ETV Bharat / state

কাগজ কলৰ নামত আৱণ্টিত ৪,১৪১ কোটি টকাৰ হিচাপ দিয়ক : প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Feb 22, 2022, 7:21 PM IST

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা । বৃহৎ ধনৰাশি আৱন্টন দিয়াৰ পিছতো ২০১৫ চনৰ ২০ অক্টোবৰৰ পৰা কাছাৰ কাগজ কল আৰু ২০১৭ চনৰ ১৩ মার্চৰ পৰা নগাঁও কাগজ কল বন্ধ হৈ পৰিল (APCC spokesperson Dilip K Sharma press meet on regarding paper mill) । বিজেপি চৰকাৰৰ দিনত ৬১ মাহে দৰমহা লাভৰ পৰা বঞ্চিত হোৱা কাগজ কলৰ ১০০ জন কর্মচাৰীয়ে বিনা চিকিৎস‍াই মৃত্যুক আকোঁৱালি ল'লে ।

APCC spokesperson Dilip k sharma
সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : দুর্নীতিৰ ক্ষেত্ৰত সততে শূন্য সহনশীলতাৰ কথা কোৱা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ আমোলত ৰাজ্যত হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডৰ অধীনত থকা নগাঁও আৰু কাছাৰ পেপাৰ মিলক কেন্দ্ৰ কৰি বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে (APCC spokesperson Dilip K Sharma press meet on paper mill) । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । মঙলবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই এই অভিযোগ উত্থাপন কৰে ।

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা

তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ বিভাগে সংসদত দাখিল কৰা তথ্য অনুসৰিয়ে কেন্দ্ৰীয় চৰকাৰে হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডক ২০১৪-১৫ বৰ্ষত ১,১৪১কোটি, ২০১৫-১৬ বৰ্ষত ১,০০০ কোটি, ২০১৬-১৭ বৰ্ষত ১,০০০ কোটি আৰু ২০১৭ -১৮ বৰ্ষত ১,০০০ কোটি টকাসহ মুঠ ৪,১৪১ কোটি টকাৰ পুঁজি আৱন্টন দিছিল । কিন্তু তাৰ পিছতো এই ধনৰাশি কাগজ কল দুটাই নাপোৱাৰ অভিযোগ উত্থাপিত হৈছে । অথচ এই বৃহৎ ধনৰাশি আৱন্টন দিয়াৰ পিছতো ২০১৫ চনৰ ২০ অক্টোবৰৰ পৰা কাছাৰ কাগজ কল আৰু ২০১৭ চনৰ ১৩ মার্চৰ পৰা নগাঁও কাগজ কল বন্ধ হৈ পৰিল ।

আনকি এই ধন ক'ত কেনেকৈ ব্যৱহাৰ কৰা হ'ল সেই সম্পৰ্কেও কোনো তথ্য কতো পাবলৈ নাই ।

এয়া এক বিয়াগোম কেলেংকাৰী বুলিয়ে কাগজ কলৰ কৰ্মচাৰী আৰু সংশ্লিষ্ট সকলো পক্ষই অভিযোগ কৰিছে । ইয়াৰ উচিত তদন্ত দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে । তেওঁ কয় যে, নিৰ্বাচনৰ সময়ত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কার্যক্ষম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ চৰকাৰে দুয়োটা মিল কার্যক্ষম কৰিব নোৱাৰিলে ।

লগতে পঢ়ক : হিজাব বিতৰ্ক, নিৰ্বাচনৰ কথাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিশেষ সাক্ষাৎকাৰ

দুয়োটা কাগজ কল বন্ধ হৈ থকাৰ অজুহাতত এতিয়া দুয়োটা কলৰ ভূমি আৰু সম্পত্তি পানীৰ দৰত কোনোবা বহিৰাগত বণিয়াক বিক্ৰী কৰাৰ যো-জা কৰিছে । নগাঁও কাগজ কলৰ প্ৰায় ৮০০ বিঘা আৰু কাছাৰ কাগজ কলৰ নামত প্ৰায় ৩,০০০ বিঘা ভূমি আছে । লগতে অতি উন্নত পর্যায়ৰ সা-সৰঞ্জাম । এই বিশাল পৰিমাণৰ ভূমি আৰু সা-সম্পত্তি অতি কম দামত বিক্ৰী কৰিবলৈ কর্তৃপক্ষ উঠিপৰি লাগিছে ।

ইয়াৰ বাবে যোৱা ১৫ ফেব্ৰুৱাৰীত নিলামৰ জাননী প্ৰকাশ কৰি এই মূল্য ধার্য কৰিছে মাত্ৰ ৪২৯ কোটি টকা । অথচ ২০২১ চনৰ মে' মাহত এই মূল্য নির্ধাৰণ কৰিছিল ১,১৩৯ কোটি টকা । এই বিশাল সম্পত্তি অতি পানীৰ দৰত বিক্ৰী কৰিবলৈ বিচৰাৰ প্ৰদেশ কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে ২০২১ চনৰ ২৮ ছেপ্তেম্বৰত কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে ৫৭০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল আৰু ২৯ ছেপ্তেম্বৰত কেবিনেটত অনুমোদন জনাই দুই মাহৰ ভিতৰত কৰ্মচাৰীসকলে লাভ কৰিব বুলিও ঘোষণা কৰিছিল । অথচ বিগত ৬১ মাহে দৰমহা লাভৰ পৰা বঞ্চিত হোৱা মিলৰ কৰ্মচাৰী সকলে ঘোষণাৰ পাঁচ মাহৰ পিছতো এই ধন লাভ নকৰিলে ।

প্ৰদেশ কংগ্ৰেছে এই ধনৰাশি শীঘ্ৰে আদায় দিবলৈ চৰকাৰক দাবী জনাইছে । তেওঁ কয় যে, সকলো সিদ্ধান্তকে ঐতিহাসিক আখ্যা দিয়া ৰাজ্যৰ বিজেপি চৰকাৰৰ দিনত কাগজ কলৰ ১০০ জন কৰ্মচাৰীয়ে বিনা চিকিৎসাই মৃত্যু আকোঁৱালি ল'বলগা হোৱাটো অতি দুর্ভাগ্যজনক । চৰকাৰখনৰ নিৰ্লিপ্ততা আৰু দায়িত্বহীনতাৰ বাবে ১০০ জন কর্মচাৰীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক : ক'ভিড ভেকচিনৰ পৰা এতিয়াও আঁতৰত ৰাজ্যৰ বহুসংখ্যক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.