ETV Bharat / bharat

Himanta Dig at Congress : কৰ্ণাটক এক পিএফআই উপত্যকাত পৰিণত হ'ব; হিমহন্ত বিশ্ব শৰ্মা

author img

By

Published : May 6, 2023, 7:20 PM IST

Himanta Biswa Sarmas Dig at Congress
Himanta Biswa Sarmas Dig at Congress

কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শনিবাৰে হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ শাসনলৈ আহিলে কৰ্ণাটক পিএফআই উপত্যকালৈ পৰিণত হ'ব (Himanta Biswa Sarmas dig at Congress in Karnataka) ।

নিউজ ডেস্ক, ৬ মে' : আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য (Karnataka Assembly Election 2023) । কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিদ্বন্দ্বী দলসমূহৰ মাজত ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ চলি আছে তীব্ৰ বাকযুদ্ধ । তাৰ মাজতে নিজৰ বাকচাতুৰ্যতাৰে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰবাৰ কংগ্ৰেছক কটাক্ষ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma in Karnataka poll campaign) ।

এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ভোটাৰ ৰাইজে নাকচ কৰিব কংগ্ৰেছ দলক । কংগ্ৰেছে ৰাজ্যখনৰ নিৰ্বাচনত মুখথেকেচা খাব বুলি কৈ ইয়াৰ কাৰণো উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarmas dig at Congress in Karnataka) ।

"ডি কে শিৱকুমাৰ হৈছে টিপু চুলতানৰ পৰিয়ালৰ সদস্য । মোগলে অসমক ১৭ বাৰ আক্ৰমণ কৰিছিল । কিন্তু আমি অপৰাজেয় হৈ আছিলোঁ । কোডাগুৰ জনসাধাৰণে টিপু চুলতানক ২০ বাৰ পৰাস্ত কৰিছিল আৰু তাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল । সিদ্দাৰামাইয়াই কৈছে যে তেওঁ টিপু চুলতান জয়ন্তী উদযাপন কৰিব বিচাৰে । পাকিস্তান বা বাংলাদেশলৈ গৈ তেওঁৰ জয়ন্তী উদযাপন কৰক । ভাৰতত এইটো কৰাৰ আপোনাৰ কোনো অধিকাৰ নাই । যদি কংগ্ৰেছে পুনৰ ক্ষমতা লাভ কৰে, কৰ্ণাটক এক পিএফআই উপত্যকাত পৰিণত হ'ব । গতিকে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক ভোট দিয়ক ।" নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হৈ প্ৰচাৰ চলাই থকাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় ।

উল্লেখ্য যে ক্ৰমাৎ আকৰ্ষণীয় পৰ্যায়লৈ গতি কৰিছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । বিশেষকৈ বিজেপি-কংগ্ৰেছৰ কৰ্ণাটকৰ মচনদ দখলৰ যুঁজখনত এতিয়া ৰাজ্যখনৰ নিৰ্বাচনী বতাহ উত্তপ্ত হৈ পৰিছে । তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ছিলিকন চিটী বাংগালুৰুত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে (PM Modi road show in Bengaluru) । বিজেপি কৰ্মীসকলে মোডীক উষ্ম আদৰণি জনায় । আনহাতে, শেহতীয়াভাৱে কংগ্ৰেছে কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যখনত শাসনলৈ আহিলে পিএফআইৰ লগতে বজৰং দলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । এই প্ৰসংগতে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ।

লগতে পঢ়ক :PM Modi Road Show in Bengaluru : প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ত বজৰংগীময় হৈ পৰিল বেংগালুৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.