ETV Bharat / state

Bhupen Bora: এইবাৰ আজমলৰ দুৰ্গ উৎখাট কৰিব কংগ্ৰেছে: ভূপেন বৰা

author img

By

Published : May 6, 2023, 9:12 PM IST

এইবাৰ আজমলৰ দুৰ্গ ৰূপে পৰিচিত যমুনামুখ বিধানসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টি দখলৰ টাৰ্গেট কংগ্ৰেছৰ (Congress to occupy AIUDF constituency)৷

APCC president Bhupen Bora commented on AIUDF
এইবাৰ আজমলৰ দুৰ্গ উৎখাট কৰিব কংগ্ৰেছে

আজমলৰ দুৰ্গ যমুনামুখত কি ক’লে ভূপেন বৰাই ?

গুৱাহাটী, ৬ মে’ : সাংসদ বদৰুদ্দিন আজমলৰ AIUDF দলৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ প্ৰদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ (Congress AIUDF clash) ৷ বিজেপিৰ বিৰুদ্ধে অসম লোকসভা নিৰ্বাচনত ১১ টা ৰাজনৈতিক দলৰ সন্মিলিত মঞ্চৰ পৰা AIUDFক আঁতৰাই ৰখাই নহয়, এইবাৰ আজমল বাহিনীক উৎখাত কৰাৰ হুংকাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ৷ তাৰ বাবে পৰিকল্পনাও হাতত লৈছে কংগ্ৰেছে (APCC president Bhupen Bora commented on AIUDF) ৷

আজমলৰ দুৰ্গ দখল কৰিব কংগ্ৰেছে ৷ যোৱা দুদিন ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি আন জ্যেষ্ঠ নেতাসকলৰ হুংকাৰ— কংগ্ৰেছে আজমলৰ দলক পৰাভূত কৰিব পৰাকৈ ৰণ কৌশল প্ৰস্তুত কৰিছে ৷ বিশেষকৈ আজমলৰ দুৰ্গ ৰূপে পৰিচিত যমুনামুখ বিধানসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টি দখলৰ টাৰ্গেট কংগ্ৰেছৰ (Congress to occupy AIUDF constituency)৷

শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বই সঘনাই ভ্ৰমণ কৰিছে যমুনামুখ আৰু ধুবুৰী সমষ্টি ৷ দলীয় সংগঠন শক্তিশালী কৰাৰ উদ্দেশ্যৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে ৷ মন কৰিবলগীয়া যে কংগ্ৰেছে নিবিচাৰিলেও এআইইউডিএফে আজিৰ তাৰিখতো কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰি আহিছে ৷ ৰাজনৈতিকভাৱে যেন এআইইউডিএফক পুলিয়ে-পুখাই উভলাৰ সংকল্প কংগ্ৰেছৰ ৷

মাত্ৰ এদিন পূৰ্বে যমুনামুখত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই AIUDF কেই নহয়, আজমলকো হুংকাৰ দিয়ে ৷ ভূপেন বৰাই কয় যে, “যমুনামুখ আজমলৰ দুৰ্গ বুলিয়েই কয় ৷ আমি কংগ্ৰেছেহে যমুনামুখ সুৰক্ষিত কৰি ৰাখিছিলো ৷ যুৱ প্ৰজন্মই আজমলৰ ব্যৱসায়িক কাৰচাজি বুজি পাইছে ৷ সেয়ে কংগ্ৰেছৰ প্ৰতি ধাৱমান হৈছে ৷ যমুনামুখত আজিও যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে যমুনামুখত আজমল হাৰিব ৷ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব বুলি সপোন দেখা প্ৰথমজন লোক হ’ল বদৰুদ্দিন আজমল (Bhupen Bora slams Badaruddin Ajmal) ৷’’

আনহাতে ধুবুৰী লোকসভা সমষ্টি সন্দৰ্ভত কংগ্ৰেছ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ৰকিবুল হুছেইনে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে, “আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি নিদিয়াকৈ আছো ৷ ধুবুৰীত আজমলক হৰুৱাব খুজিছো। আজমল হাৰিলেই AIUDF নাইকীয়া হ’ব। এইবাৰ ধুবুৰীত আজমলক কংগ্ৰেছৰ সন্মিলিত ঐক্যমঞ্চই হৰুৱাবৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে ৷”

কংগ্ৰেছৰ তথ্যমতে যমুনামুখত নতুন মুখক নিৰ্বাচন খেলাবৰ বাবে সাজু কৰি তুলিবলৈ নেতৃত্বই তৃণমূলত দলীয় গাঁথনি বৃদ্ধিত গুৰুত্ব দিছে ৷ আনহাতে লোকসভাত ধুবুৰীত আজমলৰ ভেটি উচন কৰিবলৈ কংগ্ৰেছৰ দলীয় ৰাজনৈতিক শত্ৰুও একলগ হৈছে ৷ মন কৰিবলগীয়া যে, সম্প্ৰতি ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত এনে এক পৰিৱেশ সৃষ্টি হৈছে যে আচলতে বিজেপিৰ নাইবা কংগ্ৰেছৰ শত্ৰু-মিত্ৰ কোন ? কাৰণ কংগ্ৰেছ তথা আন বিৰোধীৰ হিচাব-নিকাচত ৰাজনৈতিকভাৱে এ আই ইউ ডি এফ বিজেপিৰ বি টিম ৷

আনহাতে এ আই ইউ ডি এফৰ অভিযোগ অনুসৰি, গণভিত্তি নথকা, ভোট শ্বেয়াৰ নথকা ৰাজনৈতিক দলক লগত লৈ মিত্ৰতাৰ পৰা এ আই ইউ ডি এফক আঁতৰাই বিজেপিকহে সহায় কৰিব খুজিছে কংগ্ৰেছে ৷

আনফালে বিজেপিৰ সঘন অভিযোগ কংগ্ৰেছ-এ আই ইউ ডি এফ ভাই ভাই ৷ এয়া যেন অসমৰ ৰাজনীতিত এক শেষ নোহোৱা ধুঁৱলী-কুঁৱলী সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশ ৷ লোকসভা নিৰ্বাচনৰ আগে আগেহে আঁতৰিব এই ধুঁৱলী-কুঁৱলী ৰাজনৈতিক পৰ্দা (BJP reacts on congress aiudf clash) ৷

লগতে পঢ়ক: Himanta Dig at Congress : কৰ্ণাটক এক পিএফআই উপত্যকাত পৰিণত হ'ব; হিমহন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.