ETV Bharat / state

Assam Cash for Job scam: বাজপেয়ী ভৱন এতিয়া চাকৰিৰ বজাৰ ভৱন; ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 4:31 PM IST

চাকৰি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ অসম কংগ্ৰেছ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ মুখ্যমন্ত্ৰীক প্ৰশ্ন ৷

Assam Cash for Job scam
Assam Cash for Job scam

চাকৰি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ অসম কংগ্ৰেছ

ডিব্ৰুগড়, 29 আগষ্ট: বিজেপি নেতা-কৰ্মীৰ ছত্ৰছায়াত চাকৰিৰ কেলেংকাৰী সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইতিমধ্যেই দলটোৰ বহু কেইজন আৰক্ষীৰ জালত পৰিছে ৷ চাকৰি দিয়াৰ নামত ধন লোৱা বিজেপি নেতাৰ তালিকা ক্ৰমে দীঘলীয়া হৈ আহিছে ৷

এই সন্দৰ্ভত সৰৱ হৈছে অসম প্ৰদেশ কংগ্ৰেছ ৷ বিজেপিৰ বিৰুদ্ধে চাকৰি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ডিব্ৰুগড়ত সংবাদমেল সম্বোধন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ চৰকাৰক তীব্ৰ সমালোচনা বৰাৰ ৷

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদমেলত কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তামোল এখন নোখোৱাকৈ আৰু টেবুলৰ পৰা এটা আলপিন পৰাৰ শব্দ নোহোৱাকৈ চাকৰি দিয়া হৈছে বুলি কৈছিল । কিন্তু এতিয়া বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰাই চাকৰিৰ বজাৰ চলিছে ৷ ৰাজ্যত আজিও কোন বিভাগত কিমান চাকৰি দিলে ৰাজহুৱা কৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।’’

তেওঁ অভিযোগ উত্থাপন কৰি আৰু কয় যে বাজপেয়ী ভৱন এতিয়া চাকৰিৰ বজাৰ ভৱনলৈ পৰিণত হৈছে ৷ বিজেপিৰ বাজপেয়ী ভৱনত হাট খোৱা লেচিজন কোন বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীক কংগ্ৰেছ সভাপতিগৰাকীৰ ৷

চাকৰিৰ বজাৰ চলোৱা কেৱল কেইজনমান নেতাক ধৰিছে; নাম ওলাই থকা ডাঙৰ বিজেপি নেতাক আটক কৰিবলৈ আৰক্ষীৰ সাহস আছে নে বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

উল্লেখ্য যে কেইবাজনো বিজেপি নেতাক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজত চাকৰিৰ নামত ধন লোৱাৰ ঘটনাত বহু জ্যেষ্ঠ বিজেপি নেতাৰ নাম পোহৰলৈ আহিছে ৷ এই চাকৰি দিয়াৰ নামত ৰাজ্যৰ বহু শ শ যুৱক-যুৱতীক শাসক দলৰ নেতাই ধন লৈ প্ৰৱঞ্চনা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Assam BJP in Controversy: সন্ধিয়াৰ পিছত মহিলাৰ প্ৰৱেশ নিষিদ্ধ হ’ব পঞ্চতাৰকা সদৃশ বিজেপি কাৰ্যালয়ত!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.