এপিডিচিএলে বছৰি ৯০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে বুলি বিভাগীয় সূত্রত প্ৰকাশ । এই লোকচানৰ জোৰা মাৰিবলৈ এপিডিচিএলে বিদ্যুৎ মাচুল পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লক্ষণীয় বিষয় যে, প্ৰত্যেকবাৰেই লোকচানৰ দোহাই দি এপিডিচিএলে বিদ্যুৎ মাচুল বৃদ্ধি কৰি উপভোক্তাৰ ওপৰত মাধমাৰ শোধাই আহিছে ।

উল্লেখ্য, ৰাজ্যৰ প্ৰতিটো পৰিয়ালতে বিদ্যুতৰ নিয়মীয়া যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰখনে কাৰ্যত এইক্ষেত্রত সফল হ'ব পৰা নাই । চাহিদা অনুপাতে বিদ্যুৎ উৎপাদনত স্বাৱলম্বী হ'ব পৰা নাই অসম চৰকাৰ । যাৰ পৰিপ্ৰেক্ষিতত বাহিৰৰ উৎসৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে বিদ্যুৎ । এতিয়ালৈকে বাহিৰৰ পৰা ক্ৰয় কৰা কৰা বিদ্যুতেৰে প্ৰয়োজনীয় চাহিদা পূৰ কৰি অহা এপিডিচিএলে শেহতীয়াকৈ সৌৰশক্তি (solar energy) উৎপাদনেৰে বিদ্যুৎ উৎপাদনত স্বাৱলম্বী হোৱাৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ।

ইতিমধ্যে ৰাজ্যখনৰ চাৰিটা স্থানত ১০০ মেগাৱাট সামর্থ্যৰ চাৰিটা সৌৰ প্ৰকল্পৰ ৰূপায়ণ আৰম্ভ কৰাৰ পাছত নতুনকৈ ৩০০০ মেগাৱাট সামৰ্থৰ সৌৰশক্তি প্রকল্প স্থাপনৰ পৰিকল্পনা কৰিছে (solar energy plant) । এই ৩০০০ মেগাৱাট শক্তিৰ উৎপাদন আৰম্ভ কৰিব পাৰিলেই বিদ্যুৎ উৎপাদনত স্বাৱলম্বী হ’ব এপিডিচিএল । সম্প্ৰতি ৰাজ্যখনত সর্বোচ্চ চাহিদাৰ সময়ত ২৪৬০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয় । প্রয়োজনীয় এই বিদ্যুতৰ বিপৰীতে মাত্র ১০ শতাংশ বিদ্যুৎ এপিডিচিএলে নিজৰ উৎসৰ পৰা লাভ কৰে ।

অৰ্থাৎ ৯০ শতাংশ বিদ্যুতৰ বাবে এপিডিচিএলে অন্য উৎসৰ ওপৰত নিৰ্ভৰ কৰি আহিছে । যাৰ ফলত কোটি কোটি টকা আদায় দিব লাগে । কিন্তু সৌৰশক্তি প্রকল্পসমূহৰ ৰূপায়ণ সম্ভৱ হৈ উঠিলে বিদ্যুৎ উৎপাদনত এপিডিচিএল স্বাৱলম্বী হৈ উঠাই নহয়, উৎপাদিত বিদ্যুৎ বিক্ৰী কৰিবলৈও সক্ষম হ’ব । জানিব পৰা মতে, অসম চৰকাৰে ইতিমধ্যেই ‘মুখ্যমন্ত্ৰী সৌৰশক্তি প্রকল্প’ৰ (Chief Minister solar energy project) অধীনত ১০০০ মেগাৱাট সামৰ্থ্যৰ এক অভিলাষী সৌৰশক্তি প্রকল্প স্থাপনৰ কথা ঘোষণা কৰিছে ।

এই প্রকল্পৰ বাবে ৰাজ্য চৰকাৰৰ অধীনস্থ অব্যৱহৃত ভূমি বিনামূলীয়াকৈ উপলব্ধ হ'ব । কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক কার্য বিভাগে স্ক্রীনিং কমিটীৰ ১৩০ সংখ্যক বৈঠকত অসমত ১০০০ মেগাৱাট সৌৰশক্তি কেন্দ্ৰ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী সৌৰশক্তি প্ৰকল্পত জুলাই মাহতেই অনুমোদন জনায় । প্রকল্পসমূহ ৰূপায়ণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ৩২০০ কোটি টকা মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো অনুমোদন জনোৱা হৈছে । প্ৰকল্পকেইটাৰ বাবে শোণিতপুৰ, ধুবুৰী জিলাৰ বিলাসীপাৰা, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ছটা স্থানত ২১,১৬১ বিঘা ভূমি ইতিমধ্যে আহৰণ কৰা হৈছে ।

আনহাতে, ভাসমান সৌৰশক্তি প্রকল্প স্থাপনৰ বাবে অসম ফিচাৰী ডেভেলপমেণ্ট নিগমৰ পৰা ১২,২৬১ হেক্টৰ জলভূমি ব্যৱহাৰ কৰিবলৈ আপত্তিহীনতাৰ পত্ৰ প্ৰদান কৰা হৈছে । এই প্রকল্পসমূহ স্থাপনৰ বাবে এটা যৌথ উদ্যোগ গঠন কৰিবলৈ এপিডিচিএল আৰু এনএলচিআইএলৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হৈছে ।

সৌৰশক্তি প্রকল্পসমূহৰ ৰূপায়ণ সঠিক দিশত আগবাঢ়িলে জলবিদ্যুৎ প্রকল্প আৰু তাপবিদ্যুৎ প্রকল্পসমূহৰ প্ৰয়োজনীয়তা স্বাভাৱিকতে হ্রাস পাব । লগতে বিদ্যুতৰ যোগানো নিয়মীয়া হ'ব বুলি আশা কৰা হৈছে । কিন্তু বৰ্তমান সময়ত বিদ্যুৎ মাচুল সঘনাই বৃদ্ধি কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Hiraben Passes Away : মাতৃ বিয়োগৰ বেদনাৰ মাজতে বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.