ETV Bharat / state

Assam BJP in Controversy: সন্ধিয়াৰ পিছত মহিলাৰ প্ৰৱেশ নিষিদ্ধ হ’ব পঞ্চতাৰকা সদৃশ বিজেপি কাৰ্যালয়ত!

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 3:27 PM IST

Updated : Aug 29, 2023, 3:56 PM IST

Assam BJP in Controversy
বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া

সন্ধিয়া 7 বজাৰ পিছত সঁচাকৈ মহিলাৰ প্ৰৱেশ নিষিদ্ধ নেকি বিজেপিৰ পঞ্চতাৰকা সদৃশ কাৰ্যালয়ত ? কংগ্ৰেছৰ ক্ষুৰধাৰ সমালোচনা বিজেপি দলক ৷ নাম উল্লেখ নকৰাকৈ সামাজিক মাধ্যমযোগে দলটোক আক্ৰমণ অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ৷

বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া

গুৱাহাটী, 29 আগষ্ট : সন্ধিয়া 7 বজাৰ পিছত বিজেপিৰ বশিষ্ঠৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত তলা লাগিব ৷ সন্ধিয়া 7 বজাৰ পিছত বিশেষকৈ মহিলাৰ প্ৰৱেশত কৰা হ’ব বাধা আৰোপ ৷ দুই-এদিনতে ওলাব আনুষ্ঠানিক জাননী ৷ সম্প্ৰতি ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে এই বিষয়টো ৷ ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা কাণ্ডৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে ৰাজ্যিক বিজেপিয়ে এই সিদ্ধান্ত লোৱা বুলি ব্যাপক চৰ্চা চলিছে ৰাজ্যৰ ৰাজনীতিত ৷ এই সন্দৰ্ভত বিজেপিক কটাক্ষ কৰিছে কংগ্ৰেছ বিধায়ক তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া আৰু মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে ৷

সঁচাকৈয়ে এটাৰ পিছত আন এটা আভ্যন্তৰীণ বিপৰ্যয়ে লগ নেৰা হৈছে নেকি অসম বিজেপিক ? ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা কাণ্ডই জোকাৰি যোৱা ৰাজ্যিক বিজেপি আকৌ চৰ্চালৈ আহিছে ৷ একাংশ দলীয় নেতা-কৰ্মীৰ অনুশাসনহীন আচৰণৰ বাবে সঁচাকৈয়ে সন্ধিয়া 7 বজাৰ পিছত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে নেকি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ?

তথ্য অনুসৰি, সোমবাৰে সন্ধিয়া বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছিল ৰাজ্যিক বিজেপিৰ প্ৰধান কমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । উক্ত বৈঠকতে সন্ধিয়া 7 বজাৰ পিছত কাৰ্যালয়ত কাৰ্যসূচী নাথাকিলে তলা মৰা আৰু বিশেষকৈ মহিলাৰ প্ৰৱেশত বাধা আৰোপৰ দৰে তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি চৰ্চা চলিছে ৷ অৱশ্যে এই সন্দৰ্ভত বিজেপিয়ে ক’ৰ কমিতিৰ বৈঠক প্ৰসংগত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷

বিজেপিৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই যদিও বিষয়টো লৈ সৰৱ হৈ পৰা দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দক ৷ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “পঞ্চতাৰকা হোটেলৰ নিচিনা তেওঁলোকে কিছুমান অফিচ বনাইছে ৷ বিজেপি আৰ এছ এছে জন্ম দিয়া দল ৷ আৰ এছ এছৰ লোকসকলে অতি নিয়মানুৱৰ্তিতাৰে জীৱন পালন কৰে বুলি মই শুনি আহিছো । ঋষি-মুনিৰ দৰে থকা বুলি শুনিছো ৷ কিন্তু অসমত বিজেপিয়ে বনোৱা অফিচটো 5 ষ্টাৰ হোটেলতকৈ কম নহয় ৷ মই গম পোৱা মতে ইয়াত এ চি ৰুম আছে, বিচনা আছে । গতিকে তাত হোটেলৰ দৰে কিবা চলে যদিও মই নাজানো ।”

বিৰোধীৰ দলপতিগৰাকীয়ে লগতে কয়, “মই ডাঙৰ কথা এটা শুনিছো যে কালি ক’ৰ কমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে সন্ধিয়া 7 বজাৰ পিছত মহিলাসকল বিজেপিৰ অফিচলৈ আহিব নালাগে ।" অৱশ্যে এইক্ষেত্ৰত বিজেপি দলেহে স্পষ্টীকৰণ দিব পাৰিব ৷ কিন্তু শাসকীয় দলৰ পঞ্চ তাৰকা হোটেল সদৃশ কাৰ্যালয়ত সন্ধিয়া 7 বজাৰ পিছত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আনহাতে, কাৰো নাম উল্লেখ নকৰাকৈ অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় সামাজিক মাধ্যমত আগবঢ়ায় চিন্তাউদ্ৰেক পোষ্ট, “যদি এই সিদ্ধান্ত লোৱাটো সঁচা তেন্তে বিজেপি কাৰ্যালয়ত অপকৰ্ম হোৱাটোও সঁচা । নহ’লে সন্ধ্যা 7 বজাৰ পাছত কাৰ্যালয়ত প্ৰৱেশত নিষেধাজ্ঞা কিয় ? ইয়াকে কয় “আ বেল মুঝে মাৰ “ । গোঁসাই ঘৰত কোন , মই কল খোৱা নাই ! ইয়াকে কয় Confidence ".

Assam BJP in Controversy
অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ পোষ্ট

লগতে পঢ়ক: Assam BJP internal clash: সভাপতিৰ সাৱধানবাণী; কোনো কাৰণতে সংবাদ মাধ্যমৰ আগত একো ক’ব নোৱাৰি বিজেপি কৰ্মীয়ে

Last Updated :Aug 29, 2023, 3:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.